পৃষ্ঠা:পঞ্চৰত্ন- জ্ঞানদাভিৰাম বৰুৱা.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২৩)
পঞ্চৰত্ন।

বেপটিষ্টাক কৈ আছে— “মই আপোনাৰ ছোৱালী বিয়া কৰাম।”

 বিয়ান্‌কাক দেখি ভোল যোৱা আৰু এজন ডেকাই কেনেকৈ ভুৱা দিবলৈ চেষ্টা কৰিলে শুনা। এওঁৰ নাম হোৰ্টেনল্যিও। এওঁৰ পেট্ৰকিও বুলি বন্ধু এজনক কেথেৰিণাক বিয়া কৰাবলৈ স্বীকাৰ কৰালে। পেট্ৰুকিওই অতি ৰং মনেৰে এই কাম কৰিবলৈ সাজু হল। পেট্ৰুকিওই কেথেৰিণাক বিয়া কৰালে আৰু বিয়ানকাক হোৰ্টেনল্যিওই বিয়া কৰাবৰ একো বাধা নেথাকিব। ধন্য বন্ধু পেট্ৰুকিও। এনে স্বাৰ্থত্যাগ কেইজনে কৰে!!!

 পেট্ৰুকিওৰ সৈতে কেথেৰিণাৰ চিনাকী হওঁতেই তেওঁ ছোৱালী জনীক “কেট্” বুলি সম্বোধন কৰিলে। কেথেৰিণাক সংক্ষেপে কবলৈ গলে মানুহ কেট্ বুলি কয়। বিশেষ চিনাকী নহলে এনেকৈ সম্বোধন কৰাটো ঠিক ভদ্ৰজনোচিত নহয়। কিন্তু কৈছে নহয় “শঠে শাঠ্যং সমাচৰেৎ।” যেতিয়া কেথেৰিণাই গালি পাৰিব ধৰিলে তেতিয়া তেওঁ কলে “এৰা, এতিয়া অলপ চলপ ভাল যেন লাগিছে।” আৰু যেতিয়া মাৰিলে তেতিয়া কলে “তোৰ ভাল লাগক নেলাগক মই তোক বিয়া কৰিহে এৰিম।” এনেকৈ চুপতি কৰি থাকোঁতে বাপেক অহি ওলালহি। বাপেকক