দৰবাৰ

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[  ]
 

দৰবাৰ।

 

শ্ৰীবেণুধৰ ৰাজখোৱা, বি-এ।

 

[  ]
 

দৰবাৰ।

(ৰজাৰ অভিষেক উপলক্ষে ধেমেলীয়া নাট।)

শ্ৰীযুত বেণুধৰ ৰাজখোৱা, বি-এ,
দ্বাৰা ৰচিত।

১৯০২ সাল।

শ্ৰীভুবনেশ্বৰ দুৱৰাৰ দ্বাৰা প্ৰকাশিত৷

গোলাঘাট।

প্ৰথম তাঙৰণ

কলিকতা,

৬ নং কলেজ-স্কোয়াৰ, সাম্য-যন্ত্ৰে,
শ্ৰীনিবাৰণচন্দ্ৰ ঘোষৰ দ্বাৰা
ছাপা হ’ল।

[  ]

২য় দৰ্শন
ঘৰ।
(চাৰি জন গাৱলীয়া অসমীয়াৰ প্ৰবেশ।

প্ৰথম।— তাৱৈ, খৰপোচ্ কৰ, বেগতে খা; আজি মহাৰাণী ৰজা হব।
দ্বিতীয়।— ধেইক্ কটা! মেহেৰাণীৰ ঝীয়েক হে ৰজা হব। ই নিচেই মুলুং।
প্ৰথম।— তাৱৈ, মেহেৰাণী ৰজা ভাগিল না কি? মিলো কলৈ গল?
দ্বিতীয়।— এইটো মেলেছব পো। মেহেৰাণী মৰিল, তই হবলা

কথাটো ট; কৰাই নাই?

তৃতীয়।— মেহেৰাণী বোলে আকৌ অমৰ, এতিয়ানো মৰিল

কিহৰ জগৰত?

দ্বিতীয়।— এৰা, মোমাই, তেৰাঁ চলিল, মৰিব নো কি। তুমি

আমি নে কিবা মৰিম।

চতুৰ্থ।— এ, ভিনিহি, টিকিৰা পণ্ডিতে কৈছিল, তেওঁ হেনো হোঁ-

হৰীলে বৈকুণ্ঠলৈ গল।

প্ৰথম।— হোঁ-হৰীলে নো কি বুলিলি?
চতুৰ্থ।— নমৰাকৈ লাঙ্গেঁ-লাঙ্গেঁ বৈকুণ্ঠলৈ গল।
প্ৰথম।— বৈকুণ্ঠ খন যমপুৰীৰ লেখীয়া না কি?
চতুৰ্থ।— নহয় অ, তাত্‌কৈ নেলাগে স্বৰ্গত্‌কৈও বারু।
প্ৰথম।— আমাৰ ৰংপুৰ জিলাখনৰ লেখিয়া চাগৈ, নহয় না ককাই?
তৃতীয়।— ৰংপুৰ নো কি, ডিবৰু খনত্‌কৈ বেচ্‌ পাই।
তই জনা হে নাই।
[  ]
দ্বিতীয়।— আমাৰ টিকিৰা পণ্ডিতৰ গাত বিচৌ বিচৌ গুণ আছে পাই।
হোঁ-হৰীলে বৈকুণ্ঠলৈ যোৱা কথাটো মোৰ মনে ধৰিছে।
তেওঁ মিছা কথা নকয়।
প্ৰথম।— ই, কেলৈ নকয় অ পুঠাও। হিদিনা মই পান এবিৰা গুণাই-

ছিলুং, নিদুং যা বুলি কলে পাই। হেইটো মিছা কথা নহল না?

তৃতীয় ।— এৰা মিছা নুবুলিলো আৰু তাক কি বুলিব পাৰিবি। গপ

বুলিবলৈও, মোৰ পভু দেৱক চিন্তি, তাৰ ঘৈণীয়েক জনী যেনেহে চোকা, হি কি গপ কৰিব।

চতুৰ্থ।— টিকিৰা পণ্ডিতে মিছা কথা নকয়, মই নপতিয়াং। হাস্তৰ,

ভাগৱত তেনেই তাৰ মুখতে লি-লি কৰি থাকে পাই, মুখ মেলিলেই হোপাই ওলাই আহে। কাণখোৱা পুথিখন এমুৰৰ পৰা গাবলৈ ধৰিলে ৰাইথ্‌ নাইকিয়া হয় নহয়- দেখা নাইনা, মানুহটো এহাতলৈ কেনেকৈ উঠি উঠি বহে।

প্ৰথম।— মোহা, হি কি হঁচা মানুহটো ওলাইছে। মোৰ গাঠিত

তামোল এবিৰা আছিলেই, পান এটাকে নিদিলে।

চতুৰ্থ।— তই একো নেজান অ’!
প্ৰথম।— তই ছলপাই গৈছ না কি, ইমান টান কথা কৈছ। নিচাওৱে

নেদেখিছিলি মুলুং মেলেছৰ পো হে বুলিছিল, তেও একো নেজান বুলি কোৱা নাই। তই বৰ নিৰ্গত মানুহ পাই।

চতুৰ্থ।— গোট-কাঠ, নেজান বুলিলেই লাজ পা। চাপৰি পাই ছল

বাইছ। কটা বন্দী!

প্ৰথম।— হঁচাই কৈছ না, আহ্‌, ককালে ককালে লাগুং।
[  ]
দ্বিতীয়।— আবৰী মানুহৰ দৰে দন্দ পাতিবলৈ আহিছ না। এই দৰে

থাকু; তে হিপিনে দৰবাৰ ভাগিবই। পোলতে আকৌ ইয়াৰ হে থৰপোছ টো টান হৈছিল। হেৰ অঁকৰা, তালৈ গলে কিবা হন্দেহ, কিবা জেলেপ-লেপি, কি নাম পধ্যে লাৰু, এইবোৰ বাৰু বাৰু মিঠে খাবলৈ পাবি।

ৰাগিণী পিলু-তাল যৎ।

প্ৰথম।— দ্বন্দ ভাগিল তাৱৈ আমাৰ গাঠিটো মেল্ বাৰু।

ছালি এখন চোবাই ঘাং মুখখন গুছিল আৰু। তাৱৈ কোবাকুবি বল, তেহে পাম গৈ ৰজাৰ মেল, পেট ভৰাই থাব পাম হান্দ, পিঠা, লাৰু।

[  ]

১ম দৰ্শন।
জুপুৰি ঘৰ।
(এজন কছাৰীৰ প্ৰবেশ।)
গীত।

কছাৰী৷–
ফাই থাংনি ফাই, আদা, নানি, দৰবাৰ নুছৰগণ।


গবাং গবাং গেদেৰ গেদেৰ মান্‌সি ফাইগণ।
বুৰৈ গেজা গথো ফোৰ, মা খালাম্‌গণ নুংচোৰ,
নাইনি নাইনি গাহাম মন্‌গন্‌ মানেই মগন—
গুফুৰ গুচুম গজাং হি, গবাং লাব্‌গণ,
মুসনো ৰজনো মান্‌সি গবাং ফাইগণ।

[ প্ৰস্থান।

[  ]

(৬)

দ্বিতীয় দৰ্শন।

বাট।

(তিন জন পৰগণীয়াৰ প্ৰবেশ।)

প্ৰথম।— তুহ্‌না হাঠিব নৰাহ্‌ যদি আহিছাহ কিয়া, পুত্খা। দৰবাৰ চাবালাগি, তুহ্‌না হেলা কৰ্ব্বা ধৰ্চ্ছি। সঁহয় যাওঁ মানে বেলি ভাঠি দিব।
দ্বিতীয়।— গেইছু দিয়া। খংকৰা কিয়া। খুজ কাৰিবানক, কি কৰিমহে। পাম যাই দিয়া। ৰাইজ নেগেলে নো দৰবাৰ কেন্কে হব। তাহোন আমাক লাগি ৰখি থাক্‌ব।
তৃতীয়।— তাহোন ইমান কথা জান্‌বা নৰ্ব্বনা? ৰাইজগিলা নো ভাত-পানী নাখ্‌বনা? জাৰমাহা বেলি খচ্‌ কৰি যায়; খাই উঠিলি কি বেলি হিপাৰ হব।
দ্বিতীয়।— তিৰীটো চপ্কে ভাত ৰান্ধ্‌ব যাব না? বাবু খানে ইমান কথা জানান্‌বনা। তুহ্‌নাৰো তিৰী আছে, বেলা নোহায় দিয়া।
প্ৰথম।— তুহ্‌নাৰ তিৰীগিলা বৰচোখা। ৰাতি থাকাতে উঠ্‌ব, ভাত ৰান্ধৱ, বাবুখানে ১০ বাজিলেই কাছাৰিক যাব। তুহ্‌না কথা পাছে কবি। এতিয়া যাওঁ আহ্।
দ্বিতীয়।— ভিঠিমৰা বাবুখানে দাতিকুৰি যাৱলাক্‌। যা, তই আগেই যা; আমি পলম্কে যাম।

