পৃষ্ঠা:দৰবাৰ.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২ )

২য় দৰ্শন
ঘৰ।
(চাৰি জন গাৱলীয়া অসমীয়াৰ প্ৰবেশ।

প্ৰথম।— তাৱৈ, খৰপোচ্ কৰ, বেগতে খা; আজি মহাৰাণী ৰজা হব।
দ্বিতীয়।— ধেইক্ কটা! মেহেৰাণীৰ ঝীয়েক হে ৰজা হব। ই নিচেই মুলুং।
প্ৰথম।— তাৱৈ, মেহেৰাণী ৰজা ভাগিল না কি? মিলো কলৈ গল?
দ্বিতীয়।— এইটো মেলেছব পো। মেহেৰাণী মৰিল, তই হবলা

কথাটো ট; কৰাই নাই?

তৃতীয়।— মেহেৰাণী বোলে আকৌ অমৰ, এতিয়ানো মৰিল

কিহৰ জগৰত?

দ্বিতীয়।— এৰা, মোমাই, তেৰাঁ চলিল, মৰিব নো কি। তুমি

আমি নে কিবা মৰিম।

চতুৰ্থ।— এ, ভিনিহি, টিকিৰা পণ্ডিতে কৈছিল, তেওঁ হেনো হোঁ-

হৰীলে বৈকুণ্ঠলৈ গল।

প্ৰথম।— হোঁ-হৰীলে নো কি বুলিলি?
চতুৰ্থ।— নমৰাকৈ লাঙ্গেঁ-লাঙ্গেঁ বৈকুণ্ঠলৈ গল।
প্ৰথম।— বৈকুণ্ঠ খন যমপুৰীৰ লেখীয়া না কি?
চতুৰ্থ।— নহয় অ, তাত্‌কৈ নেলাগে স্বৰ্গত্‌কৈও বারু।
প্ৰথম।— আমাৰ ৰংপুৰ জিলাখনৰ লেখিয়া চাগৈ, নহয় না ককাই?
তৃতীয়।— ৰংপুৰ নো কি, ডিবৰু খনত্‌কৈ বেচ্‌ পাই।
তই জনা হে নাই।