পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পুৰণি অসমীয়া সাহিত্য


আওহেলা কৰিবলগীয়া নহয়। পুৰণি সাহিত্য আমাৰ অসমীয়া জাতীয় জীৱনৰ এটি সঙ্কটময় সন্ধি-ক্ষণত ৰচিত হয়। পুৰণি কামৰূপ ৰাজ্য তেতিয়া নানান দেশী বিদেশী সৈন্য-সামন্তৰ দ্বাৰা আক্ৰান্ত হৈ জুৰুলা হয়। পূৱে নৱাগত আহোমসকলে, পশ্চিমে কোচ ৰজাসকলে আৰু মাজে মাজে বিক্ৰমী মোগল সেনাবাহিনীয়ে সোমাই কামৰূপ ৰাজ্য বহুধা বিভক্ত কৰি জাতীয় জীৱন সমূলে উৎপাটন কৰিবৰ সূত্ৰপাত কৰে। জাতীয় জীৱনৰ এই ছিন-ভিন হ'বলগীয়া অৱস্থাত বৈষ্ণৱ সাহিত্যই নতুন প্ৰাণৰ সঞ্চাৰ কৰি সৰ্বভাৰতীয়, মহাজাতীয় চৈতন্যৰ লগত ইয়াৰ ঐক্য-ভাৱ স্থাপন কৰে। দেশী বিদেশী সৈন্যৰ জয়-পৰাজয়ৰ প্ৰলয়কাৰী ৰণ-হুঙ্কাৰৰ মাজতো অসমীয়া জাতীয় জীৱনে নৱ-প্ৰতিষ্ঠিত বৈষ্ণৱ সত্ৰবোৰক কেন্দ্ৰ কৰি “নিৱাত-নিষ্কম্প ইৱ প্ৰদীপঃ”—বতাহ নলগা, নকঁপা চাকিটিৰ দৰে জ্বলি থাকিল।

 অসমত অসংখ্য ভাষা-ভাষী মানুহৰ সমাৱেশ। চাৰিওফালে বেঢ়ি থকা পৰ্বতীয়া ভাষাবোৰৰ ভিতৰত অসমীয়া ভাষা এটি সৰু দ্বীপৰ দৰে। ইমানবোৰ ভাষা-ভাষীৰ ঠেলা-হেঁচাত হয় অসমীয়া ভাষা বুৰ গ’লহেঁতেন, নহয় ই বিকৃতাকাৰ হ’লহেঁতেন বৈষ্ণৱ কবিসকলে অসমীয়া ভাষাক আশ্ৰয় কৰি সাৰ্বজনীন শিক্ষা দিয়াৰ ব্যৱস্থা কৰাত অসমীয়া ভাষা জাতীয় ভাষাৰূপে পৰিগণিত হ’ল; আৰু পৰ্বতীয়া ভাষাৰ শব্দ চোৰাংকৈ ইয়াত সোমালেও কোনো আদিম ভাষাই ইয়াৰ মৌলিক ৰূপৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাই।