পঞ্চৰত্ন/দন্দুৰী দমন
দন্দুৰী দমন।
দি টেমিং অব্ দি শ্ৰ্যূ।
ইটালিত পাডুৱা নামে এখন ঠাই আছে। সেই ঠাইৰে বেপ্টিষ্টা নামে এজন ধনী মানুহৰ কেথেৰিণা নামৰ এজনী ছোৱালী আছিল। সেই ছোৱালীজনীৰ দন্দুৰী বুলি এনে নাম ওলাইছিল যে তাইৰ নিমিত্তে দৰা বিচাৰি পোৱা টান হ'ল। জানি শুনিনো কোনে দন্দুৰী এজনীক বিয়া কৰাবলৈ যাব? যি বিয়া কৰাব তাৰতো আৰু এই জীৱনত শান্তি নহব। তাইৰ বাপেক ধনী। আটায়ে কিন্তু জানিছিল যে বুঢ়াৰ সকলো সম্পত্তিকে কেথেৰিণাই পাব। কিন্তু কৈছো নহয়, জানি শুনি দিনে দুপৰে নো কোনে এনেকুৱা এজনীক জীৱনৰ চিৰ সঙ্গিনী কৰিব?
আমি কিন্তু ঘুনুক-ঘানাক শুনিছোঁ যে তাইৰ স্বভাৱ গুৰিতে বেয়া নাছিল দেই⸻বাপেক মাকৰ অতি মাত্ৰাত মৰম পোৱাৰ নিমিত্তেহে, তাই এনে হৈছিল।
সি বাৰু যি হওক। কেথেৰিণাৰ এজনী ভনীয়েক অছিল—নাম বিয়ানকা। বিয়ানকাৰ স্বভাৱ যেনে মিঠা দেখিবলৈকো তাই তেনে শুৱনী। বিয়ানকাক বিয়া [ ২২ ] কৰাবৰ নিমিত্তে দৰাৰ একো অভাৱ নাছিল। বিয়ানকাই এবাৰ চকুৰে চালেই চাগৈ বেপটিষ্টাৰ ঘৰ দৰাৰে ভৰি গৈছিল। বেপটিষ্টা মহা মস্কিলত পৰিল। দৰা আহিলেই বিয়ানকাৰহে আহে, কেথেৰিণাৰ এটাও নাহে। পাছত বেপটিষ্টাই এই কথা ঘোষণা কৰি দিলে যে কেথেৰিণাৰ বিয়া হ'লেহে বিয়ানকাৰ বিয়া হব। ছোৱালী দুজনীৰ শিক্ষাৰ নিমিত্তে তেওঁ এজন ভাল মানুহ বিচাৰ কৰাব ধৰিলে। এই আজি কালি যেনে “প্ৰাইভেট টিউটৰ” বিচাৰৰ ধুম পৰি যায়—ঠিক তেনেকৈ। পাডুৱা ঠাইডোখৰৰো জগদ্বিখ্যাত। তাত শিক্ষাৰ নিমিত্তে বহুতো ডেকা ইটালিৰ চাৰিউ ফালৰ পৰা ইয়াত, গোট খায়হি— এই ধৰা যেনে কলিকতা। পিচাৰ পৰা, লিউছেনস্যিও নামেৰে ডেকা এজন পঢ়িবৰ নিমিত্তে পাডুৱালৈ গৈছিল। কিন্তু বিয়ানকাৰ সুন্দৰ মূৰতি দেখি পঢ়াৰ কথা পাহৰি গ'ল। ঠিক এই সময়তে " প্ৰাইভেট টিউটৰৰ" কথা ওলাল। লিউছেনস্যিওই সেই প্ৰাইভেট টিউটৰ হল। লগৰ লগুৱাক ভাল মানুহৰ সাজ-পাৰ পিন্ধাই কৈ দিলে সি যেন বিয়ানকাক বিয়া কৰাবলৈ আহিছে বুলি কয়। কিছুদিন যায়, বিয়ানকাই পঢ়ি আছে—তেওঁ কিছু দিনৰ পাছত লিউছেনস্যিওক বিয়া কৰাম বুলি কলে। ইপিনে ট্ৰেনিও— তেওঁৰ লগুৱা ডাঙৰ মানুহ হৈ [ ২৩ ] বেপটিষ্টাক কৈ আছে— “মই আপোনাৰ ছোৱালী বিয়া কৰাম।”
বিয়ান্কাক দেখি ভোল যোৱা আৰু এজন ডেকাই কেনেকৈ ভুৱা দিবলৈ চেষ্টা কৰিলে শুনা। এওঁৰ নাম হোৰ্টেনল্যিও। এওঁৰ পেট্ৰকিও বুলি বন্ধু এজনক কেথেৰিণাক বিয়া কৰাবলৈ স্বীকাৰ কৰালে। পেট্ৰুকিওই অতি ৰং মনেৰে এই কাম কৰিবলৈ সাজু হল। পেট্ৰুকিওই কেথেৰিণাক বিয়া কৰালে আৰু বিয়ানকাক হোৰ্টেনল্যিওই বিয়া কৰাবৰ একো বাধা নেথাকিব। ধন্য বন্ধু পেট্ৰুকিও। এনে স্বাৰ্থত্যাগ কেইজনে কৰে!!!
পেট্ৰুকিওৰ সৈতে কেথেৰিণাৰ চিনাকী হওঁতেই তেওঁ ছোৱালী জনীক “কেট্” বুলি সম্বোধন কৰিলে। কেথেৰিণাক সংক্ষেপে কবলৈ গলে মানুহ কেট্ বুলি কয়। বিশেষ চিনাকী নহলে এনেকৈ সম্বোধন কৰাটো ঠিক ভদ্ৰজনোচিত নহয়। কিন্তু কৈছে নহয় “শঠে শাঠ্যং সমাচৰেৎ।” যেতিয়া কেথেৰিণাই গালি পাৰিব ধৰিলে তেতিয়া তেওঁ কলে “এৰা, এতিয়া অলপ চলপ ভাল যেন লাগিছে।” আৰু যেতিয়া মাৰিলে তেতিয়া কলে “তোৰ ভাল লাগক নেলাগক মই তোক বিয়া কৰিহে এৰিম।” এনেকৈ চুপতি কৰি থাকোঁতে বাপেক অহি ওলালহি। বাপেকক [ ২৪ ] কলে “মই আপোনাৰ জীয়েকক অহা দেওবাৰে বিয়া কৰম, সব যেন ঠিক্ ঠাক হৈ থাকে।”
দেওবাৰ আহিল। দৰা যেতিয়া ওলালহি
তেওঁৰ বেশ নো কি চাবা। টুপিয়েই যদি বা নহল
চোলাটীত চাৰিওফালে ফুটা, জোতাৰ এপাট সিপিনে,
এপাট ইপিনে, ককালৰ তৰোৱালখন মামৰেৰে ভৰা।
ঘোৰাটীৰ হাৰেই নে ছালেই একো চিনকে ধৰিব
নোৱাৰি। যেনে ঘৰৰ গিৰীহঁত আকৌ তেনেহে
লগুৱা হোৱা হলে ভাল। Like master like man
এটা বচন আছে নহয়! এনে দৰা দেখি ধনী
শহুৰে লাজত মূৰ ডাঙিব নোৱাৰা হল। শহুৰেকে বহুত কাকুতি মিনতি কৰিলে “বোপা তোমাৰ কিহৰ অভাব? তুমি ভাল কাপোৰ পিন্ধা, আজি তোমাৰ বিয়া, আজি ভাল কাপোৰ পিন্ধিব পায়, পিন্ধা বোপা। ” পেট্ৰুকিওই পিন্ধে নে? তেওঁৰ যে দন্দুৰী শাসনৰ ইয়েই এপালি দৰব। যেতিয়া বিয়া হব ধৰিছে, তেতিয়া পুৰোহিতক গালি শপনি পাৰি পুৰোহিতৰ পুৰোহিতালিৰ প্ৰায় আধ্যাকে মাৰি পেলালে। এইবোৰ নানান দৰাই-নকৰা কাম কৰি সকলোকে তবধ মনালে আকৌ ইয়াৰ উপৰি বিয়াৰ ভোজৰ আগৈয়ে ঘৈণীয়েকক বাপেকৰ ঘৰৰ পৰা লৈ গৈ সকলোকে বিচূৰ্ত্তি খুৱালে।
[ ২৫ ] বাটত যে কিমান বিঘিনি হৈছিল, তাৰ অন্তই
নাই। পেট্ৰুকিওই সকলো সময়তে কাম আৰু ব্যৱহাৰত এনেহে দেখুৱাইছিল যেন ঘৈণীয়েক নায়েই।
চাকৰ বাকৰক যতে পায় তাতে কোবাইছিল। ইপিনে
আকৌ এবাৰ চাকৰক কোবাই থাকোতেই ঘোৰা
পলাই গ'ল। পাছত আৰু একো উপায় নাই, কি
কৰিব আৰু, খোজ কাঢ়িব লগাত পৰিল। দৰা
কন্যাৰ কি অবস্থা হ’ল ভাবি চোৱা চোন্ বাৰু।
ঘৰ পাওঁতে পাওঁতে ভৰিৰ বিষত তৰণী নোহোৱা হʼল।
আইঔ দেহি কেথেৰিণা, বাপেকৰ আলাসৰ লাৰু—
কʼত কন্যা হৈ ঘোৰা কি দোলাত উঠি শহুৰেকৰ
ঘৰলৈ যাব, নে এতিয়া খোজ কাঢ়ি যাযলগীয়াত
পৰিল! ঘৰ পাই পেট্ৰুকিওই বস্তু বাহানী পেলাই
সকলো “লণ্ডভণ্ড" কৰিলে। খোৱা বোৱা নহ'ল
আৰু খাবৰ ব'বৰ বস্তুবোৰ ৰন্ধা বঢ়া বেয়া হৈছে
বুলি সকলো চাৰিউ ফালে ছটিয়াই মজিয়াত পেলাই
