পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২
পুৰণি অসমীয়া সাহিত্য

হেন সময়ত মৃগ দেখিলন্ত সীতা।
বন্ধন-মুকুত ভৈলা জগতৰ পিতা॥

সোণালী হৰিণা দেখি সীতাই কাওবাও কৰিলে—

নকৰা বিলম্ব, কৰিয়ো আৰম্ভ,
সত্বৰে সাৰঙ্গপাণি।
পুহিবো পালিবো লগত বুলাইবো
লগৰ মোৰ সৈতাৰি।
কাখে-কোলে কৰি লগতে ফুৰাইবো এ
থাকিবো মুখ পাসৰি॥
আনিবা জীয়ন্ত নকৰিবা হত
নমাৰি শৰ-সন্ধানে।
যেবে যায়ো দেশ এ মোৰ সন্দেশ এ
কবি দুৰ্গাবৰে ভণে॥

 এই গীত দুটিৰ আগৰটোৰ কথা-বস্তু কবিৰ নিজা অথচ কেনে মনোৰম! ৰামে পাশা-খেলত হাৰিলত সীতাই ফুলৰ জৰীৰে ৰামক বান্ধি ৰাখিলে। নিপুণ কবিয়ে ফুলৰ জৰীৰ কথাৰে যে কুসুমায়ুধৰ কল্পনা পঢ়োতাৰ মনত জগাই তুলিছে, তাক সহজে অনুমান কৰিব পাৰি। মূল ৰামায়ণত ফুল তুলি থাকোঁতে সীতাই মায়া-হৰিণ দেখা বুলি আছে।

 মনস্তত্ত্বজ্ঞ কবি দুৰ্গাবৰে মায়া-হৰিণৰ প্ৰতি লোভৰ বিষয়ত সীতাকহে তিৰোতাৰ সহজ চপলতা দোষত দোষী কৰিছে। চকুত লগা জকমকীয়া বস্তুৰ প্ৰতি তিৰোতা জাতিৰ সৰ্বদায় লোভ। মূলৰ মতে সোণালী হৰিণ দেখি ৰামৰো লোভ লাগিছিল, সীতাৰ কথাত কেৱল বেছি উত্তেজনা পাইছিল মাথোন—“লোভিতস্তেন মৃগেণ সীতয়া চ প্ৰচোদিতঃ”। অসমীয়া কবিয়ে ৰামৰ হতুৱাই সীতাৰ প্ৰতিবাদ কৰিছে–

লগৰ সঙ্গতি আছো দুই ভাই।
আমাক ছাৰি মৃগে মন যাই॥