পৃষ্ঠা:দৰবাৰ.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
( ১০ )
অসমীয়া।– (মনে মনে) সৰ্ব্বনাশ, এটা বুধি কৰোঁ। এটা চিঞৰ

মাৰি দিওঁ, তেতিয়া সি এৰি দিব। সিমানতো নেৰিলে, টানকৈ এটাহ পাৰি দিম। তেতিয়া পুলিচ্‌ আহি কি হৈছে বুলি সুধিলে, কাবুলীয়ে মোৰ কাপোৰ কানি কাঢ়ি সব খুজিছে বুলি কৈ দিম। আৰু অলপ চিঞৰিলেই আজি সি এৰি দিব—দৰবাৰত হাই কৰিবৰ হুকুম নাই। (চিঞৰি চিঞৰি) এৰি দেঔ! মৰিলোঁ ঔ?

কাবুলী।– (ভয় ভয় কৈ) বড়া সয়তান হ্যায়। দেখ, চুপ ৰহ। তোম

কাল জৰুৰ পয়সা দেওগে?

অসমীয়া।– (কাওবাও কৈ) খোদাওন্দা, কাইলৈ দিম। তুমি ভয়

নকৰিবা। লাগ যদি লগুণ ডালকে আজি বন্ধক থৈ যাওঁ।

কাবুলী।– তোমাৰ বাত্‌ ঝুঠা হোনেসে, ফিন্ ভেট হোগা ত জান লে

লেগা। বড়া সৰমকা বাত্‌। তোমকা ইমান্‌, ধৰম্ নেহি হায়?

অসমীয়া।– ( কঁপি কঁপি) ইমান ফেৰা ধৰম কেলৈ নহব। কাইলৈ

দিম।

কাবুলী।— চলা যাওঁ।

[ অসমীয়াৰ হাত এৰি দি গুচি যায়।

অসমীয়া।– কোনো মতে তেও সাৰিলোঁ। আৰু সি মোৰপৰা ৰূপ

পাব, সেইটি কথা ( মূৰ জোকাৰি) ও হোঁ হোঁ।

[ প্ৰস্থান।