“কেলেই মোৰ ওচৰলৈ আহিছ। " চকিদাৰে এই কথা সোধাত দিনমণিয়ে তেওঁৰ জোলোঙাৰ পৰা ৰূপ পাঁচ টকা উলিয়াই চকিদাৰৰ আগত থই কলে:—“দেউতা! মই আই মাতৃৰ ঘাই লিগিৰী জনীক লগ পাব খোজো। মোক যদি লগ ধৰাই দিয়ে তেন্তে উলটিবৰ পৰত মই আৰু আৰু পাঁচ টকা দি দেউতাক সেৱা জনাম। ” চকিদাৰজনে চিকা ৰূপ পাঁচ টকা পাই আৰু তাকোঁ পাঁচ টকা পাবৰ আশা দেখি দিন মণিক আস্ত-আদৰ কৰি বাটঘৰতে বহুৱাই থই লৰি ভিতৰলৈ গল আৰু ততালিকে বৰ-বৰুৱানীৰ ঘাই লিগিৰী ৰংদৈক মাতি আনি দিনমণিক ভেট কৰালে। ৰংদৈয়ে শুধিলে :—“হেৰ! তই কৰ মানুহ? তোক কি লাগে। দিনিমণিয়ে জোলোঙাৰ পৰা ৰূপ দহ টকা উলিয়াই ৰংদৈৰ আগত থই কলে:—আই! মোক বