পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পাতনি


শ্ৰেণী-বন্ধ আদিৰ ভিতৰত যি অজ্ঞানতাৰ কুঁৱলী বিয়পি আছিল, মহাপুৰুষ প্ৰতিভাৰ পোহৰত সি আঁতৰি গৈ চিৰন্তন আৰ্য সত্যক চকুৰ আগত প্ৰকাশ কৰিছে

কৃষ্ণৰ কথাত যিটো ৰসিক।
ব্ৰাহ্মণ জন্ম তাক লাগে কিক॥
স্মৰোক মাত্ৰ হৰি দিনে ৰাতি।
নবাছে ভকতি জাতি-অজাতি॥

 আধ্যাত্মিক সাধনাৰ ক্ষেত্ৰত জাতি-ভেদৰ সমস্যা কোনোক্ৰমেই আহি নপৰে। সামাজিক জীৱনত যাৰ যি অধিকাৰ সি সেই মতেই থাকিব পাৰে; কিন্তু সাধনাৰ বাটত আগ বাঢ়িবৰ শক্তি ব্যক্তিগত চেষ্টাৰ ওপৰত নিৰ্ভৰ কৰে। সামাজিক কৰ্তব্য ব্যৱহাৰিক জগতৰ বস্তু; কিন্তু বিশুদ্ধ হৃদয় আৰু ঈশ্বৰৰ লগত বুজা-বঢ়া অন্তৰ্জগতৰ বস্তু; ইয়াক বাহ্যিক জগতে স্পৰ্শ কৰিব নোৱাৰে।

 এতেকে—

য আত্মদা বলদা যস্য বিশ্ব
উপাসতে প্ৰশিষং যস্য দেৱাঃ।
যস্য চ্ছায়ামৃতং যস্য মৃত্যুঃ।

 “যি বিৰাট পুৰুষে আত্মৰূপ প্ৰাণ বায়ু দান কৰে, যি বল দান কৰে, যাৰ বিশিষ্ট শাসন সকলো প্ৰাণী, এনেকি সকলো দেৱতাই মূৰ পাতি লয়, যাৰ ছায়া অমৰ, যাৰ পৰাই মৃত্যু”— “ভূতস্য জাত: পতিৰেক আসীৎ”—“সকলো ব্ৰহ্মাণ্ডৰ যি একমাত্ৰ অধিপতি” সেই বিৰাট পুৰুষৰ আদৰ্শ উদ্ধাৰ কৰি নিষ্কামভাৱে তাৰ উপাসনা কৰি কেনেকৈ সকলো কামনাৰ নিবৃত্তি সাধন কৰি মুকুতি-পথত আগুৱাব পাৰি, তাৰ সন্ধান অসমীয়া সমাজক মহাপুৰুষে দান কৰে। সেই বাটৰপৰা কৰ্মৰ বিভীষিকা আৰু সামাজিক শ্ৰেণী-ভেদৰ ব্যৱধানৰ কুঁৱলী আঁতৰাই সকলোকে ভয় নোহোৱাকৈ খোজ কাৰিবৰ জন্মগত অধিকাৰ মহাপুৰুষে দান কৰে। অসমীয়াৰ আধ্যাত্মিক জীৱনৰ উৎকৰ্ষৰ বিষয়ত এয়েই তেওঁৰ চতুৰঙ্গ দান।