দন্দুৱা দ্ৰোহ/পঞ্চম অধ্যায়

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

[ ২০ ]
পঞ্চম অধ্যায়।
অপ্ৰকাশিত বুৰঞ্জী।


       কামৰূপীয়া বৰুৱা চৌধাৰী সকলৰ আলচ যুকুতিৰ বিষয়ে উল্লেখ কৰাৰ আগেয়ে কামৰূপীয়া মানুহেনো কি বাবে নিশা গুৱাহাটী নগৰৰ ভিতৰত থাকিব নোৱাৰিছিল তাৰ বিষয় কওঁ। আমি সাজি নকওঁ। তাহানিখন চব্‌ডিপুটি কালেকটৰি কাম কৰোঁতে ৰঙ্গিয়া চাৰকলৰ মণ্ডল এজনৰ হাতত এখন সাচিপাতত লেখি থোৱা বুৰঞ্জী পাইছিলো। সেই বুৰঞ্জীখানত আছিল যে কামৰূপীয়া প্ৰজাক বৰফুকনে বৰ উপদ্ৰব কৰি পাৰেমানে ধন-সোণ খাইছিল। বৰফুকনে যে খাইছিলেই, বৰফুকনৰ তলতীয়া বিষয়া সকলেও, অহমীয়া সকলেও, কামৰূপীয়া প্ৰজাক
পাৰেমানে লুটি-পুটি খাইছিল। আন কি, কামৰূপীয়া মানুহে এঠাইৰ পৰা আন ঠাইলৈ কোনো বস্তু এটা ভাৰ, বা টোপোলা নিলেও বাটত বৰফুকনৰ টেকেলাই পালে সেই বস্তু কাঢ়ি নিছিল। বৰফুকনৰ ভাৰভেটী খোৱাৰ কোব ইমান চৰিছিল, যে প্ৰজাই বেঙেনা, কেৰালা,লাও কোমোৰা, কচু, ঢেকীয়া পৰ্যন্ত আনি দিলেও বৰফুকনে গ্ৰহন কৰিছিল। ধন-সোনৰ তো কথাই নাই। কামৰূপীয়া গৰখীয়া লৰাৰ মুখত এনেকুৱা গীত আছিল।

[ ২১ ]
লৰাহঁত! লৰাহঁত! বাপেৰ শয়েকীয়া হল;
বেঙেনা এযুকি, কেৰেলা এজুকি ফুকন ভেটিবলৈ গল।

       বৰফুকনে এই দৰে ভেটী খোয়া দেখিয়েই কামৰূপীয়া চৌধাৰী সকলে পাটোৱাৰী পাতোঁতে, বৰুৱা সকলে চৌধাৰী পাতোঁতে ধন-সোণ ভাৰ ভেটী খাই হে সেই বাব বিলাকত মানুহ নিযুক্ত কৰিছিল। সেই ধন-সোণৰ এভাগ বৰফুকন আৰু তেওঁৰ বিষয়া সকলেও পাইছিল। ৰজাঘৰীয়া কৰ অতি সামান্য আছিল। কিন্তু ভাৰ-ভেটীৰ কোব ইমান
প্ৰৱল আছিল যে ৰাইজে কৰৰ দহগুণ বেচি ভাৰ-ভেটী দিব লগাত পৰি সদাই বিৰক্ত আৰু অসন্তুষ্ট হৈ উঠিছিল।
       বৰফুকনৰ কামৰূপীয়া প্ৰজাৰ ওপৰত বিশেষ অত্যাচাৰৰ কাৰণ হৈছিল যে তেওঁ কৰা উপদ্ৰব বিলাকৰ বাতৰি কামৰূপীয়া মানুহে তলে তলে ৰজা ঘৰলৈ মানুহ পঠিয়াই জনাই আছিল। বৰফুকনক বুঢ়াগোঁহায়ে প্ৰজাক পীড়ন নকৰিবলৈ মাজে মাজে উপদেশ দিছিল। কিন্তু এনেকুৱা উপদেশে হিতে বিপৰীতহে কৰিছিল।
       ৺বক্তমল বুজৰ বৰুৱাৰ পিতৃ বুজৰ বৰুৱাৰ মৃত্যুৰ বছেৰেকমান আগৰে পৰা শৰীৰ অসুস্থ আছিল। তেওঁ জানিছিল যে তেওঁৰ অভাল-ভালে বৰফুকনে সৰহকৈ ধনবিত খাই আনকহে বুজৰ বৰুৱা পতাব। এই কথা জানি তেওঁ দিনমণি পাটোৱাৰী নামে এজন বুদ্ধিমান, আৰু চাৰতীয়াল মানুহ লগত দি বক্তমলক ৰংপুৰলৈ পঠাই

[ ২২ ]

দিছিল। বক্তমলে দীনমণি পাটোৱাৰীয়ে সৈতে ৰংপুৰলৈ আহি ৰজা, বুঢ়াগোঁহাই, বৰপাত্ৰগোঁহাই, বৰবৰুৱা ইত্যাদি সকলক মাজে মাজে সেৱা শুশ্ৰূষা কৰি ছমাহ কাল কটাইছিল। এনেতে খবৰ পালে যে তেওঁৰ পিতৃ বৈকুণ্ঠি হল। বাতৰি পাই ডেকা বৰুৱাই ৰংপুৰতে পিতৃৰ মাহেকীয়া অশৌচ খাটি ক্ৰিয়া কৰ্ম্ম কৰি উঠিল মাথোন, এনেতে আকৌ খবৰ পালে যে বৰফুকন ডাঙৰীয়াই তেওঁৰ পিতৃৰ বিষয়খান আন এঘৰ বৰুৱাৰ লৰাকহে সৰহকৈ ধন-সোণ খাই দিবলৈ লেখিচে। এই বাতৰি পাই ডেকা বৰুৱা ম্ৰিয়মান হল। মনটো আমন্‌জিমন্‌ কৰি ভাত পানী একোকে নোখোৱা হল। দিনমণি পটোৱাৰীয়ে কাৰণ সুধিলে। তেওঁ নকয়। শেহত এৰাব নোৱাৰি কলে “কাকা! কলে কি হব, চিৰকলীয়া বিষয়খান গ’ল। বৰফুকনে ধন-সোণ খাই অমুক বৰুৱাক আমৰ বুজৰ বৰুৱালী বিষয়খান দিবলৈ লেখিছে। ” দিনমণি—“ৰজাই
কিবা আদেশ কৰিলে নে? ” বক্তমল—“এতিয়াও ৰজাই কোনো আজ্ঞা কৰা নাই। আৰু ছয় সাত দিনৰ ভিতৰতে হেনো কৰিব। ” দিনমণি—“বাপা! তই এই কথাৰ নিমিত্তেহে ভাত পানী নোখোৱা হৈছ? একো ভয় নাই। মই দিনমণি জীয়াই থাকোঁতে তোৰ বিষয়খান কোনে নিয়ে মই চাম। তই উঠ, ভাত খাই মহাসুখে শুই থাক গৈ!”
       দিনমণিৰ এই আশ্বাসত ডেকা বৰুৱাই ভাত-পানী খাই

[ ২৩ ]

শুলে। দিনমণিয়ে ভাবিব ধৰিলে ৰজাৰনো বেচি লগা ভগা কোন! তেওঁ দকৈ ভাবি-চিন্তি পালে যে বৰুবৰুৱা বা বৰবৰুৱানীয়েহে ৰজাক ভিতৰি কোনো কথা শুনাব পাৰে কিয়নো বৰ-বৰুৱানী ৰজাৰ নিজা ভণীয়েক। দিনমণিয়ে নিশাৰ ভিতৰতে তেওঁৰ কিংকৰ্ত্তব্য স্থিৰ কৰি ললে।
       পুৱা শুই উঠি ডেকা বৰুৱাই পূৰ্ব্বাপৰ নিয়ম মতে স্নান অহাৰ কৰিলে। বেলি অলপ ভাটী দিয়াত দিনমণিয়ে ডেকা বৰুৱাক কলে—“বাপা! মোক ৰূপ দুশ পচিশ টকা দে। ” ডেকা বৰুৱাই শুধিলে:—“কাকা তই নো ইমান ৰূপেদি কি কৰিবি? দিনমণি —“বাপা তই মোক এতিয়া একো নুসুধিবি। মই এই ৰূপেৰে তোক তোৰ পিতৃলীয়া বিষয়খান ইয়াতে কিনি দিম। বৰফুকনে হাজাৰ বাৰ শৰ কমে নকৰে। মই কিন্তু দিনমণিয়ে এই দুশ পচিশ টাকাৰে সেই কাম সাধিম। ” ডেকা বৰুৱাই দিনমণিৰ কথা শুনি তৎক্ষণাৎ পেৰাৰ পৰা দুশ পচিশটা চিকা ৰূপ উলিয়াই দিলে। দিনমণিয়ে সেই ৰূপ লই বিদায় হল। ডেকা বৰুৱাই সেই দিনৰ দিনটোৱে উৎকণ্ঠীত হৈ ৰল।
       দিনমনিয়ে ৰূপ লই পোনেই বৰবৰুৱাৰ হাউলি পালেগৈ। হাউলিৰ দুৱাৰ মুখতে এটা চকিদাৰ থিয়। সি মাত লগালে :—“কোন তই, কলৈ আহিছ। ” দিনমুণিয়ে হাতযোৰ কৰি কলে :—“দেউতা! মই কামৰূপৰ ঢেকেৰি মানুহ। মই দেউতাৰ ওচৰলৈকে আহিছো। ” চকিদাৰ :—

[ ২৪ ] “কেলেই মোৰ ওচৰলৈ আহিছ। " চকিদাৰে এই কথা সোধাত দিনমণিয়ে তেওঁৰ জোলোঙাৰ পৰা ৰূপ পাঁচ টকা উলিয়াই চকিদাৰৰ আগত থই কলে:—“দেউতা! মই আই মাতৃৰ ঘাই লিগিৰী জনীক লগ পাব খোজো। মোক যদি লগ ধৰাই দিয়ে তেন্তে উলটিবৰ পৰত মই আৰু আৰু পাঁচ টকা দি দেউতাক সেৱা জনাম। ” চকিদাৰজনে চিকা ৰূপ পাঁচ টকা পাই আৰু তাকোঁ পাঁচ টকা পাবৰ আশা দেখি দিন মণিক আস্ত-আদৰ কৰি বাটঘৰতে বহুৱাই থই লৰি ভিতৰলৈ গল আৰু ততালিকে বৰ-বৰুৱানীৰ ঘাই লিগিৰী ৰংদৈক মাতি আনি দিনমণিক ভেট কৰালে। ৰংদৈয়ে শুধিলে :—“হেৰ! তই কৰ মানুহ? তোক কি

