পৃষ্ঠা:পঞ্চৰত্ন- জ্ঞানদাভিৰাম বৰুৱা.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৬)
পঞ্চৰত্ন।

য়াছে জানিবা সমান অৱস্থাৰ মানুহকে ভাল পাইছিল, এওঁ একেবাৰেই ওপৰৰ খাপতে আৰম্ভ কৰি'লে। মিলানৰ ডিউকৰ জীয়াৰি ছিল্‌ভিয়। এওঁৰ ভাল পোৱাৰ পাত্ৰী! এতিয়া প্ৰোটিয়াছৰ হাঁহিবৰ দিন।

 ভেলেন্টাইন্‌ নিৰুপায়। ডিউকে কেতিয়াও সন্মতি নিদিয়ে। কিন্তু ভেলণ্টাইনে এক ফিকিৰ উলিয়ালে। ৰাতি খিৰিকীয়েদি দি নমাই ছিল্‌ভিয়াৰ পাণি গ্ৰহণেচ্ছে হ'ল। আৰু ঠিক এনে সময়তে প্ৰোটিয়াছে মিলান পালে গৈ। বন্ধুক পাই নিজৰ বুকুৰ বোজা কমাবলৈ সকলো কথাকে কলে কিন্তু প্ৰেমৰ কি বিচিত্ৰ গতি। ছিলভিয়াক দেখি প্ৰোটিয়াছে জুলিয়ালৈ পাহৰিলে। ছিলভিয়াক ভাল পালে। অৱশ্যে তেতিয়াই আকৌ ভেলেণ্টাইনক আৰু ভাল চকুৰে নোচোৱা হ’ল। প্ৰোটিয়াছে ছিল্‌ভিয়াক দেখি বন্ধুতাৰ কৰ্ত্তব্য, ভদ্ৰতা সকলোকে পাহৰি ভেলেন্টাইনৰ কথা ডিউকক কৈ দিলে। এই কথা শুনি ডিউকৰ খং উঠিল আৰু ভেলেণ্টাইনক তেওঁ শাস্তি দিবলৈ সাজু হ'ল! সেই দেখি ভেলেণ্টাইনক মাতি আনি কলে মই তোমাক এটা কথা সুধিব খোজোঁ। মোক অলপমান পৰামৰ্শ দিয়াঁচোন। মই এজনক বব ভাল পাওঁ কৰিব খোজোঁ। কিন্তু তেওঁৰ পৰিয়ালৰ ইচ্ছা নহয়, যে মই বিয়া কৰাওঁ। মই আকৌ কাকো এই বিষয়ে কবও নোখোজোঁ। তোমাকে সজ লৰা