পৃষ্ঠা:পঞ্চৰত্ন- জ্ঞানদাভিৰাম বৰুৱা.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২৫)
পঞ্চৰত্ন।

 বাটত যে কিমান বিঘিনি হৈছিল, তাৰ অন্তই নাই। পেট্ৰুকিওই সকলো সময়তে কাম আৰু ব্যৱহাৰত এনেহে দেখুৱাইছিল যেন ঘৈণীয়েক নায়েই। চাকৰ বাকৰক যতে পায় তাতে কোবাইছিল। ইপিনে আকৌ এবাৰ চাকৰক কোবাই থাকোতেই ঘোৰা পলাই গ'ল। পাছত আৰু একো উপায় নাই, কি কৰিব আৰু, খোজ কাঢ়িব লগাত পৰিল। দৰা কন্যাৰ কি অবস্থা হ’ল ভাবি চোৱা চোন্ বাৰু। ঘৰ পাওঁতে পাওঁতে ভৰিৰ বিষত তৰণী নোহোৱা হʼল। আইঔ দেহি কেথেৰিণা, বাপেকৰ আলাসৰ লাৰু— কʼত কন্যা হৈ ঘোৰা কি দোলাত উঠি শহুৰেকৰ ঘৰলৈ যাব, নে এতিয়া খোজ কাঢ়ি যাযলগীয়াত পৰিল! ঘৰ পাই পেট্ৰুকিওই বস্তু বাহানী পেলাই সকলো “লণ্ডভণ্ড" কৰিলে। খোৱা বোৱা নহ'ল আৰু খাবৰ ব'বৰ বস্তুবোৰ ৰন্ধা বঢ়া বেয়া হৈছে বুলি সকলো চাৰিউ ফালে ছটিয়াই মজিয়াত পেলাই দিলে। চাকৰবোৰৰ সেইদিনা মাৰ খাই পিঠি ডগা হ'ল। সেই দিনতে এনেবোৰ কথাৰ ওৰ নপৰিল। খং চলিয়েই আছে। পেট্ৰুকিওৰ খং আৰু ব্যৱহাৰ দেখি কেথেৰিণাই আচৰিত মানিলে। নিজৰ খং আৰু দেখুৱাবৰ সময়েই নেপালে। পাছত এদিন হোৰ্টেন্-সিওই তেওঁলোকৰ সৈতে দেখা কৰি লৈ গ'ল। পেট্ৰু-