লাগে। দিনিমণিয়ে জোলোঙাৰ পৰা ৰূপ দহ টকা উলিয়াই ৰংদৈৰ আগত থই কলে:—আই! মোক বৰবৰুৱাণী মাতৃক ভেট কৰাই দিব লাগে। যদি মোক ভেট কৰাই দিব পাৰে, তেন্তে যাবৰ পৰত আই তোমাক আৰু পাঁচ টকা ৰূপ দিম। ৰংদৈয়েও ৰূপ দহ টকা পাই দিনমণিক আস্ত-আদৰ কৰি হাউলিৰ ভিতৰলৈ নিলে, আৰু চৰাত বহুৱাই থৈ ভিতৰলৈ গল। সেই সময়ত বৰবৰুৱা ঘৰত নাছিল। বৰবৰুৱাণীয়ে খাই বই উঠি শৰাইত তামোল লৈ বৰপীৰাত বহি তামোল পান, খাই আছিল। এনেতে ৰংদৈ লিগিৰীয়ে গৈ আঠু লৈ জনালে :—“দেউতা ঈশ্বৰী! এজন কামৰূপ কামাখ্যাৰ কিবা বোলে অধিকাৰী মানুহ আহিছে। মানুহটো বৰ ভাল। [ ২৫ ] দেউতা ঈশ্বৰীয়ে সেই অধিকাৰী মানুহটো চাব জানো?” ৰংদৈৰ এই কথাত বৰ-বৰুৱাণীৰ কৌতুক জন্মিল। কামৰূপ কামাখ্যাৰ অধিকাৰী মানুহ বা আকৌ কেনেকুৱা! এই ভাবি বৰবৰুৱাণী চৰা ঘৰৰ বুলনীলৈ আহি আৰু তাত সজাই থোৱা বৰ-পীৰাত বহিল। আগত তামোলৰ শৰাই আৰু পিকদান ললে। ৰংদৈক অধিকাৰী (ঢেকেৰী) মানুহটোক আনিবলৈ কলে। ৰংদৈয়ে তৎক্ষণাৎ গৈ দিনমণি পটোৱাৰীক বৰবৰুৱাণীৰ আগলৈ বুলনী ঘৰলৈ আনিলে। দিনমণিয়ে পোনেই আঠু লৈ বৰ-বৰুৱানীক সেৱা কৰিলে আৰু সমুখৰ ঠাইখান হাতেৰে অলপ আটাই-পিতাই গামোছা খান পাতি চিকা ৰূপ দুশ ভাগ বঢ়ালে। বৰ-বৰুৱানীয়ে অতবিলাক ৰূপ দেখি আনন্দিত হল আৰু ৰংদৈৰ হতুৱাই সেই ৰূপ তোলাই শৰাইত লৈ সুধিলে :—“হেৰা! কামৰূপীয়া অধিকাৰী! তোমাক কি লাগে কোৱা। ” দিনমণিয়ে হাতযুৰি কলে—স্বৰ্গদেৱী! ঈশ্বৰী! মাতৃ। আপোনাসকলৰ কামৰূপ কামাখ্যা ৰাজ্যত বৰ অন্যায় অবিধি হৈছে। কামৰূপৰ বুজৰবৰুৱা বোলা ঘাই বিষয়াজন স্বৰ্গদেৱ ৰজাৰ সেৱাতে বৈকুণ্ঠী হল। তেওঁৰ পুত্ৰ বক্তমল ডেকা বৰুৱাই দেউতা ঈশ্বৰসকলৰ পূৰ্ব্বাপৰ ৰীতি মতে সেই বিষয়খান পাব লাগে; কিন্তু গুৱাহাটীৰ বৰফুকনে সেই বিষয়খান তেওঁক নিদি আন এজনক দিবলৈহে স্বৰ্গদেৱ ঈশ্বৰলৈ লেখিছে। ডেকা বৰুৱা সদ্যহতে ৰংপুৰতে আছে। সেই [ ২৬ ] দেখি দেউতা ঈশ্বৰীয়ে অধৰ্ম্মক ঠাই নিদি এফেৰা ধৰ্ম্ম কৰিব লাগে। স্বৰ্গদেৱ ঈশ্বৰ ৰজাক জনাই ধৰ্ম্ম বিচাৰ কৰোৱাব লাগে। ” দিনমণিৰ আচাৰ-ব্যৱহাৰ আৰু তুতি-বাক্যত বৰ-বৰুৱানী সন্তুষ্ট হৈ দিনমণিক তামোল-চালি দিয়াই “বাৰু, মই ৰজাক জনাই বিষয় ৰাখি দিম, তুমি এতিয়া যোৱাগৈ; বিষয় পালে আকৌ আমাক বুজৰবৰুৱাৰে সৈতে দেখা কৰিবাহি” এই কথা কৈ বিদায় দিলে। বৰ-বৰুৱানীৰ এই আশ্বাস বাক্যত আনন্দিত হৈ দিনমণি বহালৈ উলটি ডেকা বৰুৱাক সমস্ত কথা কলে। ডেকা বৰুৱা নিশ্চিন্ত হল। কোৱা বাহুল্য —উলটিবৰ পৰত দিনমণিয়ে ৰংদৈ আৰু চকিদাৰক প্ৰতিশ্ৰত বাকী ৰূপ দি আগলৈকো সন্তুষ্ট কৰি আহিছিল।        