পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাতনি

( ক )

শঙ্কৰদেৱৰ আধ্যাত্মিক দান

 কোনো ভাবশীল জাতি অইন অইন জাতিৰ সংস্পৰ্শ লৈ আহিলে সেইবোৰৰ লগত ভাবৰ আদান-প্ৰদান নকৰাকৈ থাকিব নোৱাৰে। আৰু আনৰ সংস্পৰ্শলৈ নাহিলেও ভাবৰ স্বয়ম্ভূ গতিৰ দ্বাৰাই সেই জাতি সদায় একে আদৰ্শকেই আধ্যাত্মিক সত্যৰ চৰম বিকাশ বুলি সাবটি ধৰি নতুন নতুন ভাবে সত্যৰ অনুসন্ধান নকৰাকৈ নাথাকে। বেলেগ বেলেগ জাতিৰ বুৰঞ্জীত এইবোৰৰ বহু উদাহৰণ পোৱা যায়। য়িহুদীসকলে পেলেষ্টাইনত সোমাই যেতিয়া আন আন জাতিৰ সংস্কাৰৰ সংঘৰ্ষণত পৰে, তেওঁলোকে নিজৰ কৌলিক দেৱতা জেহোভাত বাজেও আন আন জাতিৰ দেৱতা আৰু উপদেৱতা সকললৈ যজ্ঞ আৰু পূজাৰ ভাগ আগ বঢ়াইছিল। আমাৰ ভাৰতীয় আৰ্যসকলৰ ধৰ্মৰ ইতিহাসতো এনেকুৱা কিছুমান ভাবৰ বিপৰ্যয় ভালেমান সময়ত ঘটিছিল বুলি পণ্ডিতসকলে কয়।

 বেদ, উপনিষদ, পুৰাণ, হিন্দু, বৌদ্ধ, জৈন আদিৰ ভাবৰ সংমিশ্ৰণৰ ফলত যেতিয়া মধ্যযুগত নানান দেৱতা, নানান কৰ্ম- পদ্ধতি, নানান ধৰ্ম-আচাৰ প্ৰৱৰ্ত্তিত হৈ সামাজিক চিত্তৰ বিপক্ষে আৰম্ভ কৰে, তেতিয়া সদাশয় মহাপুৰুষসকলৰ মনত স্বভাৱতেই “কিং কৰ্ম্ম কিমকৰ্ম্মেতি”, “কি কৰিব লাগে, কি কৰিব নালাগে” বুলি সংশয় উপস্থিত হয়। এনে এটি যুগসন্ধিত আন আন দেশৰ মহানুভৱ পুৰুষসকলৰ দৰে আমাৰ দেশতো মহাপুৰুষ শঙ্কৰদেৱৰ জন্ম হয়। পুৰাণৰ বহু দেৱতা, তন্ত্ৰৰ বহু সাধনাৰ আৰু কামনাৰ তাড়নাত সঙ্কল্পিত বহুত অল্প-ফল ব্য়য়-সঙ্কুল