হয়। সেই দৰে, মাত্ৰাদেশ নুবুলি মাতৃৰ আদেশ, পৃথিবীশ্বৰ নুবুলি পৃথিবীৰ ঈশ্বৰ বুলিলে ভাষা ললিত হয়, আৰু জতুৱা ঠাচত উঠে।
ব্যঞ্জন সন্ধি এই সম্বন্ধে দুবিধ। এবিধ সন্ধি ভাঙ্গি লিখিব পাৰি, এবিধ নোৱাৰি। যি বিধৰ সন্ধি ভাঙ্গিলে, দুয়োটা শব্দৰ অৰ্থ থাকে, তাক সন্ধিৰ বিশেষ প্ৰয়োজন নাথাকিলে ভাঙ্গি লিখা উচিত। যেনে, সচ্চৰিত্ৰ, এই সন্ধিটোত যি দুটা শব্দ আছে, সিহঁতৰ প্ৰত্যেকৰে একোটা সুকীয়া অৰ্থ আছে, আৰু শব্দ দুটা সেই সুকীয়া অৰ্থত বেলেগে ব্যৱহাৰ কৰাও যায়। এতেকে এই সন্ধিটো ভাঙ্গি সৎ চৰিত্ৰ বা সজ চৰিত্ৰ লিখিলে সুললিত অসমীয়া হয়।
কোনোবিলাক ব্যঞ্জন সন্ধি ভাঙ্গিব নোৱাৰি, ভাঙ্গিলে শব্দটোৰ আচল অৰ্থ নাথাকে। যেনে, বাগীশ সন্ধি ভাঙ্গি বাক্যৰ ঈশ, বা বাক্যৰ ঈশ্বৰ বুলি লিখিলে শব্দটোৰ অৰ্থ নাথাকে। এতেকে, এনেবিলাক সন্ধি ভাঙ্গি লিখ৷ উচিত নহয়।
উপসৰ্গেৰে সৈতে পদৰ যি সন্ধি হয়, আৰু প্ৰত্যয়েৰে সৈতে প্ৰকৃতিৰ যি সন্ধি হয়, তাকো ভাঙ্গিব নোৱাৰি। অনুস্বাৰ আৰু বিসৰ্গ সন্ধিও প্ৰায় ভঙ্গা নাযায়।
কিছুমান সংস্কৃত সন্ধি অসমীয়া ভাষাত সোমাই গুটীয়া শব্দ যেন হৈ পৰিছে। সিহঁতৰো সন্ধি ভাঙ্গিব নোৱাৰি। যেনে, পৰমেশ্বৰ, জগদীশ্বৰ, কথমপি, যদ্যপি, তদপি, তথাপি, তদুপৰি, ইত্যাদি, ফলোদয়, জলাঞ্জলি, আশীৰ্ব্বাদ, মনোহৰ, দুষ্কৰ, পঞ্চামৃত, পাদোদক, জগন্নাথ।
⸻