দিলে। চাকৰবোৰৰ সেইদিনা মাৰ খাই পিঠি ডগা
হ'ল। সেই দিনতে এনেবোৰ কথাৰ ওৰ নপৰিল।
খং চলিয়েই আছে। পেট্ৰুকিওৰ খং আৰু ব্যৱহাৰ
দেখি কেথেৰিণাই আচৰিত মানিলে। নিজৰ খং আৰু
দেখুৱাবৰ সময়েই নেপালে। পাছত এদিন হোৰ্টেন্-সিওই
তেওঁলোকৰ সৈতে দেখা কৰি লৈ গ'ল। পেট্ৰু[ ২৬ ] কিওই কলে যে তেওঁলোক হোটেনস্যিওৰ লগত পাডুৱালৈ
যাব। সাজ নিজৰ নিজৰ বংশ মৰ্য্যাদা অনুসাৰে পিন্ধা
হ’ব। কিন্তু চোৱাঁ কি হল। তেতিয়া আমাৰ দৰাৰ
ইটো বেয়া লাগিল, সিটো ভাল নহয়, আনটো “বে-
পছন্দ" এনেবোৰ কথা কৈ কাপোৰ ইপিনে দলিয়াই
সিপিনে দলিয়াই একেবাৰে আটাইকে নগুৰনাস্তি
কৰিলে। তাৰ ফল হ’ল এই যি সাজেৰে ঘৰ পাইছিলহি সেই সাজেৰেই পাডুৱালৈ যাত্ৰা কৰিলে। সেই
চোলা, সেই জোতা, সেই টুপি, সেই ঠেঙা আৰু
সেই ঘোৰা! ট্ৰেনিও অৰু লিউছেনস্যিওৰ কথা
মনত আছেনে? ট্ৰেনিও ভাল মানুহ হোৱাৰ কথা
আৰু লিউছেনস্যিও বিয়ানকাৰ পণ্ডিত হোৱাৰ
কথা! বিয়ানকাৰ বাপেকে ট্ৰেনিওৰ সৈতেই বিয়ানকাৰ বিয়া দিয়াৰ ঠিক কৰিলে। ট্ৰেনিওই কিন্তু
নিজক লিউছেনস্যিও বুলিহে চিনাকি দিছিল। পাছত
এজন মানুহক লিউছেনস্যিওৰ বাপেক বুলি বেপটি-
ষ্টাৰ সৈতে চিনাকী কৰাই দিলে। এই বুঢ়া জনে
বেপটিষ্টাক কলে “আহক আমি অলপচৰপ যি বন্ধৱস্ত
খিনি কৰিব লগা আছে কৰোঁ গৈ— বিয়ানকা আৰু
লিউছেনস্যিওই পাছে পাছে লাহে লাহে আহি
থাকিব।” এই বুলি দুয়ো ওলাই গল। পাছত লিউছেনস্যিও আৰু বিয়ান্কা গ'ল। কিন্তু বিয়ান্কা আৰু [ ২৭ ] “আছল” লিউছেন্স্যিওহে; “নকল” নহয়। বেগা-বেগিকৈ
দুয়ো গিৰ্জ্জালৈ গ'ল আৰু দুইকো পুৰোহিতে
বিয়া দি দিলে। বিয়াৰ পাছত লিউছেন্স্যিওই নিজৰ
বাপেকক তেওঁৰ ঘৰত দেখা পালে। বাপেকক দেখি
তেতিয়াই ভৰিত পৰি সেৱা কৰি সকলো কথা কৈ
বাপেকৰ আশীৰ্বাদ হলে।
ইপিনে আমাৰ আগৰ দৰা কন্যা হালৰ কথা কওঁ শুনা। পেট্ৰুকিওৰ তো সেই বেশ, তাৰ উপৰি বাটে পথে নানান্ ৰকমৰ উদ্ভণ্ডালি কৰি কেথেৰিণাৰ আৰু “কেথেৰিণাত্ব” নেৰাখিলে। বাটতে কয় “মোক এতিয়াই বাটতে এটা চুমা দিয়াঁ। ” ইত্যাদি বলিয়ালি কৰি আকৌ কয় “যদিহে মই যি কওঁ তাকে নকৰা ভেৰোণালৈ এই দণ্ডে উভটি যাম।” দেহি ঐ কেথেৰিণা! তাইৰ আৰু নিজস্ব একো নেথাকিল। পেট্ৰুকিওই এনে শিক্ষা দিলে যে তায়েই আকৌ আনবোৰ সমনীয়া ছোৱালীক উভটি গৈ কয় “সকলো তিৰুতাৰে স্বামীৰ কথামতে চলা উচিত।”
শ্যেক্সপিয়েৰৰ কিতাপ খন পঢ়িলেহে ইয়াৰ সোৱাদ ভালকৈ পাবা। পঢ়িবাঁ।