পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পাতনি


আৰু আনফালে শুনোতাক আনন্দ দান—এয়েই পুৰণি সাহিত্যৰ দ্ব্যাত্মক আদৰ্শ আৰু প্ৰেৰণা।

 এই প্ৰেৰণাৰ বশবৰ্তী হৈ কবিসকলে গীত, নাট, কাব্য, উপন্যাস আদি লৌকিক সাহিত্যৰ প্ৰধান অঙ্গবোৰৰ সহায়েৰে জন-সমাজত শিক্ষা আৰু আনন্দ বিলাইছিল। চাণক্য শ্লোক, ডাকৰ বচন আদিৰ নিচিনা নৈতিক উপদেশপূৰ্ণ পুথিয়ে মানুহৰ মন আকৰ্ষণ কৰিব নোৱাৰে। সাহিত্যৰ শিক্ষাৰ প্ৰণালীয়েই সুকীয়া। সুখ-দুখ, আশা- নৈৰাশ্য আদিৰ চিত্ৰেৰে মনক কোমলাই সজ সাহিত্যই প্ৰথমে মনক ভাব গ্ৰহণোন্মুখী কৰি তোলে। গীতা এখন দুৰ্বোধ্য দৰ্শন- শাস্ত্ৰ হ’লেও সকলো শ্ৰেণীৰ মানুহৰ ভিতৰতে ই ইমান হোৱাৰ এটি প্ৰধান কাৰণ হৈছে ইয়াৰ অন্তৰ্গত আদৰণীয় ৰমণীয় কাব্য-চিত্ৰ। শত্ৰুৱে কাঢ়ি লোৱা নিজ ৰাজ্য উদ্ধাৰৰ বাবে দৃঢ়ব্ৰতী অৰ্জুনৰো ৰণক্ষেত্ৰত কৌৰৱৰ বিপুল মৰণোন্মুখ সেনানী দেখি মন ভাগিল। অৰ্জুনৰ মনত গভীৰ বিষাদ নামিল। এপিনে ৰাজ্যৰ আকাঙ্খা, আনপিনে পাৰ্থিৱ আকাঙ্খাৰ তাড়নাত আত্মীয়স্বজন বধ! ইমানবোৰ নিৰপৰাধ প্ৰাণী হত্যাৰ আগত ক্ষুদ্ৰ ৰাজ্য কামনাৰ ঠাই ক’ত?

 অৰ্জুনৰ মনত যি দুৰ্বলতাৰ আৱেশ হৈছিল তেওঁৰ অৱস্থাত সকলো সহৃদয় সেনাপতিৰ মনতেই তেনে ভাবৰ উদয় হ'ব পাৰে। পুৰণি ৰোম ৰাজ্যৰ সেনাপতি ক’ৰিওলেনাছ (Coriolanus) অৰ্জুনৰ সমান অৱস্থাতেই বিমোৰত পৰি আত্মঘাতী হয়।

 দোধোৰ-মোৰত পৰি অৰ্জুনৰ মনত যি বৈৰাগ্য, সেই বৈৰাগ্যৰ চিত্ৰ আগত দাঙি নধৰি গীতাৰ কবিয়ে যদি নিৰলে সুথিল অৱস্থাত শ্ৰীকৃষ্ণই অৰ্জুনৰ আগত গীতা-তত্ত্ব ব্যাখ্যা কৰা বুলি ক’লেহেঁতেন, তেনেহ'লে গীতা শাস্ত্ৰৰ সৌন্দৰ্য বহুত পৰিমাণে কমিলহেঁতেন। সাহিত্যৰ সুকীয়া শিক্ষা-প্ৰণালী পুৰণি কবিসকলে ভালকৈ উপলব্ধি কৰিছিল, আৰু আমাৰ পুৰণি গীত, নাট, কাব্য আদি এই উপলব্ধিৰেই ফল।

 ভাষা আৰু সংস্কৃতিৰ ফালৰপৰাও পুৰণি সাহিত্যৰ কৃতকৃত্যতা