পৃষ্ঠা:বহল ব্যাকৰণ.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
বহল ব্যাকৰণ

স্বৰসন্ধি।

 ৬। স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ যি সন্ধি হয়, তাক স্বৰসন্ধি বোলে।

 ৭। এবিধ সবৰ্ণৰ এটা বৰ্ণ আগত আৰু এটা বৰ্ণ পাচত থাকিলে, দুয়ো মিলি দীৰ্ঘ হয়। আৰু সেই দীৰ্ঘ বৰ্ণ আগৰ আখৰত যোগ হয়। যেনে,—

 অ সবৰ্ণৰ সন্ধি :— (অ+অ) মৃগ+অঙ্ক= মৃগাঙ্ক, বদ্ধ+অঞ্জলি= বদ্ধাঞ্জলি, দীপ+অন্বিতা= দীপান্বিতা, বস্ত্ৰ+অলঙ্কাৰ= বস্ত্ৰালঙ্কাৰ, হিম+অচল= হিমাচল, নীল+অচল= নীলাচল, গৌৰ+অঙ্গ= গৌৰাঙ্গ, দেব+অসুৰ= দেবাসুৰ, মুৰ+অৰি= মুৰাৰি, চৰ+অচৰ= চৰাচৰ, ভষ্ম+অচল= ভষ্মাচল, চিত্ৰ+অচল= চিত্ৰাচল।

 আৰু (অ+আ) কুশ+আসন= কুশাসন, হিম+আলয়= হিমালয়, দেব+আলয়= দেবালয়, দীপ+আৱলী= দীপাবলী, দশ+আনন= দশানন, ভয়+আতুৰ= ভয়াতুৰ, শোক+আকুল= শোকাকুল, লোক+আলয়= লোকালয়, মেঘ+আচ্ছন্ন= মেঘাচ্ছন্ন, চন্দ্ৰ+আলোক= চন্দ্ৰালোক, ছত্ৰ+আকাৰ= ছত্ৰাকাৰ।

 আৰু (আ+অ) মহা+অৰ্ঘ= মহাৰ্ঘ, মহা+অৰ্ণৱ= মহাৰ্ণব, বিদ্যা+অলঙ্কাৰ= বিদ্যালঙ্কাৰ, আশা+অতীত= আশাতীত, সীমা+অন্ত= সীমান্ত, আশা+অনুৰূপ= আশানুৰূপ।