“আছল” লিউছেন্স্যিওহে; “নকল” নহয়। বেগা-বেগিকৈ দুয়ো গিৰ্জ্জালৈ গ'ল আৰু দুইকো পুৰোহিতে বিয়া দি দিলে। বিয়াৰ পাছত লিউছেন্স্যিওই নিজৰ বাপেকক তেওঁৰ ঘৰত দেখা পালে। বাপেকক দেখি তেতিয়াই ভৰিত পৰি সেৱা কৰি সকলো কথা কৈ বাপেকৰ আশীৰ্বাদ হলে।
ইপিনে আমাৰ আগৰ দৰা কন্যা হালৰ কথা কওঁ শুনা। পেট্ৰুকিওৰ তো সেই বেশ, তাৰ উপৰি বাটে পথে নানান্ ৰকমৰ উদ্ভণ্ডালি কৰি কেথেৰিণাৰ আৰু “কেথেৰিণাত্ব” নেৰাখিলে। বাটতে কয় “মোক এতিয়াই বাটতে এটা চুমা দিয়াঁ। ” ইত্যাদি বলিয়ালি কৰি আকৌ কয় “যদিহে মই যি কওঁ তাকে নকৰা ভেৰোণালৈ এই দণ্ডে উভটি যাম।” দেহি ঐ কেথেৰিণা! তাইৰ আৰু নিজস্ব একো নেথাকিল। পেট্ৰুকিওই এনে শিক্ষা দিলে যে তায়েই আকৌ আনবোৰ সমনীয়া ছোৱালীক উভটি গৈ কয় “সকলো তিৰুতাৰে স্বামীৰ কথামতে চলা উচিত।”
শ্যেক্সপিয়েৰৰ কিতাপ খন পঢ়িলেহে ইয়াৰ সোৱাদ ভালকৈ পাবা। পঢ়িবাঁ।
ভূলৰ ধেমালি।
ঈজিয়ন নামেৰে স্বিৰাকিউজৰ এজন সাওদৰ দুটা