পঞ্চৰত্ন/ভুলৰ ধেমালি

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
[ ২৭ ]

ভূলৰ ধেমালি।

 ঈজিয়ন নামেৰে স্বিৰাকিউজৰ এজন সাওদৰ দুটা [ ২৮ ] জজা লৰা আছিল। লৰাদুটা দেখিলৈ হুবহু একে। বাপেকে সিহঁতৰ নাম এন্টিফোলাছ্ থলে। যি ঠাইত সেই লৰা দুটী উপজিছিল তাতে আকৌ এজনী দুখীয়া তিৰুতাৰ দুটী জজা লৰা অছিল। সিহঁত দুইয়ো দেখি- বলৈ একে। ঈজিয়নৰ মন গ'ল যে এই দুখীয়া লৰা দুটীক নিজৰ ল'ৰা দুটীৰ লগুৱা কৰে। এই বুলি সিহঁতক আনিলে। ধনী মানুহ, যি মন গ’ল তাকে কৰিলে। ঈজিয়ন স্বিৰাকিউজৰ পৰা এপিডেনৰাম নামে এঠাইত সদাগৰী কৰিবলৈ গৈছিল। বেছিদিন থাকিব লগাত ঘৈণীয়েককো লৈ গৈছিল। তাতে লৰা দুটী উপজিছিল। পাছত বাটত নাৱেৰে আহোঁতে বৰ ধুমুহাই পাই নাও ডুবাই পেলালে। লগত পৰিয়ালৰ সকলোটীয়েই আছিল। ঈজিয়ন, এটি লৰা আৰু এটি লগুৱা ভাহি যাঁওতে তেওঁলোকক কোনো মানুহে ৰক্ষা কৰিলে। ৰক্ষা কৰি, চিনি পাই স্বিৰাকিউজলৈ লৈ গ’ল। ইপিনে ইমিলিয়াক আৰু সি দুটী ল’ৰাক আন মানুহে ৰক্ষা কৰি ইফিম্বাছলৈ লৈ গ'ল। ইমিলিয়া ঈজিয়নৰ ঘৈণীয়েক। তেওঁক যি মানুহে ৰক্ষা কৰে তেওঁৰ লগৰ ল’ৰা দুটীক সেই মানুহেই লৈ নোযোৱাত তেওঁ লৰা দুটীৰ কথা আৰু তেওঁৰ গিৰীয়েক আৰু আন দুটী লৰাৰ কথাও একোকে কব নোৱাৰিলে। এতিয়া তেওঁলোক তিনি ভাগ হ’ল! এই তিনিউ দলৰ এদলে আন [ ২৯ ] দলৰ কথা নেজানে।

 পাছত এনেদৰে দি যায়! দিন গল, মাহ গল, বছৰ গ'ল। কোনেও কাৰো খবৰ নেপায়। দিন, মাহ,বছৰ কাৰো নিমিত্তে বাট চাই নেথাকে। এনেকৈ বহুত বছৰ গ'ল। পাছত বাপেক আৰু লৰা দুটীয়ে (স্বিৰাকিউজৰ) ভাবিলে যে আনবোৰৰ ইমান দিন একো বা-বাতৰি নাই পোৱা, এবাৰ বিচাৰ কৰা যাওক। এই বুলি স্বিৰাকিউজৰ এন্টিফোলাছ্, আৰু লগুৱা ড্ৰোমিও (কবলৈ পাহরিছোঁ যে লগুৱা দুটীৰ নাম ড্ৰোমিও আছিল, জজা দেখি মাকে দুইৰো নাম একে থৈছিল) আনবোৰক বিচাৰি ওলাল।

 ইপিনে ইমিলিয়া মঠ এখনৰ গৰাকীয়নী হ'ল। তেওঁ নিজৰ কাম লৈ থাকে। সেই ঠাইতে যে তেওঁৰ লৰা এটি লগুৱাৰে সৈতে আছে তাক তেওঁ নেজানে।