[প্ৰথম জনৰ প্ৰস্থান।]

তৃতীয়।— আজি আমাৰ নতুন ৰজা হৰ, ৰং কৰ্ব্বা লাগে।
[ ১০ ]

ৰাগিণী জংলা-তাল খেম্টা।

উপকাৰ্ কৰি হাত দুখান ভাই নাচ্ কৰা হেদিয়া।
নাচিবা নাজ্‌না যদি ভাই মৰি নেষাহ্ কিয়া।
মোৰ দৰে চাই চাই,  কোকাল ঘূৰাবি ভাই,
পাছে হলি লাজ পাবি, শিখিল ইতিয়া।

[দুইৰো প্ৰস্থান]

[ ১১ ]

১ম দৰ্শন।


বাট।


( এজন নেপালী আৰু এজন নেপালী গাভৰুৰ প্ৰবেশ।

[নেপালীয়ে গীত গায় আৰু গাভৰুৱে নাচে।]


গীত।


নেপালী।—
 দৰোৱাৰ হেৰনে যাওঁ, ডবল্ ডবল্‌ হিন হো,
 ফুৰ্ত্তি মেৰো সাক্ষী প্যাৰা।
 খেল তামাসা ঢেৰই ইঞ্চ, খুব জাতি জাতি,
 আঁখিয়েৰ হেৰিয়েৰ খুসী হঞ্চ ছাতি।
 ৰামৰ ৰামৰ তৰুণী হেৰ আয়কচ দৰোবাৰ।
 তিনি হেৰকো কমৰ হিল্‌চ, ক্যায়সা মজাদাৰ৷

[ দুইৰো প্ৰস্থান।


[ ১২ ]

দ্বিতীয় দৰ্শন।


দৰবাৰৰ ওচৰৰ ঠাই।


(এমন কাবুলীৰ প্ৰবেশ।


খাম্বাজ-ঠেচ, কাওৱালি।


কাবুলী।—
খাস্ কাবুল কা মিঠা ফল খা লেও বেদম;
পেস্তা মেৱা থিস্‌মিস্ সোহোৰা বাদাম।
আখৰাট্‌ বেদানা ফল,  আঙ্গুৰ লে লেও বিলকুল্‌,
দৰবাৰ ওৱালা সৱ জোৱান হো যায়েগা একদম।

( এজন অসমীয়াৰ প্ৰবেশ।)


কাবুলী। (হাতত ধৰি) পয়সা নিকাল। কেত্তা মহিনা হুৱা, দাম
দেনেকা খিয়াল নেহি হায়। বেইমান্‌, ইস্ বখত পয়সা
দেও। নেহি ছোড়েঙ্গে।
অসমীয়া। (মনে মনে) হাঁ ভৈয়াই, আজি যমদূতৰ হাতত পৰিলোঁ।
ইমান দিন টাগবাগ্‌কৈ ফাঁকি দি ফুৰিছিলোঁ, আজি দৰবাৰ
চাবলৈ আহি ধৰা পৰিলোঁ। (ফুটাই) কাবুলী চাহাব,
তোমাকে ইয়াতে পাম বুলি হাম মালুম কৰা নাই। নহলে
ৰূপিয়া আনিলোঁহেঁতেন। তুমি মোক কথাবাৰ্ত্তা নোকোৱাকৈ হাতমে :::ধৰিলা কেলৈ? মই বামুণৰ বেটা, এইঠো
লগুণ চোৱাঁ। অজাতিয়ে ছুলত এতিয়া মোৰ পৰাচিত
লাগ্‌গিয়া। চাৰি ধেনু পৰাচিত লৈলগা। সেই ধন আতি
তুমি দিব নে? ৰাম, ৰাম, তুমি খেৰাপ কাম কৰিলে।
কাবুলী।-তোম্‌ মতোৱাল হায়। ভৰ্‌ ভৰ্‌, ভৰ্‌, ভৰ্‌কিয়া বাত বতি
য়াওতা? কুছ সমজ্‌তা নেহি। যব পাকৰ গিয়া, নেহি
ছোড়েঙ্গে।

[ ১৩ ]
অসমীয়া।– (মনে মনে) সৰ্ব্বনাশ, এটা বুধি কৰোঁ। এটা চিঞৰ

মাৰি দিওঁ, তেতিয়া সি এৰি দিব। সিমানতো নেৰিলে, টানকৈ এটাহ পাৰি দিম। তেতিয়া পুলিচ্‌ আহি কি হৈছে বুলি সুধিলে, কাবুলীয়ে মোৰ কাপোৰ কানি কাঢ়ি সব খুজিছে বুলি কৈ দিম। আৰু অলপ চিঞৰিলেই আজি সি এৰি দিব—দৰবাৰত হাই কৰিবৰ হুকুম নাই। (চিঞৰি চিঞৰি) এৰি দেঔ! মৰিলোঁ ঔ?

কাবুলী।– (ভয় ভয় কৈ) বড়া সয়তান হ্যায়। দেখ, চুপ ৰহ। তোম

কাল জৰুৰ পয়সা দেওগে?

অসমীয়া।– (কাওবাও কৈ) খোদাওন্দা, কাইলৈ দিম। তুমি ভয়

নকৰিবা। লাগ যদি লগুণ ডালকে আজি বন্ধক থৈ যাওঁ।

কাবুলী।– তোমাৰ বাত্‌ ঝুঠা হোনেসে, ফিন্ ভেট হোগা ত জান লে

লেগা। বড়া সৰমকা বাত্‌। তোমকা ইমান্‌, ধৰম্ নেহি হায়?

অসমীয়া।– ( কঁপি কঁপি) ইমান ফেৰা ধৰম কেলৈ নহব। কাইলৈ

দিম।

কাবুলী।— চলা যাওঁ।

[ অসমীয়াৰ হাত এৰি দি গুচি যায়।

অসমীয়া।– কোনো মতে তেও সাৰিলোঁ। আৰু সি মোৰপৰা ৰূপ

পাব, সেইটি কথা ( মূৰ জোকাৰি) ও হোঁ হোঁ।

[ প্ৰস্থান।

[ ১৪ ]

প্ৰথম দৰ্শন।


পৰ্ব্বত।


( কেইজন মান খাছিয়া খাছিয়ানীৰ প্ৰবেশ }
ৰাগিণী আদ্দাতাল ঠেচ্‌, কাওৱালি।
ইয়া মনটা লাইত দৰবাৰ, মাঙ্গা চুঙ্গেীতা।
হা; তাই ইৱৰিও কিনিয়া ৰে'ৱাই, শেয়াত্‌, ৰাভা বাতা।
আলে কলই বা কং,  ওৱাত, ছেলেম্ কহেপ, ককং,
উঠিন্‌ জছ্‌পং উম্‌ফং হেন্‌মে, ইতে মাট্ হক্ মন্‌ছিম্‌ জুঙ্গাঁ॥


দ্বিতীয় দৰ্শন।


নেৰদাতি।


( এজন মিমি আৰু এজন অসমীয়াৰ প্ৰবেশ।)


ৰাগিণী জঙ্গলা—তাল কাশ্মীৰী।


মিৰি।—
কাঙ্কই, চাবি না তই মেল?
চৰ্কাৰৰ উকুন ঐছে, অব কিবা কেন।

[ ১৫ ]

