পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পুৰণি অসমীয়া সাহিত্য


অনুষ্ঠানৰ প্ৰভাৱৰপৰা উদ্ধাৰ কৰি, চৰাচৰ ব্ৰহ্মাণ্ড, সকলো দেৱতা আৰু “সৰ্ব অৱতাৰৰ কাৰণ” স্বৰূপ “ব্ৰহ্মৰূপী সনাতন” মূল বস্তুৰ আদৰ্শ তেওঁ আমাৰ আগত দাঙি ধৰে। এই সনাতন আৰ্য্য সত্যৰ ওপৰতেই সমস্ত ভাৰতীয় সভ্যতা প্ৰতিষ্ঠিত। আৰু ঋগ্বেদৰ পুৰুষ-সূক্তৰ বিৰাট পুৰুষৰ কল্পনাতেই এই সত্যৰ প্ৰথম উপলব্ধিৰ পৰিচয় পোৱা যায় বুলি পণ্ডিতসকলে ক’ব খোজে। বেদৰ পৰৱৰ্তী কালতো ভগৱদগীতাৰ কাললৈকে এই একেশ্বৰবাদ ভাৰতীয় চিন্তাৰ প্ৰধান সোঁতৰ বাহিৰত পৰি যোৱা নাই। কিন্তু পুৰাণ, তন্ত্ৰ আদিৰ দিনত বহু জাতি, বহু সভ্যতা, বহু আদৰ্শৰ সংযোগৰ ফলত এই একেশ্বৰবাদ সনাতন সত্য “ছিন্নাভ্ৰৈৰিব স্বম্বীতং শাৰদং চন্দ্ৰমণ্ডলম্‌”—ডোখৰা-ডুখৰি ডাৱৰে ঢাকি থোৱা শাৰদীয় জোনৰ দৰে “দৃশ্যমানমদৃশ্যঞ্চ”—দেখা-নেদেখা হৈ পৰিছিল। স্বয়ং বিৰাট পুৰুষ বুলি নিজে পৰিচয় দিয়া গীতাৰ শ্ৰীকৃষ্ণক স্বয়ং ভগৱান বুলি স্বীকাৰ কৰি, বেদৰ একেশ্বৰবাদ আৰ্য সত্যক মহাপুৰুষে আকৌ প্ৰতিষ্ঠিত কৰে। এই দেখা-নেদেখা আদৰ্শ কামনা-ক্লিষ্ট সাংসাৰিক মানুহৰ পক্ষে এনে চঞ্চল যে, ই যাতে ভুলক্ৰমেও মানুহৰ চকুৰ আঁতৰ হ’ব নোৱাৰে সেইবাবে তেওঁ সকলো গ্ৰন্থতে কঠোৰ শাসন দি গৈছে। “আন দেৱ-দেৱী নকৰিবা সেৱ” ইত্যাদি শাসনৰ মৰ্মও মহাপুৰুষৰ মূল আদৰ্শৰ পোহৰতহে ধৰিব পাৰি। বহু দেৱতাৰ মাজত প্ৰধান দেৱতাৰ সন্ধান- দান, বহু সত্যৰ ভিতৰত সনাতন সত্যৰ উপলব্ধিৰ প্ৰতি আমাৰ সামাজিক চৈতন্যৰ জাগৰণ, আমাৰ জাতীয় আধ্যাত্মিক ক্ষেত্ৰত মহাপুৰুষৰ প্ৰধান দান।

 গীতাত উল্লেখ কৰা চাৰিবিধ ভক্তৰ ভিতৰত “অৰ্থাৰ্থী” অৰ্থাৎ বিশেষ বিশেষ কামনা সিদ্ধিৰ বাবে ঈশ্বৰক চিন্তা কৰা সকলৰ সংখ্যাই বেছি। কিন্তু কামনা সিদ্ধিয়েই ঈশ্বৰ-চিন্তাৰ মূল প্ৰেৰণা হ’ব লাগিলে প্ৰধান পুৰুষৰ প্ৰতি সকলো সময়তে মানুহৰ মন উধাব নোখোজে। কামনাৰ নিবৃত্তি নাই—এটিৰ সিদ্ধি হ'লে আন এটি