পৃষ্ঠা:দৰবাৰ.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
( ২০ )
নগা।– আমি খন অলে লাতা নকা। আঙ্গামিটো অলে হৰ কথা

জানে দেই। আমি খন কিবা করু কিবা কাৱৰি লিচিনা আছে। আমি খনক দেখিলে বাবুখনে “যা” “যা” কব। মানু অলে তাত চুলিৰ নিচিনা আছে।

অসমীয়া।– হাজি, আমি তোমাক লগত লৈ যাব। তুমি ভয় নকৰিব।

তুমি ৰজালৈ কি বস্তু আনিছে। ৰজাৰ ওচৰলৈ এনেই যাব নেপায়।

নগা।– নিমক আনিছে, টকা মণি আনিছে, পেত আনিছে, কাৱৰি

তাত আনিছে।

অসমীয়া।– এই বোৰ বস্তু আমাৰ ৰজাক কেলৈ লাগিছে।
নগা।– তুমি খনৰ ৰজা কি বাপু মানু। আমি খনৰ ৰজাটোক অলে

এই চব দিব দেই।

অসমীয়া।– নগা যে নগা, ইহঁত জাতে-পাতে নগা। আহ, এতিয়া

যাওঁ।

[ প্ৰস্থান।


দ্বিতীয় দৰ্শন।
জুপুৰি ঘৰ।
( এজন মৰিয়া আৰু ঘৈণীয়েকৰ প্ৰবেশ।)

মৰিয়া।— মৰিয়াণী, ৰজাৰ হবা হৈছে, চাবলৈ নেযা নে?
মৰিয়াণী।— কেনেকুৱা হবা? তাত নো কি হব?
মৰিয়া।— তই হবাও নজনা হলিনে আৰু? তই জাতে-পাতে

মৰিয়াণী অ’।

মৰিয়াণী।— বাৰু তয়ে হেঁন্দুটো হ।