পৃষ্ঠা:দৰবাৰ.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(১৭)

কত খেলা তাম্‌সা দেখমু।
লুচি-পুৰি কত খাইমু॥
জলদি কৰে আইৰে বাই,
দেখমু খপ্‌সুৰত বাই।
বাল বাল গান গাইছে,
দিল বড় খুসী অইছে॥

মজা কৰে দেখ্‌মু বাই, ঠেই ঠেই ঠেই।
তাক্‌ ধিনা ধিন্‌, তাক্‌ ধিনা ধিন্‌, তাক্‌ ধিনা ধেই॥

(শৰন বজকৰা লৰাৰ প্ৰবেশ।)

ছিলটীয়া।—মিঠাই খাইছিল কেন? এখন পয়সা দিবাৰ টানাটানি লৰা৷— আৰে মিঞা। ছিলটীয়া৷—মিঞা, মিঞা কৰস্‌ কেন্‌? লৰা —মুন্সী জী। ছিলটীয়া —আৰে তুই বড় আহাম্মুক্‌। লৰা-মৌলবী চাহাব। ছিলটীয়—তুই কেমন সয়তান ছাইলা। আমি বামুণেৰ জাত, জানস্‌

না। আমি ত নেড়িয়া না৷

লৰা।—ঠিক, ঠিক, পাহৰিছিলোঁ অ’। ঠাকুৰ, তোমাৰ নচিব ভাল।

মই বাগিচাৰ মহৰি কামত ভৰ্ত্তি হৈছোঁ৷ ফেব্ৰুয়াৰি মাহৰ
পহিলা তাৰিখৰ পৰা কাম কৰিমেই। তেতিয়া তুমি মোক
ৰোজ ৰোজ মিঠাই দিব লাগিব। ৰসগোল্লা, সন্দেশ, জেলেপি
চব্‌, মিলাই আমাৰ ঘৰত ৰোজ এক “সেৰ” এক “সেৰ” দিব
লাগিব। দিব পাৰিবা জানো?

-