মানু যাব জাক জাক,  কত মিছিং কত মিপাক্,
বাগি-বুঅৰি যাব পৰ্জা, অব লেল্‌ পেল্‌।
মিৰি।—কঙ্কাই, কিবা মেল অব, তই যাবি না?
অসমীয়া।—এৰা, যাম পাই। তুইও যাবি নে কি?
মিৰি— আমাৰ গামে কবক দিছে, চব মানু যাব লাগে। তাত নো কি
অব, কাঙ্কাই কব পাৰ না?
অসমীয়া।-তাত নাচ, গান বহুত কিবাকিবি হব।
মিৰি।—আমাৰ গাব নাচিব না?
অসমীয়া৷- নহয়, কলিকতাৰ পৰা ভাল নাচনী আহিছে।
মিৰি।—এ, মিছা কথা, আমাৰ মিৰিয়নীৰ মান কোনাৱে নাচিব
নোৱাৰে। আমাৰ মিৰিয়নী হঁতে, কঙ্কাল ছিঙ্গি যাব, তেও
নাচিব নহয়। তই পাৱতী গাবৰুক চিনি পাৱ না?
অসমীয়া।-নেপাও, কেলৈ নো সুধিছ?
মিৰি।—তাইৰ সমান কোনে নাচিব পাৰে, চাওঁচোন। কলিতা নে
লাগে তাতোকৈ ভাটিয়লীয়া গুৱাআটী চহৰৰ নাচনী আহিলেও,
আমাৰ উজনিয়াল মিৰিয়নী গাবৰুক চেৰ পেলাব নোৱাৰে।
অসমীয়া।-তহঁতে কলিকতীয়া নাচনী নাই দেখাদেখি হে এই দৰে
কৈছ। তহঁতৰ মিৰিয়নীয়ে সিহঁতৰ জোৰ কি পাব।
মিৰি —তই জানো আমাৰ নৰাছিঙ্গা বিত, পাৱতী গাবৰুৱে নচা
দেখিছ? তাইৰ জোৰ কোনে লব পাৰে? তহঁতৰ ইন্দু তাইৰ
ঠেং-তলে যক।
অসমীয়া।-কি মৰিবৰ চিন হল্! কেনেকৈ কথা পাতিব লাগে, তাকো
নেজান? হিন্দুৱে মিৰিয়নীৰ ঠেং-তলে যাব?

[ ১৬ ]
মিৰি।— বাৰু, চাই থাকিবি। মোৰ কথা এতিয়া নেমান। যেতিয়া

দেখিবি, তেতিয়াহে গুণিবি, আমুকাৰ কথাটো মিছা নহয়।

অসমীয়া।– তোৰে সৈতে কোনে কথা পাতে, পাই। আহ্ আহ,

দৰবাৰলৈ যাবলৈ আহিছ যেতিয়া ভাল-বেয়া দেথিবিয়েই নহয়। ইয়াত তকৰাৰ কৰাৰ কি লাভ?

মিৰি।— হয়, বল কঙ্কাই।

[ দুইৰো প্ৰস্থান।

[ ১৭ ]

প্ৰথম দৰ্শন।
বাট।
(দুইজন বঙ্গালীৰ প্ৰবেশ।)

বঙ্গালী।—


গাৰা খাম্বাজ—তাল গড় খেম্‌টা।
কত মজা দৰবাৰেতে দেখব সাৰাদিন।
নেচে নেচে যাব মোৰ, তেৰে-কেটে ধিন্।
ৰঙ্গ বসে অঙ্গ ঢেলে, তালে তালে পা’ ফেলে,
মনাগুনে হেলে দুলে, দিব কেৰাসিন।

[ প্ৰস্থান।


দ্বিতীয় দৰ্শন।
দোকান ঘর।
দুজন মাৰোৱাৰীৰ প্ৰবেশ।
প্ৰথম।—ভুৱমল্‌ জী, দৰোৱাৰ চালা চালো৷দৰোৱাৰ মে বহুত ধুমধাম্‌
হৰিও হে।

[ ১৮ ]

দ্বিতীয়৷- বঠে আপ্‌নে ঘনেই জিনিস্ বিক্ৰি হৈছিকে? ফায়দে কি
 জাগা হায় কি নেই?
প্ৰথম৷-বঠে জিনিস্ বিক্ৰি কনি হুৱে। ৰাজা কি সনদ্ আয়ো হে,
 থেকে দেখ্‌বা নে চালো। থ্যাল তামাসা হৈছি, থেকো
 দেখ্‌চা।
দ্বিতীয়।-খ্যাল্‌ তামাসা কঠ্‌টো মাঙ্গায়ো হে? আপ্‌নে দোকান মে
 ঘনেই ফট্‌কা হায়।
প্ৰথম।-কল্‌কতাসে মাঙ্গায়। চালো চালা।


