পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লৌকিক গীত

 “অসমীয়া সাহিত্যৰ চানেকি”ৰ প্ৰথম খণ্ডত আদিযুগৰ সাহিত্যৰ চানেকি হিছাপে ধাইনাম, গৰখীয়ানাম, বিয়ানাম, বিহুনাম, নাও খেলোৱা গীত, গাঁৱলীয়া গীত, হাল বোৱা গীত আদি নানা গীত আৰু নামৰ চানেকি আছে, কিন্তু তাত তুলি দিয়া গীত আৰু নামবোৰ আদি যুগৰ ৰচনা নহয়। সেইবোৰ ভাষা বৰ্তমান যুগৰ। “নাম” সাহিত্য বোলা কথাবোৰ বৈষ্ণৱ যুগৰ কল্পনা, আদি যুগৰ নহয়। কিন্তু সাহিত্যৰ চানেকিবোৰ বৰ্তমান যুগৰ হ’লেও, সাহিত্যৰ বিষয় বিভাগ আদি যুগৰ ৰচনাত খাটে। অইন অইন দেশৰ সাহিত্যৰ দৰে আমাৰ দেশৰ সাহিত্যৰো আদি ৰূপ গীত। যুগে যুগে মানুহৰ মুখে মুখে বাগৰি অহাৰ গুণে সেইবোৰৰ ভাব আৰু ভাষাৰ সাল-সলনি ঘটিছে।

 ভাষাক যেনেকৈ সাধু-ভাষা আৰু লৌকিক ভাষা হিছাপে দুভাগ কৰা যায়, সাহিত্যকো তেনেকৈ সাধু আৰু লৌকিক সাহিত্য বুলি দুভাগ কৰিব পাৰি। বৈষ্ণৱ সাহিত্য আমাৰ সাধু সাহিত্য আৰু বৈষ্ণৱ সাহিত্যৰ প্ৰভাৱৰ বাহিৰত যি সাহিত্য প্ৰচলিত হৈছিল, সি আমাৰ পুৰণি লৌকিক সাহিত্য।

 আমাৰ সাধু সাহিত্যই দুইভাৱে এই লৌকিক সাহিত্যৰ প্ৰচাৰৰ প্ৰতিবন্ধকতা কৰে। এফালে লৌকিক সাহিত্যৰ গঢ়ত সাধু সাহিত্য ৰচিত হ’ল, আনফালে লৌকিক সাহিত্যৰ আদৰ্শকেই হেয় আৰু কদৰ্য বুলি তাচ্ছিল্য কৰিলে। ল’ৰা-নিচুকোৱা গীত আগেও আছিল, বৈষ্ণৱ কবিয়ে ল’ৰা-নিচুকোৱা গীতৰ গঢ়ত ‘কাণখোৱা’ গীত ৰচনা কৰি লৌকিক গীতৰ আৰ্হিৰেই ভক্তি-ৰস প্ৰচাৰ কৰিলে।

 সেইদৰে লৌকিক গৰখীয়া গীত, হাল বোৱা গীত আদিৰ সাঁচত গৰখীয়া কৃষ্ণ-লীলা-বিষয়ক “কিৰিষি কৰিয়ো আলো মনাই,