 এন্টিফোলাছ্ আৰু ড্ৰোমিও— দুয়ো স্বিৰাকিউজৰ উভটি নহা দেখি বাপেক ওলাল। বাপেকে গৈ ইফিম্বাছ্ পালেগৈ। তেওঁৰ সকলো ধন খৰচ হ'লত তেওঁৰ অৱস্থা বৰ দুখৰ হ'ল। স্বিৰাকিউজৰ সাওদ বুলি তেওঁ চিনকী দিয়াত ইফিম্বাছৰ ৰজাই তেওঁক বন্দী কৰি থোৱালে। কিয়নো স্বিৰাকিউজৰ ৰজাই এই দেশৰ সাওদ এজনক বন্দী কৰাৰ পাছত প্ৰাণদণ্ড কৰিছিল। পৃথিবীৰ এয়ে নিয়ম! ইফিম্বাছৰ [ ৩০ ] ৰজাই ঈজিয়নক বন্দী কৰিলে, কিয়নো স্বিৰাকিউজৰ ৰজাই ইফিম্বাছৰ এজন সাওদক টকা দিব নোৱাৰাৰ বাবে প্ৰাণদণ্ডৰ আজ্ঞা দিছিল। পৃথিবীৰ নিয়মেই এই। এজনৰ দোষৰ বাবে আন এজনে ভোগে!' ৰজাই কলে— “তোমাক এদিন সময় দিয়া গ'ল, তুমি যদি এই দিনৰ ভিতৰত টকা দিব নোৱাৰা তোমাৰ প্ৰাণদণ্ড হ'ব।” তেওঁ মহাচিন্তাত পৰিল। এতিয়া টকা কত পায়?

 ইপিনে যি সৰু ল'ৰাটীক স্বিৰাকিউজৰ এন্টিফোলাছক-তেওঁ বিচাৰি আহিছিল, সেই লৰাটী তেতিয়া সেই ঠাইতে। এজন বন্ধুৰ লগ পাই জানিলে যে এই দেশত স্বিৰাকিউজৰ পৰা আহিছে বুলি কলে প্ৰাণদণ্ড হ'ব, সেই দেখি বন্ধুৰ পৰামৰ্শ মতে তেওঁ এপিডেনামৰ সাওদ বুলি নিজৰ চিনাকী দিলে। নিজৰ লগুৱাক অলপ টকা দি ক'লে “যা অতিথি আশ্ৰমত আমাৰ খোৱা বোৱাৰ ঠিকঠাক্‌ কৰ গৈ, এই নগৰ খন চাওঁ গৈ। ” লগুৱা গ'ল। ছহৰ ফুৰি নানান্ চিন্তা কৰি থাকোঁতে ড্ৰমিও আহি ওলালহি। ই কিন্তু তেওঁৰ লগুৱাটি নহয় দেই, আনটো ড্ৰমিও। ইমান সোণকালে উভতি অহাত আচৰিত হৈ কলে “হেৰ তই ইমান সোণ- কালে আহিলি দেখোন্”? ড্ৰমিওই কলে “আয়ে পঠাই দিছে। তেওঁ আপোনাৰ খাবৰ বস্তু বেহানী [ ৩১ ] ঠিকঠাক্ কৰি তপ্‌তৈয়াৰ কৈ ৰখি আছে। আহক খাওক হি। চেচা হব আকৌ।“ “তই আৰু ঠাট্টা মছ্‌ক‌ৰা কৰিব নেলাগে। টকা ক'ত পেলালি, ক।” “দেউতা মই টকাৰ কথা কব নোৱাৰোঁ, আমাৰ আয়ে আপোনাক খাবলৈ মাতিছে। তাকেহে জানোঁ।” “ক'ৰ আই ও?” “কিয়, দেউতাৰ ঘৈণীয়েক নহয় হবলা?” “তোৰ সাহ বাঢ়ি গৈছে নহয় নে? তোৰে সৈতে অলপ ৰং কৰি কথা কওঁ দেখি তই মুৰত উঠিলি, নহয় নে? ক টকা ক'ত থলি?” “দেউতা, খোৱাপাতত বহি মোৰে সৈতে ৰং ধেমালি কৰি থাকিব, এতিয়া খাওকহি।” “কটাৰ পো বন্দী, কটা সাহ পাই গলি হবলা।” এই বুলি ড্ৰমিওক উৰাই-ঘুৰাই মাৰিলে। ড্ৰমিওই গৈ কলে “আই, আমাৰ ফালে আৰু আইধা হ'ল। দেউতাই মোক মাৰি কিলাই খেদাই দিলে আৰু কলে যে তেওঁৰ কোনো ঘৈণীয়েক নাই।”