গীত।


এ ম্যায় তো যাইসাঁ।ৰাজ-দৰোৱাৰ মে।
ৰাজ-দৰোৱাৰ মে হাজাৰো নে আদমি যাসিঁয়ে।
ৰাজা জীনে কোন্ কোন্ হুকুম ফৰ্ম্মাতায়ে,
যেকাৎ ম্যায় শোনাসাঁয়ে।

[ দুইৰো প্ৰস্থান।

[ ১৯ ]

প্ৰথম দৰ্শন।
ঘৰ
( এজন মণীপুৰিয়াৰ প্ৰবেশ।)

মণিপুৰীয়া-


গীত।


লিঙ্গ থৌকে দৰবাৰ ঙ্গসি তাদা অইগ্নি।
ইয়াথৈ খগপা তিনাদানা জগৈ মানগ্নি।
দৰবাৰ ইয়ামা সানগ্নি,  জগৈ সানবি ইসৈ সাকি,
থুনা চল, থেংগু, কুমেই ইয়াংগিনি।

[ প্ৰস্থান।


২য় দৰ্শন।


দৰবাৰৰ ওচৰৰ ঠাই।


(এজন ছিলটীয়া মিঠাইওৱালাৰ প্ৰবেশ।)


গীত।


ছিলটীয়া-


(খেম্‌টা।)


কিত্তা কৰনিৰে বাই,
চলনাৰে দৰবাৰে যাই।

[ ২০ ]

কত খেলা তাম্‌সা দেখমু।
লুচি-পুৰি কত খাইমু॥
জলদি কৰে আইৰে বাই,
দেখমু খপ্‌সুৰত বাই।
বাল বাল গান গাইছে,
দিল বড় খুসী অইছে॥

মজা কৰে দেখ্‌মু বাই, ঠেই ঠেই ঠেই।
তাক্‌ ধিনা ধিন্‌, তাক্‌ ধিনা ধিন্‌, তাক্‌ ধিনা ধেই॥

(শৰন বজকৰা লৰাৰ প্ৰবেশ।)

ছিলটীয়া।—মিঠাই খাইছিল কেন? এখন পয়সা দিবাৰ টানাটানি লৰা৷— আৰে মিঞা। ছিলটীয়া৷—মিঞা, মিঞা কৰস্‌ কেন্‌? লৰা —মুন্সী জী। ছিলটীয়া —আৰে তুই বড় আহাম্মুক্‌। লৰা-মৌলবী চাহাব। ছিলটীয়—তুই কেমন সয়তান ছাইলা। আমি বামুণেৰ জাত, জানস্‌

না। আমি ত নেড়িয়া না৷

লৰা।—ঠিক, ঠিক, পাহৰিছিলোঁ অ’। ঠাকুৰ, তোমাৰ নচিব ভাল।

মই বাগিচাৰ মহৰি কামত ভৰ্ত্তি হৈছোঁ৷ ফেব্ৰুয়াৰি মাহৰ
পহিলা তাৰিখৰ পৰা কাম কৰিমেই। তেতিয়া তুমি মোক
ৰোজ ৰোজ মিঠাই দিব লাগিব। ৰসগোল্লা, সন্দেশ, জেলেপি
চব্‌, মিলাই আমাৰ ঘৰত ৰোজ এক “সেৰ” এক “সেৰ” দিব
লাগিব। দিব পাৰিবা জানো?
[ ২১ ]

ছিলটীয়া।-(মনত ৰং পাই) ফাৰ্‌ব না কেন্। আমাৰ দোকানে চাৰ
 ফাঁচটা মানুষ কাজ কৰে।
লৰা।—তোমারে সৈতে যেতিয়া আগৰেপৰা মোৰ চিনাকি, মই আৰু
 আন মিঠাইওৱলাৰ পৰা মিঠাই নিকিনো। বৰাবৰ তুমি দিব
 লাগিব দেই। হোৱাঁ, এতিয় তোমাৰ আগৰ বাকিটো লৈ
 যোবাঁ৷ (জেপত হাত সুমাই) এ; মনি-বেগটো ভুলি ঘৰত
 এৰি থৈ আহিলোঁ হে। কুছ পৰোৱা নাই। কালৈ বাকিটো
 দি দিম, আৰু এক ৰূপিয়া তোক বক্‌চিচ্‌ দিম দেই।
ছিলটীয়া৷-আচ্ছা, বাবা, এক ৰোজ দিবা। তোমাৰ ফয়সাৰ জন্য
 আমি বয় কৰিনা।