ইফালে বৰ-বৰুৱানীয়ে বৰ-বৰুৱা ৰাজ-মেলৰ পৰা উলটি অহাত ৰোহ ঘৰত পৰিল। বৰ-বৰুৱাই অনুনয় বিনয় কৰি কাৰণ সোধাত কলে যে তেওঁ ( বৰবৰুৱা ) সেই মুহুৰ্ত্তেই ৰজাৰ ওচৰলৈ গৈ বুজৰ-বৰুৱালী বিষয়খন বুজৰবৰুৱাৰ পুত্ৰ বক্তমলক দিয়াব লাগে। তেওঁ যদি নাযায়, তেন্তে তেওঁ নিজে পাল্কি লৈ ৰজাৰ ওচৰলৈ যাব। বৰবৰুৱানীৰ আক্ৰোশ এৰাব নোৱাৰি, দুশ ৰূপ দেখি আৰু কথাটোও ধৰ্ম্ম-সঙ্গত, ন্যায়-সঙ্গত দেখি বৰবৰুৱা তৎক্ষণাৎ ৰজাৰ ওচৰলৈ গল। ৰজাই আস্ত-ব্যস্তকৈ তেনে অসময়ত যোৱাৰ কাৰণ সোধাত বৰ-বৰুৱাই কথাটো ভাঙি পাতি কলে। [ ২৭ ] ৰজাই কলে :–“বৰফুকনে এনেবিলাক অন্যায় কৰিব ধৰিছেনে? বাৰু, যেতিয়া সময় হব, কাকত যেতিয়া পাম, তেতিয়া মই বুজৰ বৰুৱাৰ পুতেককে বুজৰ বৰুৱা পাতিম। ” এই বুলি কৈ ৰজাই বৰবৰুৱাক বিদায় দিলে।        ইফালে বৰফুকনে তেওঁ লেখি পঠোৱা কাকতৰ হুকুম অহাত পলম হোৱা দেখি নিজে সেই বৰুৱাৰ লৰাটো লগত লৈ ৰংপুৰলৈ আহিল; আৰু যথাসময়ত বাহিৰ চৰাত তিনিউজনা ডাঙৰীয়াৰ লগত বহি অলপ পৰ আন আন কথা পাতি ৰজালৈ জনাই পঠালে যে আগৰ বুজৰ-বৰুৱাজন ধুকুৱাত আৰু তেওঁৰ ঠাইত আন এজন নোহোৱা বাবে তেওঁ কাম চলোৱাত টান পাইছে। তেওঁ যিটো লৰাৰ নিমিত্তে লেখিছে সেই লৰাটোকো লগতে আনিছে। লৰাটো সৎ চৰিত্ৰৰ, আৰু ৰাজভক্ত; কামৰূপীয়া ৰাইজৰ ওপৰতো যথেষ্ট প্ৰতিপত্তি আছে। এতেকে স্বৰ্গদেৱে এই লৰাটোকে বুজৰ-বৰুৱা পাতি চাবেক বুজৰ-বৰুৱাৰ অযোগ্য পুত্ৰ বক্তমলক বৰুৱা পাতি থব পাৰে। চোলাধৰা কাকতিয়ে গৈ ৰজাক বৰফুকনৰ গোহাৰি জনালে। ৰজাই পূৰ্ব্বপ্ৰতিজ্ঞা অনুসৰি আদেশ কৰি পঠালে যে পূৰ্ব্বাবৰ ৰীতিমতে বুজৰ বৰুৱাৰ পুত্ৰ হে বুজৰ বৰুৱা হব। তেওঁ ইটো লৰাক বৰুৱা পাতি লব পাৰে। ৰজাৰ এই আদেশ, চোলাধৰা কাকতিয়ে আহি আঠুলৈ চৰাঘৰত বৰফুকন, বৰৱৰুৱা, বুঢ়া গোহাই, বৰ গোঁহাই এই সকলক জনালে। [ ২৮ ] এই সকলেও আঠুলৈ আজ্ঞা গ্ৰহণ কৰিলে। বৰফুকন লাজতে কলা-মলা পৰিল। বক্তমল আনন্দিত হল; কিন্তু তাৰ লগে লগে বৰফুকনৰ ৰঙা চকুযোৰ তেওঁৰ চকুৱে চকুৱে পৰিল চৰাৰ পৰা উঠি গৈ বৰফুকনে দিনমণিক নিৰলে মাতি নি কলে :—“তহঁতে ইয়াত থাকি আন কাৰোবাৰ হতুৱাই খাটনি লগাই মোক লাজত পেলালি। বাৰু মইও চাম, তোৰ বুজৰ-বৰুৱাইনো মোৰ তলত কেনেকৈ বঞ্চে। দিনমণিয়ে হাতযুৰি কলে :– দেউতা ঈশ্বৰ! আমাৰ বুজৰ বৰুৱাক বৰবৰুৱা ঈশ্বৰে পুত্ৰ সদৃশ মৰম কৰে— দেউতা ঈশ্বৰেও সেই দৰে পুত্ৰ সদৃশ মৰম কৰক। ” দিনমণিৰ কথাৰ ধাৰণৰ পৰা বৰফুকনে বুজিলে যে বক্তমল বুজৰ বৰুৱাই ক’ত আওজিছে। তেওঁ মনে মনে থাকিল। কিন্তু ইয়াৰ পিছতে বুজৰ বৰুৱা আৰু দিনমণি উভয়ে আলচ মুকুতি হৈ বৰবৰুৱাৰ ঘৰলৈ গৈ আকৌ ৰূপ ২২৫ টাকা দি এই কথা জনালে।        বৰ বৰুৱাই নিৰ্ভয় দি কলে যে তেওঁ থাকে মানে বৰ ফুকনে বুজৰ বৰুৱাৰ লোমকে লৰাৰ নোৱাৰিব। বুজৰ বৰুৱাই বৰ ৰবৰুৱাৰ এনেকুৱা আশ্বাস পাইও ভবিষ্যতলৈ বৰফুকনৰ পৰা লাঞ্চনা বৈৰিতা পাব বুলি ভাবি বৰফুকনকো ৰংপুৰতে ৰূপ দুশ দি সেৱা জনাইহে বৰফুকনৰ ক্ৰোধৰ লাঘৱ কৰি গুৱাহাটীলৈ উলটী আহি বুজৰ বৰুৱালী বিষয়খান খাব পৰিলে। বুজৰ বৰুৱাক একো কৰিব নোৱাৰি বৰফুকন [ ২৯ ] সেই দিনৰ পৰা কামৰূপীয়া মানুহক অতিপাৎ ঘৃণাৰ চকুৰে চাব ধৰিলে; আৰু সেইদিন ধৰি কামৰূপীয়া মানুহক গধূলি হলেই নগৰ এৰি চাৰি চকিৰ বাহিৰে নিশা থাকিবলৈ আদেশ কৰি কামৰূপীয়াক আগতকৈও লাজ আৰু অপমান দিব ধৰিলে। উপদ্ৰব অত্যাচাৰো আগতকৈ বেচিকৈ কৰিব ধৰিলে।




