পৃষ্ঠা:পঞ্চৰত্ন- জ্ঞানদাভিৰাম বৰুৱা.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৮)
পঞ্চৰত্ন।

 পাছত ডিউকে ছিল্‌ভিয়াৰ দৰা বিচাৰিবলৈ ধৰিলে। থিউৰিও বুলি এজন ভাল বংশৰ লৰাক ঠিকঠাক কৰা হ'ল। ছিল্‌ভিয়াৰ মন যাতে ভেলে- ণ্টাইনৰ পৰা দূৰৈত থাকে সেই কামৰ সহায়াৰ্থে ডিউকে প্ৰোটিয়াছক খাটিলে। ইপিনে প্ৰোটিয়াছে যে ছিল্‌ভিয়াক ভাল পায় ডিউকে সেই বিষয় নেজানিছিল। প্ৰোটিয়াছে অতি ৰং মনেৰে সেই কামৰ ভাৰ ল'লে। প্ৰোটিয়াছে থিউৰিওৰ কথা কবলৈ সময়কে নেপালে। নিজৰ বিষয় ভাবোঁতে আৰু কওঁতেই সকলো সময় যায়। ছিল্‌ভিয়াক তেওঁৰ নিজৰ মনৰ ভাব কলে। তেওঁ আচৰিত হ'ল। ভেলেণ্টাইনক তেওঁ এতিয়াও ভাল পায়।

 প্ৰোটিয়াছক বিচাৰি জুলিয়া সেই খিনি পালেহি। জুলিয়াই কিন্তু লৰাৰ সাজঁ পিন্ধি মিলানলৈ আহিল। এদিন থিউৰিওক লৈ প্ৰোটিয়াছে গায়ন বায়নেৰে সৈতে ছিলভিয়ার খিলিকিৰ ওচৰত সঙ্গীত কৰিছিল! এনে সঙ্গীত নিশা কৰা হয়— ইয়াক Serenade (ছেৰিনাড্‌) কয়। এওঁ- লোকে এই সঙ্গীত নিশাতে কৰিছিল। এই সঙ্গীত জুলিয়াই আহি শুনিলে। পাছত প্ৰোটিয়াছে ছিল্‌- ভিয়া আৰু তেওঁ অকলৈ আছে বুলি ভাবি, ছিল্‌ভিয়াক নিজৰ মনৰ ভাব ব্যক্ত কৰি কলে। কিন্তু এইবোৰ কথা জুলিয়াই তেনেই শুনি আছিল। প্ৰোটিয়াছে ভেলে-