[ প্ৰস্থান।


লৰা--ছিলটীয়া বুঢ়াক খুব ঠগন ঠগিলোঁ। মোক আৰু সি ক'ত
 লগ পাব। • আজি দৰবাৰলৈ আহিছোঁ দেখিহে সি চেলাই
 ধৰিবলৈ পালে। কত মানুহক কত টকা দিবলৈ আছে,
 সিহঁতে মোক লগকে পোৱা নাই--ইয়াক মুঠে ৰূপ ৫৲ টকা
 দিবলৈ বাকি আছে, তাতে ইমান কৈ থেচ্‌খেচাইছে।
 মিঠাইওৱল বিলাক বৰ দগাবাজ। ছিঃ এনেকুৱা মানুহেৰে
 কথা হবলৈকে লাজ লাগে। সি মোৰ পৰা পয়চা ভালকৈ
 পাব, মোনা এটা ছিলাই কৰি থক। যি যেনে মানুহ, তাক
 তেনেকৈ শিকাব লাগে।

[ প্ৰস্থান।

[ ২২ ]

প্ৰথম দৰ্শন।

পৰ্ব্বত।
(এজন নগাৰ প্ৰবেশ।)
গীত।

নগা।— নিছং হেঙ্গাৰি ছতাও খা, হি হি হি হি।


কেওঁ লেমাওৱানা চাঁদা ওৱাঞ্চ, হো হো হো হো।
নিছং অখে লাদা, হিলি লিলি লিলি লিলি।
লাঙ্গ আতা জেলে উতাও খা, হে হৈ হে হৈ।
নিছং হেতুতোলা অবেল্লাহ্‌, হেকি লিলি লিলি লিলি
সক শেমা ইতাও খা, হেক্‌ হেক্‌ হেক্‌ হো,
 হো হো হি,
 হা হা হা৷
 ( এজন অসমীয়াৰ প্ৰবেশ)

অসমীয়া।– এই হাজি, তহঁত আঙ্গামিনে কি ?
[ ২৩ ]
নগা।– আমি খন অলে লাতা নকা। আঙ্গামিটো অলে হৰ কথা

জানে দেই। আমি খন কিবা করু কিবা কাৱৰি লিচিনা আছে। আমি খনক দেখিলে বাবুখনে “যা” “যা” কব। মানু অলে তাত চুলিৰ নিচিনা আছে।

অসমীয়া।– হাজি, আমি তোমাক লগত লৈ যাব। তুমি ভয় নকৰিব।

তুমি ৰজালৈ কি বস্তু আনিছে। ৰজাৰ ওচৰলৈ এনেই যাব নেপায়।

নগা।– নিমক আনিছে, টকা মণি আনিছে, পেত আনিছে, কাৱৰি

তাত আনিছে।

অসমীয়া।– এই বোৰ বস্তু আমাৰ ৰজাক কেলৈ লাগিছে।
নগা।– তুমি খনৰ ৰজা কি বাপু মানু। আমি খনৰ ৰজাটোক অলে

এই চব দিব দেই।

অসমীয়া।– নগা যে নগা, ইহঁত জাতে-পাতে নগা। আহ, এতিয়া

যাওঁ।

[ প্ৰস্থান।


দ্বিতীয় দৰ্শন।
জুপুৰি ঘৰ।
( এজন মৰিয়া আৰু ঘৈণীয়েকৰ প্ৰবেশ।)

মৰিয়া।— মৰিয়াণী, ৰজাৰ হবা হৈছে, চাবলৈ নেযা নে?
মৰিয়াণী।— কেনেকুৱা হবা? তাত নো কি হব?
মৰিয়া।— তই হবাও নজনা হলিনে আৰু? তই জাতে-পাতে

মৰিয়াণী অ’।

মৰিয়াণী।— বাৰু তয়ে হেঁন্দুটো হ।
[ ২৪ ]
মৰিয়া।— তৌবা, তৌবা! আমি মছলমান মানুহ। কেলৈ তেনে

কথা ক?

