সমললৈ যাওক

পৃষ্ঠা:পঞ্চৰত্ন- জ্ঞানদাভিৰাম বৰুৱা.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৭)
পঞ্চৰত্ন।

দেখি এই বিষয়ে পৰামৰ্শ সোধোঁ। কোৱাচোন কি কৰিম? নিজে এনে অৱস্থাত পৰা হলে তুমি কি কৰিলা হেতেন কোৱাচোন? ভেলেন্টাইনৰ সহানুভূতি হ’ল। তেওঁ কলে যে আটাইতকৈ ভাল উপায় হৈছে ৰিলিকিয়েদি গৈ বাহিৰলৈ অনা। (অৰ্থাৎ নিজে যি পন্থা ডিউকৰ জীয়েকৰ সম্পৰ্কে অৱলম্বন কৰিব খুজিছিল, সেই পন্থাই ভাল পন্থা বুলি কৈ দিলে।) এই উপদেশৰ ওপৰঞ্চি নিজৰ চোলাটোও ডিউকক দিলে “আপুনি এই চোলা পিন্ধি গলে আপোনাক কোনেও চিনি নেপাব। এইটোকে পিন্ধি যাব।” এই সহানুভুতিয়েই কিন্তু ভেলেণ্টাইনৰ কাল হ'ল। এই চোলাৰ জেপতেই ভেলেণ্টাইনে ডিউকৰ জীয়েকলৈ লেখা চিঠি ডিউকে পালে। এই চিঠি পোৱাত ডিউকৰ আৰু বিশেষ কষ্ট কৰি ভেলেণ্টাইনক ধৰিব নেলাগিল। ইচ্ছা আছিল যে পলাই যাওঁতে ভেলেণ্টাইনক ধৰিব, সেই দেখিহে ডিউকে ভেলেণ্টাইনক পৰামৰ্শ শুনিছিল—মানুহে কেতিয়াবা নিজৰ মনৰ ভাব এনেকৈয়ে প্ৰকাশ কৰে। ডিউকে যে মানুহৰ স্বভাৱ সুন্দৰরূপে ভু পাইছিল ইয়াৰ পৰাই বুজা যায়। এই সুযোগৰ নিমিত্তে বাট চাবলৈ নহ'ল। এই চিঠিখনেই সকলো ক’লে। ডিউকে ভেলেণ্টাইনক ৰাজ্যৰ পৰা খেদি দিলে।