পৃষ্ঠা:দৰবাৰ.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

( ১৮ )

ছিলটীয়া।-(মনত ৰং পাই) ফাৰ্‌ব না কেন্। আমাৰ দোকানে চাৰ
 ফাঁচটা মানুষ কাজ কৰে।
লৰা।—তোমারে সৈতে যেতিয়া আগৰেপৰা মোৰ চিনাকি, মই আৰু
 আন মিঠাইওৱলাৰ পৰা মিঠাই নিকিনো। বৰাবৰ তুমি দিব
 লাগিব দেই। হোৱাঁ, এতিয় তোমাৰ আগৰ বাকিটো লৈ
 যোবাঁ৷ (জেপত হাত সুমাই) এ; মনি-বেগটো ভুলি ঘৰত
 এৰি থৈ আহিলোঁ হে। কুছ পৰোৱা নাই। কালৈ বাকিটো
 দি দিম, আৰু এক ৰূপিয়া তোক বক্‌চিচ্‌ দিম দেই।
ছিলটীয়া৷-আচ্ছা, বাবা, এক ৰোজ দিবা। তোমাৰ ফয়সাৰ জন্য
 আমি বয় কৰিনা।

[ প্ৰস্থান।


লৰা--ছিলটীয়া বুঢ়াক খুব ঠগন ঠগিলোঁ। মোক আৰু সি ক'ত
 লগ পাব। • আজি দৰবাৰলৈ আহিছোঁ দেখিহে সি চেলাই
 ধৰিবলৈ পালে। কত মানুহক কত টকা দিবলৈ আছে,
 সিহঁতে মোক লগকে পোৱা নাই--ইয়াক মুঠে ৰূপ ৫৲ টকা
 দিবলৈ বাকি আছে, তাতে ইমান কৈ থেচ্‌খেচাইছে।
 মিঠাইওৱল বিলাক বৰ দগাবাজ। ছিঃ এনেকুৱা মানুহেৰে
 কথা হবলৈকে লাজ লাগে। সি মোৰ পৰা পয়চা ভালকৈ
 পাব, মোনা এটা ছিলাই কৰি থক। যি যেনে মানুহ, তাক
 তেনেকৈ শিকাব লাগে।

[ প্ৰস্থান।