মৰিয়াণী।— কথাৰ মাত হে কৈছোঁ অ’ আমুকাৰ বাপেক। কচোন

হেৰ, তাত নো কি হব।

মৰিয়া।— তাত হেঁন্দুবোৰে বৰ হবা পাতিছে, পাই যিহে দীঘল-ডাঙ্গৰ

ৰভা পাতিছে, ইমূৰত যদি আমি হালখন পাতি ৰ্টৌ-কলহটো কুবিয়াওঁ, হি মূৰত তাৰ টাংটিং মাত নুহুনেই পাই। হবা খাবলৈ, মৰিয়াণী, পৰ্জা ঠাহ খাব। চাপৰিৰ কোবত হেঁন্দুবোৰৰ হাত একলেখীয়া হৈ যাব নহয় অ’।

মৰিয়াণী।— এ খোদাই, তলুৱা ফাটি তেজ নোলাৱনে?

মৰিয়া।--হিয়তে তলুৱাত মহৰ চাল একোচটা বান্ধি নিব নহয় অ’— হিয়ত জানো টেটৰ নহয়। আমাৰ মৰিয়া খন হে মুঠে হেবাং।

মৰিয়াণী।— নাম নো লগাই দিব কোনে, হে আমুকাৰ বাপেক?
মৰিয়া।— জিলাৰ বৰ চাহাবেই হেনো নাম লগাই দিব–মুন্সিপ্‌, চিৰদাৰ,

আমোলা খনে ফেনাফেন্কৈ নিব নহয়।

মৰিয়াণী।— হেৰ, তোক সোণামুৱা বুলিছোঁ, মোকো লৈ যা অ’। ময়ো

তেনে হলে যাম।

মৰিয়া।— বাৰু হে আৰু। তোক দেখোন, যাবি নে নেযাবি, হুদিছিলোঁৱেই।

মৰিয়াণী, পাক এটাকে দে, চাই যাওঁ—হবা চাবলৈ গাটো মোৰ ৰঞ্জিৎ ৰঞ্জিৎ কৰিছে।

মৰিয়াণী।— মোৰো পাই গাটো সাতখন আঠখন কৰিছে। নকৰিব নো

কেলৈ, চাচোন, আমি নো কেতিয়াবা এনে হবা আৰু দেখিবলৈ পাম নে? তই গীত এটাকে ধৰ্‌, মই নাচোঁ।”

[ ২৫ ]

[ মৰিয়াই গীত গায় আৰু ঘৈণীয়েকে নাচে।]
ৰাগিণী খাম্বাজ—তাল খেম্‌টা।
মৰিয়া।—
মৰিয়াণী, নাচোন ধৰ্‌, কঁকাল মেচা কৰি,
কেটেপ্ কেটেপ্‌ ভৰি পেলাই ঠেও ধৰি ধৰি।
পাকে পাকে হাত ঘূৰা,  লাহৰ চেং-চুলি উৰা,
নেওচা পৰক দিল্লীৰ বাই হেঁন্দুৰ অপেচৰী।

[ দুইৰো প্ৰস্থান।


তৃতীয় দৰ্শন।
স্বৰ্গপুৰী।
[ দুজন অপ্সৰীৰ প্ৰবেশ।]
ৰাগিণী খাম্বাজ-তাল একতালা।
অপ্সৰী।—
ভাৰতেশ্বৰৰ আজি অভিষেক দিন হে।
হিয়াত আমাৰ বাজে আনন্দৰ বীণ হে।
ৰজা ৰাণী দুয়ো জনে,  মুকুট পিন্ধিব কেনে,
আহাঁ কৰোঁ পুষ্প-বৃষ্টি, মঙ্গলৰ চিন হে।

[পুষ্প বৃষ্টি।


( পট-সলনি।)
বিজুলী-চক্‌মকোৱা মেঘৰ গাত ৰজা আৰু ৰাণীৰ যুগল মূৰ্ত্তি।

[ দেৱ বাদ্য।



যবনিকা পতন।


এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২২ চনত ১ জানুৱাৰী ১৯৬২ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )