পৃষ্ঠা:পঞ্চৰত্ন- জ্ঞানদাভিৰাম বৰুৱা.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২৬)
পঞ্চৰত্ন।

কিওই কলে যে তেওঁলোক হোটেনস্যিওৰ লগত পাডুৱালৈ যাব। সাজ নিজৰ নিজৰ বংশ মৰ্য্যাদা অনুসাৰে পিন্ধা হ’ব। কিন্তু চোৱাঁ কি হল। তেতিয়া আমাৰ দৰাৰ ইটো বেয়া লাগিল, সিটো ভাল নহয়, আনটো “বে- পছন্দ" এনেবোৰ কথা কৈ কাপোৰ ইপিনে দলিয়াই সিপিনে দলিয়াই একেবাৰে আটাইকে নগুৰনাস্তি কৰিলে। তাৰ ফল হ’ল এই যি সাজেৰে ঘৰ পাইছিলহি সেই সাজেৰেই পাডুৱালৈ যাত্ৰা কৰিলে। সেই চোলা, সেই জোতা, সেই টুপি, সেই ঠেঙা আৰু সেই ঘোৰা! ট্ৰেনিও অৰু লিউছেনস্যিওৰ কথা মনত আছেনে? ট্ৰেনিও ভাল মানুহ হোৱাৰ কথা আৰু লিউছেনস্যিও বিয়ানকাৰ পণ্ডিত হোৱাৰ কথা! বিয়ানকাৰ বাপেকে ট্ৰেনিওৰ সৈতেই বিয়ানকাৰ বিয়া দিয়াৰ ঠিক কৰিলে। ট্ৰেনিওই কিন্তু নিজক লিউছেনস্যিও বুলিহে চিনাকি দিছিল। পাছত এজন মানুহক লিউছেনস্যিওৰ বাপেক বুলি বেপটি- ষ্টাৰ সৈতে চিনাকী কৰাই দিলে। এই বুঢ়া জনে বেপটিষ্টাক কলে “আহক আমি অলপচৰপ যি বন্ধৱস্ত খিনি কৰিব লগা আছে কৰোঁ গৈ— বিয়ানকা আৰু লিউছেনস্যিওই পাছে পাছে লাহে লাহে আহি থাকিব।” এই বুলি দুয়ো ওলাই গল। পাছত লিউছেনস্যিও আৰু বিয়ান্‌কা গ'ল। কিন্তু বিয়ান্‌কা আৰু