(তিন জন পৰগণীয়াৰ প্ৰবেশ।)
প্ৰথম।—
|
তুহ্না হাঠিব নৰাহ্ যদি আহিছাহ কিয়া, পুত্খা। দৰবাৰ চাবালাগি, তুহ্না হেলা কৰ্ব্বা ধৰ্চ্ছি। সঁহয় যাওঁ মানে বেলি ভাঠি দিব।
|
দ্বিতীয়।—
|
গেইছু দিয়া। খংকৰা কিয়া। খুজ কাৰিবানক, কি কৰিমহে। পাম যাই দিয়া। ৰাইজ নেগেলে নো দৰবাৰ কেন্কে হব। তাহোন আমাক লাগি ৰখি থাক্ব।
|
তৃতীয়।—
|
তাহোন ইমান কথা জান্বা নৰ্ব্বনা? ৰাইজগিলা নো ভাত-পানী নাখ্বনা? জাৰমাহা বেলি খচ্ কৰি যায়; খাই উঠিলি কি বেলি হিপাৰ হব।
|
দ্বিতীয়।—
|
তিৰীটো চপ্কে ভাত ৰান্ধ্ব যাব না? বাবু খানে ইমান কথা জানান্বনা। তুহ্নাৰো তিৰী আছে, বেলা নোহায় দিয়া।
|
প্ৰথম।—
|
তুহ্নাৰ তিৰীগিলা বৰচোখা। ৰাতি থাকাতে উঠ্ব, ভাত ৰান্ধৱ, বাবুখানে ১০ বাজিলেই কাছাৰিক যাব। তুহ্না কথা পাছে কবি। এতিয়া যাওঁ আহ্।
|
দ্বিতীয়।—
|
ভিঠিমৰা বাবুখানে দাতিকুৰি যাৱলাক্। যা, তই আগেই যা; আমি পলম্কে যাম।
|
তৃতীয়।—
|
আজি আমাৰ নতুন ৰজা হৰ, ৰং কৰ্ব্বা লাগে।
|