 এড্ৰিয়ানাই (ইফিম্বাছৰ এণ্টিফোলাছৰ ঘৈণীয়েক) এই কথা শুনি ক'লে—“এৰা মই কৈছিলোঁ নহয়, মোক তেওঁ এতিয়া সমূলি ভাল নেপায়। আন কাৰাবাক হে ভাল পায়।” এনে বহুত কথা কৈ হাহুমুনিয়াহ কাঢ়ি চিয়ঁৰ বাখৰ কৰিবলৈ ধৰিলে। লুছিয়ানা, তেওঁৰ ভনীয়েকে, কিমাননো বুজালে, একোতে [ ৩২ ] একো নহ'ল।

 ইপিনে স্বিৰাকিউজৰ এণ্টিফোলাছ অতিথিশালালৈ গৈ নিজৰ লগুৱাক টকা লৈ বহি থকা দেখি মনত অলপ শান্তি পালে। কিন্তু কিহৰ শান্তি? এড্ৰিয়ানা আহি হাজিৰ! এড্ৰিয়ানাই কিমান নো খং কৰিলে! এওঁ তো আচৰিত। তেওঁ এড্ৰিয়ানাক তো কেতিয়াও দেখা নাই। “বিয়াৰ আগৈয়ে কিমান ভাল পাইছিলা। কিমান মৰম লগা কথা কৈছিলা! কিয় আগৰ দৰে ভাল নোপোৱা? কাক ভাল পোৱা কোৱাঁচোন। মই নো তোমাৰ কি কৰিলোঁ? কোৱা, মোৰ স্বামী, কোৱাঁ, কিয় আজি কালি মোক ভাল নোপোৱা?”

 “সুন্দৰী মোক কৈছা নে? মইতো তোমাক বিয়া কৰোৱা নাই। এই ছহৰলৈ মই আজিহে আহিছোঁ। আহিবৰ দুঘণ্টা মানহে হৈছে মাথোন।” ক'লে কি হ'ব? এড্ৰিয়ানা নেৰানপৰাকৈ লাগিল। বাধ্য হৈ এণ্টিফোলাছ ভায়েকৰ ঘৰলৈ যাব লগীয়াত পৰিল। তাত গৈ খালে। এড্ৰিয়ানাই “স্বামী” বুলি সম্বোধন কৰে, লুছিয়ানাই “ভিনিহিদেৱ” বুলি সম্বোধন কৰে। সাৰেই আছে নে শুই থাকি সপোন দেখিছে তাকে তত্ ধৰিবলৈ এন্টিফোলাছে টান পালে। ইপিনে লগুৱা লিগিৰি মহলত ড্ৰুমিওৰো অৱস্থা তাৰ প্ৰভুৰ দৰে হ’ল। ৰান্ধনীয়ে তাক [ ৩৩ ] “গিৰিয়েক” বুলি “দাবি” কৰিলে! প্ৰভু ভৃত্য দুয়ো বিষম সঙ্কটত পরিল।

 ইপিনে এই এন্টিফোলাছে খাই থাকোঁতে আনজন এণ্টিফোলাছ আহি হাজিৰ—লগত লগুৱাও! দুৱাৰ কিন্তু কোনেও নোখোলে, কিয়নো ডাঙৰিয়ানীৰ হুকুম যে ঘৰলৈ যেন কাকো আহিবলৈ দিয়া নহয়। চাকৰবোৰে কয় “ঘৰৰ গিৰিহঁতে ভিতৰত ভেজন কৰিছে এতিয়া কাৰো সৈতে দেখা নহয়।” আছল গিৰিহঁত বিষম সমস্যাত পৰিল। পাছত ঘৈণীয়েকৰ সৈতে কোনে খাইছে এই কথা ভাবি একো ঠিক কৰিব নোৱাৰিলে আৰু গালি শপনি পাৰি ঘৰৰ পৰা গুচি গ'ল। ইপিনে ভোজন কৰা এন্টিফোলাছে সেই ঘর এরি গুচি যাব পাৰিলে ৰক্ষা পৰে। কিয়নো এওঁৰ এড্ৰিয়ানাক মুঠেই ভাল নেলাগিল। লুছিয়ানাক কিন্তু ভাল লাগিছিল দেই। তাতে আকৌ ড্ৰোমিওৰো ৰান্ধনিঘৰৰ গৰাকী জনীক মুঠেই ভাল লগা নাছিল। সেই দেখি অলপ সুবিধা পোৱা মাত্ৰকে দুয়ো সেই ঘৰ এৰি গুচি গ'ল।

 এন্টিফোলাছ (ইফিম্বাছর) আৰু তেওঁৰ ড্ৰোমিওক‌ এজন ডাঙৰ মানুহে কিনি লৈছিল। পাছত সেই মানুহ জনাই সেই লৰাটীক পুহি ডাঙৰ দীঘল কৰাৰ পাছত এটা ভাল কামত লগাই দিয়ালে আৰু বিয়া বাৰুও কৰাই দিয়ালে। ঘৈণীয়েকৰ সৈতে পঢ়োঁতাৰ চিনাকী হৈছে। [ ৩৪ ] এতিয়া এওঁ বৰ ধনী। বাপেক যে সেই ছহৰতে বন্দী তেওঁ গমকে পোৱা নাছিল। তেওঁৰ ভায়েক সেই ছহৰ পোৱাৰ অলপ আগৈয়েই ঠিক সেই একে দিনেই এটা সোণাৰীক তেওঁ এডাল সোণৰ মণি গঢ়াবলৈ দিছিল। পাছত আনজন এন্টিফোলাছক বাটত দেখি সোণৰ মণিধাৰ দি গ'ল। তেওঁ আচৰিত হৈ লগুৱাক ক'লে “এই খন কি দেশলৈ আহিলোঁ ও বʼল ইয়াৰ পরা যাওঁ। নাৱত বস্তু বাহানী তোল গৈ।”

 সোণাৰীয়ে আকৌ কাৰাবাক কিবা অলপ ৰূপ দিব লগীয়া আছিল। সেই টকা নিদিয়াত ৰজাৰ হুকুম মতে তাক টেকেলাই ধৰিলে। সেই ঠাইতে আকৌ ইফিম্বাছৰ এণ্টিফোলাছ আছিল। তেওঁক দেখি সি ক'লে “ডাঙৰীয়া, সেই মণি ধাৰৰ বেচ এতিয়া দিলে মই রক্ষা পৰোঁ। নহ'লে মোৰ বৰ দুৰ্গতি হ'ব।” এন্টিফোলাছে ক'লে “মোক ক'ত মণি দিছিলা, মই তেনে একো বস্তু তোমাৰ পৰা পোৱা নাই।” এই বুলি দুইৰো ভিতৰত বহুত তৰ্কাতৰ্কি হোৱাৰ পাছত সোণাৰীৰ লগত ইফিম্বাছৰ এণ্টিফোলাছকো ৰজা ঘৰীয়া টেকেলাই বন্দীশাললৈ লৈ গ'ল। বাটত স্বিৰাকিউজৰ ড্ৰোমিওক লগ পাই ক'লে “যা বোপাই মাৰৰ পৰা টকা লৈ আহ গৈ। মোক ৰজাঘৰৰ বন্দীশাললৈ লৈ যাব লাগিছে।“ এই লগুৱাই ভাবিলে “আকৌ [ ৩৫ ] দেখোন দেউতাই সেই ঘৰলৈকে রূপ আনিবলৈ পঠাই। এইখন কি হল? বাৰু যাওঁ, যেতিয়া “নিমখ” খাইছোঁ নিমখ হাৰামি নকৰোঁ। যাৱেঁই।” এই বুলি এড্ৰিয়ানাৰ ঘৰলৈ গ'ল। পাছত টকা আনি বাটত নিজ মুনিৰক পাই টকা দিয়াত এন্টিফোলাছ বিচুৰ্ত্তি হ'ল। তেতিয়াই এজনী তিৰুতা মানুহে আহি তেওঁক সম্বোধন কৰি কলে “আজি মোৰ লগত আপুনি আহাৰ কৰিছিল। মনত আছেনে? আপুনি মোক মণি এধাৰ দিব খুজিছিল।” এই এন্টিফোলাছৰ আচৰিতৰ মাত্ৰা বাঢ়ি যাব ধৰিলে। কলৈ আহিলোঁ, মোৰ কিহ’ল? ইত্যাদি ভাবিব ধৰিলে। কিয়নো তেওঁ তো এই তিৰুতা জনক কেতিয়াও দেখা নাই।

 আছল কথা হৈছে এই। ইফিছাছৰ এন্টিফোলাছৰ ঘৈণীয়েক এড্ৰিয়ানা বৰ সন্দেহী মানুহ আছিল। প্ৰত্যেক কথাতে ভাবিছিল যে তেওঁৰ গিৰীয়েকে তেওঁক ভাল নেপায়, আন কাৰোবাকহে ভাল পায়। এনেবোৰ কথালৈ মাজে মাজে দুইৰো ভিতৰত কাজিয়া লাগিছিল। সেই দিনা নিজৰ ঘৰত সোমাব নোৱাৰি মনৰ বেজাৰত আৰু ঘৈণীয়েকে এই বিষয় লৈয়েই কাজিয়া কৰি থাকে দেখি তেওঁ আন এজন তিৰুতাৰ সৈতে খাইছিল গৈ। ইউৰোপৰ ৰীতি আৰু আমাৰ ৰীতি বেলেগ। এই তিৰুতা জনে আকৌ সোণৰ মণিৰ লোভত এটা আঙ্গঠি [ ৩৬ ] এন্টিফোলাছক দিছিল। স্বিৰাকিউজৰ এন্টিফোলাছে এওঁক নিচিনা দেখি খং উঠি কলে গৈ যে তেওঁৰ গিৰীয়েক বলিয়া হৈছে। তেওঁ গৈ এড্ৰিয়ানাৰ ওচৰ পালেগৈ। এড্ৰিয়ানাক গোচৰ কৈ থাকোতে ইফিম্বাছৰ এণ্টিফোলাছ বন্দীশালৰ গৰাকিৰে সৈতে আহি হাজিৰ! এড্ৰিয়ানাৰো গিৰিয়েক বলিয়া বুলি বিশ্বাস হ'ল। বন্দীশালৰ গৰাকিক টকা দি গিৰীয়েকক বন্ধ কৰাই থোৱালে আৰু বেজ মাতি পঠিয়ালে।

 ইয়াৰ অলপ পাছতে এড্ৰিয়ানাই শুনিলে যে তেওঁৰ গিৰিয়েক আৰু লগুৱা বাটত ফুৰি আছে। গিৰিয়েক পলাই গৈছে বুলি ভাবি মানুহ দুনুহলৈ পাছে পাছে গ'ল। গৈ গৈ মঠৰ ওচৰ পালে গৈ। সেই মঠৰে গৰাকী এন্টিফোলাছহঁতৰ মাক।

