পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১
লৌকিক গীত


হৰিৰ চৰণ-সেৱাৰ পৰম সুখে” — ইত্যাদি বৰগীত ৰচনা হ’ল আৰু সাধু সাহিত্যৰ বহুল প্ৰচাৰৰ লগে লগে লৌকিক গীত- সাহিত্যৰ জ্যোতি ম্লান হ’ল।

 আদি-ৰসাত্মক বিহুগীতৰ শ্ৰেণীৰ গীত এতিয়া যেনেকৈ মানুহৰ মুখে মুখে আছে, তেতিয়াও আছিল। সেইবোৰৰ আৰ্হিতেই দুৰ্গাবৰ পীতাম্বৰ আদি বৈষ্ণৱ আন্দোলনৰ আগৰ বা বাহিৰত থকা কবিসকলে ৰামায়ণ, পুৰাণ আদিৰ আখ্যানবোৰক প্ৰেম-ৰসাত্মক গীতৰ আকাৰত ভাঙি উলিয়াইছিল। বৈষ্ণৱ কবিসকলে এই সাঁচত কোনো সাহিত্য ৰচনা কৰা নাই; কিন্তু সেইবোৰক তাচ্ছিল্য কৰি হেয় প্ৰতিপন্ন কৰিছে।

 এই শ্ৰেণীৰ কবিৰ ভিতৰত দুৰ্গাবৰ আৰু পীতাম্বৰ বিশেষ উল্লেখযোগ্য। দুৰ্গাবৰৰ গীতি-ৰামায়ণ মূল ৰামায়ণৰ ভাষা বা ভাবানুবাদ নহয়। বাল্মীকিৰ মহাকাব্যৰ ভিতৰুৱা মনোৰম মনস্তত্ত্বমূলক চিত্ৰ কেতবোৰক গীতত ভাঙি উলিওৱা হৈছে। যি যি ঠাইত কেৱল ঘটনা পৰম্পৰা আৰু যুদ্ধৰ বৰ্ণনা আছে সেইবোৰক দুই-চাৰি কথাৰেই কবিয়ে সামৰণ কৰিছে। যেনে, সীতাহৰণৰ, কৰুণ কাহিনী বিতংকৈ বৰ্ণনা কৰি লঙ্কা-কাণ্ডৰ বিস্তৃত যুদ্ধ কেইটামান পদতেই মুঠকৈ কৈ থৈছে। বনবাসত দণ্ডকাৰণ্যৰ খেৰৰ পঁজাত বহি ৰাম আৰু সীতাই প্ৰীতিৰে কাল কটাইছে—

 পাতিলা পাশাৰ সাৰি হে
আসিলন্ত ঘৰে ৰাম (আসিলন্ত ঘৰে )।
সীতা সমে খেলে পাশা ৰাম গদাধৰে॥
বিজয় ভৈলন্ত ৰাম প্ৰথমক আৰি।
তাত পাছে ৰাম হাৰিলন্ত তিনি সাৰি॥
তিনি লক্ষ টাকা ৰামে পাশাত হাৰিলা।
পুষ্পৰ জৰীয়ে সীতাই ৰামক বান্ধিলা॥
দেৱানৰ ডালে ধৰি কোবান্ত সুন্দৰী।
সত্বৰে দিয়োক টাকা হে দেৱ মুৰাৰি।