পৃষ্ঠা:পঞ্চৰত্ন- জ্ঞানদাভিৰাম বৰুৱা.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২০)
পঞ্চৰত্ন

কথা। এনে অৱস্থাত ছিল্‌ভিয়াই ভেলেণ্টাইনক দেখি আৰু ভেলেণ্টাইনে ছিলভিয়াক দেখি আচৰিত হল- আচৰিত হোৱাৰ পাছত তেওঁলোক আনন্দত অধীৰ হ'ল। এনেকৈ যে মিলন হব, তেওঁলোকে সপোনতো ভবা নাছিল। ইপিনে ছিলভিয়াক বিচাৰি ৰাজ পৰিয়ালৰ সকলো প্ৰোটিয়াছ ৰিউৰিও আৰু জুলিয়া (প্ৰোটিয়াছৰ লগুৱা হৈ) সকলো ওলাল। বাটত তেওঁলোকৰো সেই তেনে হল, অৰ্থাৎ ডকাইতে ধৰি নিলে। তাতে ছিলভিয়াক দেখি ৰিউৰিঐ নাচিব ধৰিলে। “সৌৱা নহয় ছিলভিয়া, যিয়ে কাঢ়ি নিলে মোৰ হিয়া।” এই বুলি আনন্দত উত্ৰাৱল হবলৈ ধৰিলে। কিন্তু ভাইৰ উগ্ৰ মূৰ্ত্তি দেখি, ৰিউৰিও কোঁচ খাই পৰিল। প্ৰাণৰ সশয় যেন ভাবি কলে “নেলাগে বোপাই মোৰ ছিলভিয়া টিলভিয়াক মই জীয়াই থাকিলে তেনে বহুত পাম।“

 এতিয়া আৰু সাধু শেষ হল। ডিউকে ভেলেণ্টাইনৰ সাহ দেখি আৰু ৰিউৰিওৰ ভয় দেখি ভেলেণ্টাইনলৈ ছিলভিয়াক সম্প্ৰদান কৰিলে। প্ৰোটিয়াছেও জুলিয়া কোন বুলি জনাত আৰু তেওঁৰেই নিমিত্তে ছোৱালীজনীয়ে ইমান কষ্ট স্বীকাৰ কৰিছে বুলি জনাত তেওঁৰ আকৌ জুলিয়াৰ পিনে মন ঢাল খালে। এতিয়া সকলোৰে আনন্দ। এনেকি ৰিউৰিওৰো আনন্দ অসীম, কিয়নো তেওঁৰ প্ৰাণৰ হানি হবৰৰে উদ্যোগ লৈছিল সেই কথা