 এই মঠৰ ওছৰতে আকৌ স্বিৰাকিউজৰ সাওদৰ প্ৰাণ দণ্ড দিবৰ হুকুম হৈছিল। এওঁ আৰু টকা দিব নোৱাৰিলে। দণ্ড ভূমিলৈ লৈ যোৱা হ’লত মঠৰ গৰাকীয়ে তেওঁক তেওঁৰ স্বামী বুলি চিনি পালে।

 ঘটনা চক্ৰত সেই ঠাইতে সকলোৰে মিলন হ'ল। স্বিৰাকিউজৰ এন্টিফোলাছৰ লুছিয়ানাৰ সৈতে বিয়া হ’ল। সকলোৰে আনন্দ হ'ল। *


  • টোকা।

এই নাট খনি “ভ্ৰম ৰঙ্গ” নামেৰে অসমীয়া ভাষাত ১৮৮৮ কি [ ৩৭ ] ৮৯ চনত লেখা হৈছিল। ১৮৯০ চনত ভৱানীচৰণ দত্তৰ লেনৰ মেছত ইয়াৰ ভাৱনা মই দেখিছিলো। তেতিয়া মোৰ দুয়ো ককাই-দেৱ অছিল, দেৱতা আৰু আই ও আছিল। আৰু এজনা বাইদেৱ (শ্ৰীযুতা স্বৰ্ণলতা দেবী) তেওঁৰ দুটী ছোৱালীৰে সৈতে আমি সকলো একেলগে ৬৬ মিৰ্জাপুৰ ষ্ট্ৰীটত আছিলো। সেই ভাৱনাত শ্ৰীযুত চন্দ্ৰ কুমাৰ আগৰৱালা, শ্ৰীযুত লক্ষ্মীনাথ বেজবৰুৱা, শ্ৰীযুত হেমচন্দ্ৰ গো‍ঁসাই, ৺প্ৰসন্ন কুমাৰ ফুকন (৺নন্দেশ্বৰ ফুকন আৰু শ্ৰীযুতা পদ্মাৱতী ফুকননী দেবীৰ পুত্ৰ) শ্ৰীযুত গিৰিশচন্দ্ৰ বেজবৰুৱা —এওঁলোক দুয়ো কলিমন, ড্ৰমিও হৈছিল) শ্ৰীযুত বেণুধৰ ৰাজখোৱা, লক্ষেশ্বৰ শৰ্ম্মাই পাৰ্ট লৈছিল আৰু ৺দ্বাৰকেশ্বৰ শৰ্ম্মায়ো বোধ কৰোঁ “পাৰ্ট” লৈছিল। শ্ৰীযুত তাৰিণীচৰণ ভট্টাচাৰ্যয়ো লৈছিল। শ্ৰীযুত দুৰ্গাবর বরকটকীও আছিল বোধ কৰো। আৰু কোনে লৈছিল মনত নাই। সেই খিনি সময়ৰ কলিকতাৰ ছাত্ৰসকলৰ বিৱৰণ যদি কোনোবাই লেখে এতিয়া সেইবোৰ কথা পঢ়িবলৈ সকলোৰে নিশ্চয় ভাল লাগিব। কিয়নো তেওঁলোকৰ সকলোৱেই এতিয়া তেওঁলোকৰ ভিন ভিন কৰ্ম্মক্ষেত্ৰতো একো একোজন ৰথী মহাৰথী আৰু তেওঁলোকৰ প্ৰায় সকলোটিয়েই সাহিত্য ক্ষেত্ৰত এতিয়া সুপৰিচিত। ভ্ৰমৰঙ্গ এতিয়া কিনিবলৈ পোৱা যায় নে নেয়ায় কব নোৱাৰো। যদি হে নাই তেনেহলে তেওঁলোকেই কিম্বা আজি কালিৰ উঠি অহা ডেকাসকলে এই খন ছপাই এই কালর কিতাপ পঢ়োতাসকলক পঢ়িবলৈ দিয়া উচিত। নতুন বহুতো কিতাপ ওলাইছে সেই বুলি পুরণাক মৰম কৰা অনুচিত নে?

 গুৱাহাটী।
 ২৩। ৪। ১৯