পৃষ্ঠা:পঞ্চৰত্ন- জ্ঞানদাভিৰাম বৰুৱা.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২২)
পঞ্চৰত্ন।

কৰাবৰ নিমিত্তে দৰাৰ একো অভাৱ নাছিল। বিয়ানকাই এবাৰ চকুৰে চালেই চাগৈ বেপটিষ্টাৰ ঘৰ দৰাৰে ভৰি গৈছিল। বেপটিষ্টা মহা মস্কিলত পৰিল। দৰা আহিলেই বিয়ানকাৰহে আহে, কেথেৰিণাৰ এটাও নাহে। পাছত বেপটিষ্টাই এই কথা ঘোষণা কৰি দিলে যে কেথেৰিণাৰ বিয়া হ'লেহে বিয়ানকাৰ বিয়া হব। ছোৱালী দুজনীৰ শিক্ষাৰ নিমিত্তে তেওঁ এজন ভাল মানুহ বিচাৰ কৰাব ধৰিলে। এই আজি কালি যেনে “প্ৰাইভেট টিউটৰ” বিচাৰৰ ধুম পৰি যায়—ঠিক তেনেকৈ। পাডুৱা ঠাইডোখৰৰো জগদ্বিখ্যাত। তাত শিক্ষাৰ নিমিত্তে বহুতো ডেকা ইটালিৰ চাৰিউ ফালৰ পৰা ইয়াত, গোট খায়হি— এই ধৰা যেনে কলিকতা। পিচাৰ পৰা, লিউছেনস্যিও নামেৰে ডেকা এজন পঢ়িবৰ নিমিত্তে পাডুৱালৈ গৈছিল। কিন্তু বিয়ানকাৰ সুন্দৰ মূৰতি দেখি পঢ়াৰ কথা পাহৰি গ'ল। ঠিক এই সময়তে " প্ৰাইভেট টিউটৰৰ" কথা ওলাল। লিউছেনস্যিওই সেই প্ৰাইভেট টিউটৰ হল। লগৰ লগুৱাক ভাল মানুহৰ সাজ-পাৰ পিন্ধাই কৈ দিলে সি যেন বিয়ানকাক বিয়া কৰাবলৈ আহিছে বুলি কয়। কিছুদিন যায়, বিয়ানকাই পঢ়ি আছে—তেওঁ কিছু দিনৰ পাছত লিউছেনস্যিওক বিয়া কৰাম বুলি কলে। ইপিনে ট্ৰেনিও— তেওঁৰ লগুৱা ডাঙৰ মানুহ হৈ