পৃষ্ঠা:পঞ্চৰত্ন- জ্ঞানদাভিৰাম বৰুৱা.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৫)
পঞ্চৰত্ন।

একে লগে ফুৰে, থাকে, খায়। এজনে আনজনক নেৰে। পাছত এদিন প্ৰোটিয়াছে জুলিয়া বুলি ছোৱালী এটিক দেখিলে। দেখি ভাল পালে। তেতিয়া আৰু ভেলেণ্টাইনৰ লগ ভাল নলগা হ'ল। প্ৰোটিয়াছে জুলিয়াৰ লগহে বেছিকৈ ভাল পোৱা হ'ল। ভেলেণ্টাইনে প্ৰোটিয়াছৰ নতুন ভাব দেখি অলপ চৰপ হাঁহিব আৰু জুলিয়াৰ বিষয় কৈ প্ৰোটিয়াছক জোকাব ধৰিলে। প্ৰোটিয়াছৰ এই কথা ভাল নেলাগিছিল চাগৈ। সি বাৰু যি হওক, ভেলেণ্টাইনে এই বাৰ দেশভ্ৰমণলৈ বুলি মিলানলৈ অকলৈ যাব লগীয়া হ'ল। ভেলেণ্টাইন্‌ অকলৈ যোৱা দেখি প্ৰোটিয়াছৰ খুড়াক এজনে প্ৰোটিয়াছৰ বাপেকক কোৱাই তেওঁকো দেশভ্ৰমণলৈ পঠোৱালে। তেওঁ কলে যে প্ৰোটিয়াছে ডেকা বয়সত দেশভ্ৰমণ কৰা ভাল আৰু ভেলেণ্টাইন্‌ আৰু তেওঁ দুইয়ো একে লগে ফুৰা ভাল। এই বুলি তেওঁকো মিলানলৈ বন্ধুৰ সৈতে একে লগ হবলৈ কলে। পাছত প্ৰোটিয়াছে দেখে গৈ কি—যি ভেলেণ্টাইনে তেওঁক ভেৰোণাত জুলিয়াৰ কথা লৈ জোকাইছিল সেই একেটি মানুহেই এতিয়া সেই বেমাৰতে ভুক্তভোগী। পোনাই কবলৈ গলে প্ৰোটিয়াছে যেনেকৈ জুলিয়াক ভেৰোণাত ভাল পাইছিল তাতকৈও বেছিকৈ ভেলেণ্টাইনে ( ভেলেণ্টাইনে তাকে ভাবিছিল) মিলান দেশৰ এজন সুন্দৰীক ভাল পাবলৈ ধৰিলে। প্ৰোটি-