ষষ্ঠ অধ্যায়
—————

পাঁড়ুৰ বাহৰত মন্ত্ৰণা।

 পিছদিনা ৰাতিপুৱাই পাঁড়ুৰ বাহৰত কামৰূপীয়া চৌধুৰী বৰুৱা সকলে গা-পা তিয়াই ভাত পানী খাই দিহা-দিহি নাও মেলি ঘৰলৈ যোৱাৰ আগেয়ে সকলোজজনেই বৰ নগৰীয়া বুজৰ বৰুৱাৰ বাঁহৰত গোট খাই আগেদিনাৰ কথাটো উলিয়ালে। পোনেই হৰদত্তে কলে:—“বাপ সকল! চাওঁক, আহোমৰ বৰফুকনৰ অত্যাচাৰ। আজি ইমানদিনে আমাক লাজ অপমান দি, আমাৰ ওপৰত অসহনীয় অত্যাচাৰ আৰু উৎপীড়ন কৰিও হেপাহ নপলাই আজি আমাক লৰা ছোৱালী পৰ্য্যন্ত হাতী মেলাই গছকাই মাৰিলে। আমি সুবিচাৰ প্ৰাৰ্থনা কৰাত তাৰেহে আকৌ খঙ উঠি আমাৰ কটা ঘাত