পৃষ্ঠা:দৰবাৰ.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
( ১৩ )


মিৰি।— বাৰু, চাই থাকিবি। মোৰ কথা এতিয়া নেমান। যেতিয়া

দেখিবি, তেতিয়াহে গুণিবি, আমুকাৰ কথাটো মিছা নহয়।

অসমীয়া।– তোৰে সৈতে কোনে কথা পাতে, পাই। আহ্ আহ,

দৰবাৰলৈ যাবলৈ আহিছ যেতিয়া ভাল-বেয়া দেথিবিয়েই নহয়। ইয়াত তকৰাৰ কৰাৰ কি লাভ?

মিৰি।— হয়, বল কঙ্কাই।

[ দুইৰো প্ৰস্থান।