পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পুৰণি অসমীয়া সাহিত্য


(খ)

বৈষ্ণৱ কবিৰ লক্ষ্য আৰু সাধনা

 এই আধ্যাত্মিক সাম্যভাবৰ গুণ-কীৰ্তনত পুৰণি কবিসকল প্ৰগলভ হৈ উঠিছিল—

বৰ্ণাশ্ৰম-ধৰ্ম যত  যাৰ যেন বিধি আছে
 তাৰেসে কেৱল অধিকাৰ।
হৰি-নাম কীৰ্তনত  নাহিকে নিয়ম একো
 এতেকেসে ধৰ্মমধ্যে সাৰ॥

*    *   *

পৰম নিৰ্মল ধৰ্ম  হৰি-নাম কীৰ্তনত
 সমস্ত প্ৰাণীৰ অধিকাৰ। ( মাধৱদেৱ )

*    *   *

কলিযুগ মধ্যে  বৈষ্ণৱেসে বিষ্ণু
 কহিলো সন্ত কাহিনী। (অনন্ত কন্দলি)

 সকলোৰে সমান অধিকাৰ থকা এই নৱ-ভক্তি-ধৰ্মৰ সাধন- প্ৰণালীও অতি সৰল—

হৰি-নাম কীৰ্তনত  নাহি কাল দেশ পাত্ৰ
 নিয়ম সংযম একো বিধি।
হৰিত শৰণ লৈয়া  কেৱল হৰিৰ নাম
 কীৰ্তন কৰন্তে হোৱে সিদ্ধি॥ (মাধৱদেৱ)

 এই নতুন ধৰ্ম, নতুন সাধন-প্ৰণালী লিখা-পঢ়া জনা পণ্ডিত- মহলতে আৱদ্ধ নাৰাখি সমাজৰ সকলো শ্ৰেণীৰ মানুহৰ মাজত প্ৰচাৰ কৰাটোকেই পুৰণি কবিসকলে মহাব্ৰত বুলি ধৰি লৈছিল—

শ্লোক সংস্কৃত আমি  লিখিবাক ভাল জানি
 তথাপি কৰিলো পদবন্ধ।
স্ত্ৰী শূদ্ৰ আদি যত   জানোক পৰম তত্ত্ব
 শ্ৰৱণত মিলয় আনন্দ॥ (অনন্ত কন্দলি)

 এফালে একান্ত ভক্তি আৰু সাম্যভাবৰ “পৰম তত্ত্ব” প্ৰচাৰ