পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পাতনি


জাগি উঠে। তাত বাজেও বিশেষ বিশেষ কামনা সিদ্ধি কৰা অসংখ্য দেৱতাৰ উল্লেখ পুৰাণ, তন্ত্ৰ আদি শাস্ত্ৰত আছে। আৰু সেইবোৰৰ প্ৰতি মানুহৰ সহজেই ঢাল খোৱা স্বাভাৱিক। মূল সত্যৰ উপলব্ধি অনাবিল ৰাখিবৰ বাবে মহাপুৰুষে নিষ্কাম বা নিষ্পৃহ ভক্তিৰ প্ৰৱৰ্তন কৰে। নিষ্কামভাৱে ঈশ্বৰক ভাবিব পাৰিলে সকলো কামনাৰ সিদ্ধি হয়। কেৱল সমুদ্ৰৰ প্ৰতি প্ৰবল বেগে বৈ গ’লেও বাৰিষাৰ ঢল নামিলে নৈয়ে ওচৰত থকা খাল-পুখুৰী আদি সকলোকে ভৰপূৰ কৰে।

 এক ঈশ্বৰৰ প্ৰতি প্ৰবল বেগে মন ধাৱিত হৈ থাকিলে ভাবৰ প্ৰাচুৰ্যই সৰু-সুৰা কামনাৰ খাল বিল পূৰ নকৰিব কিয়? কৰ্মৰ বিভিষিকা নিবাৰণ মহাপুৰুষৰ আন এটি শ্ৰেষ্ঠ দান। ব্যয় সঙ্কুল বিশেষ বিশেষ অনুষ্ঠান কৰিব নোৱাৰিলে আধ্যাত্মিক পথত আগ বাঢ়িব নোৱাৰি, ধৰ্মৰ কোনো অঙ্গই সিদ্ধ নহয়—এই ভাৱে সমাজত এনেভাৱে শিপা মেলি থাকে যে, “ধনেই ধৰ্মৰ মূল” এনে কথাও লৌকিক প্ৰৱচনৰ ভিতৰত পৰিছে। ধন নহ’লে যাগ-যজ্ঞ, পূজা- অৰ্চ্চনা, তীৰ্থ যাত্ৰা আদি অনুষ্ঠান কৰিব নোৱাৰি, আৰু সেইবোৰ কৰিব নোৱাৰিলে ঈশ্বৰ চিন্তা সম্ভৱনে? বিশুদ্ধ – ভাবে কৰিব পাৰিলে কৰ্ম-অনুষ্ঠান আধ্যাত্মিক চিন্তাৰ পৰিপোষক হ’ব পাৰে; কিন্তু সেইবোৰৰপৰা ঈশ্বৰ চিন্তাৰ প্ৰধান প্ৰেৰণা আহিব নোৱাৰে। সেইবোৰ ঈশ্বৰ-চিন্তাৰ লীলা-ভূমি নহয়। ঈশ্বৰ-চিন্তাৰ প্ৰধান ক্ষেত্ৰ বিশুদ্ধ হৃদয়, বিশুদ্ধ মন। সৎ ভাৱ আৰু সৎ চিন্তাৰ দ্বাৰা হিয়া আৰু মন যিমানেই নিকা হয় তিমানেই ঈশ্বৰ-উপলব্ধিৰ বিষয়ত ইয়াৰ শক্তি উৰ্বৰা হয় আৰু হিয়া-মন চিকুণাবলৈ কোনো ব্যয় বা কষ্ট নালাগে। “মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ। এতেকে মুকুতি পাইবা কহিলো স্বৰূপ॥” —ঈশ্বৰ-চিন্তাৰ পথত স্বকৰ্ম আৰু অনুষ্ঠানে মানুহৰ মনত কু-সপোনৰ দৰে যি বিভীষিকাৰ ছাঁ বিস্তাৰ কৰি আছিল, সেইটো আঁতৰাই মানুহৰ হিয়াক মেঘ-মুক্ত আকাশৰ দৰে নিৰ্মল কৰিবৰ উদগনি মহাপুৰুষে দি যায়। বাহ্যিক অনুষ্ঠানৰ ঠাইত বিশুদ্ধ