পৃষ্ঠা:পঞ্চৰত্ন- জ্ঞানদাভিৰাম বৰুৱা.pdf/৩৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
(২৪)
পঞ্চৰত্ন

কলে “মই আপোনাৰ জীয়েকক অহা দেওবাৰে বিয়া কৰম, সব যেন ঠিক্ ঠাক হৈ থাকে।”

 দেওবাৰ আহিল। দৰা যেতিয়া ওলালহি তেওঁৰ বেশ নো কি চাবা। টুপিয়েই যদি বা নহল চোলাটীত চাৰিওফালে ফুটা, জোতাৰ এপাট সিপিনে, এপাট ইপিনে, ককালৰ তৰোৱালখন মামৰেৰে ভৰা। ঘোৰাটীৰ হাৰেই নে ছালেই একো চিনকে ধৰিব নোৱাৰি। যেনে ঘৰৰ গিৰীহঁত আকৌ তেনেহে লগুৱা হোৱা হলে ভাল। Like master like man এটা বচন আছে নহয়! এনে দৰা দেখি ধনী শহুৰে লাজত মূৰ ডাঙিব নোৱাৰা হল। শহুৰেকে বহুত কাকুতি মিনতি কৰিলে “বোপা তোমাৰ কিহৰ অভাব? তুমি ভাল কাপোৰ পিন্ধা, আজি তোমাৰ বিয়া, আজি ভাল কাপোৰ পিন্ধিব পায়, পিন্ধা বোপা। ” পেট্ৰুকিওই পিন্ধে নে? তেওঁৰ যে দন্দুৰী শাসনৰ ইয়েই এপালি দৰব। যেতিয়া বিয়া হব ধৰিছে, তেতিয়া পুৰোহিতক গালি শপনি পাৰি পুৰোহিতৰ পুৰোহিতালিৰ প্ৰায় আধ্যাকে মাৰি পেলালে। এইবোৰ নানান দৰাই-নকৰা কাম কৰি সকলোকে তবধ মনালে আকৌ ইয়াৰ উপৰি বিয়াৰ ভোজৰ আগৈয়ে ঘৈণীয়েকক বাপেকৰ ঘৰৰ পৰা লৈ গৈ সকলোকে বিচূৰ্ত্তি খুৱালে।