পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪
পুৰণি অসমীয়া সাহিত্য


মৃগক পঠাইলা হে
তোমাকো পঠাইলা ক্ৰোধ কৰি।
মই নাজানিলো তান
কপট হৃদয় প্ৰাণ
তিৰী-মায়া বুজিতে নপাৰি॥—ইত্যাদি।

 কোৱা বাহুল্য যে মূল ৰামায়ণত এনে ধৰণৰ ভাবৰ কোনো উল্লেখ নাই। কেৱল লৌকিকতাৰ আৱেশ আৰু গীতি-ৰামায়ণ বাল্মীকিৰ মহাকাব্যৰ গাঁৱলীয়া তাঙৰণ মাথোন।

 পীতাম্বৰৰ ‘ঊষা-পৰিণয়’ গীতৰ আকাৰত লিখা হ’লেও দুৰ্গাবৰৰ নাট্য-চিত্ৰ বাছনি-শক্তি বা কল্পনাৰ মৃদু স্পৰ্শ ইয়াত নাই। অনন্ত কন্দলিৰ ‘কুমৰ-হৰণ’ কাব্য ইয়াতকৈ বহু ওখ খাপৰ। হৰি বংশত ঊষাৰ কাহিনী যেনেকৈ মেৰপাক খোৱাভাৱে আছে, পীতাম্বৰৰ কল্পনাই সকলোকে সমানভাৱে সামৰিবৰ চেষ্টা কৰি যজ্ঞভুক্ অগ্নিৰ দৰে ৰোগ-গ্ৰস্ত হৈ পৰিছে। কিন্তু ঠায়ে ঠায়ে উৎকট লৌকিক ভাবৰ চিত্ৰ বৰ প্ৰকটভাৱে ফুটি ওলাইছে। এদিনাখন ঊষা পুষ্পবনত ফুল চাই থাকোতে হৰ-গৌৰীৰ উদ্দাম কাম-ক্ৰীড়া দেখি বৰ ব্যাকুল হৈ উঠিল—

দেখিয়া কুমাৰী ঊষা গুণে মনে মনে।
ধন্য নাৰী পুৰুষ বিলাস কৰে বনে॥
হেনয় সময়ে যাৰ কোলে নাহি পতি।
অকাৰণে প্ৰাণ ধৰে সেহিসে যুৱতী॥
বসন্ত সময়ে যাৰ কোলে নাহি পতি।
কলসি বান্ধিয়া জলে মৰোক যুৱতী॥
ব্যৰ্থ মোৰ জন্ম ভৈল ৰাজাৰ কুমাৰী।
হেন বনে একলে বেৰাওঁ মই নাৰী॥

কবিয়েও ঊষাৰ মনোভাৱ বৰ্ণাইছে—

বিষাদ-বিমন ঊষা হে
সময় মধুমাসে।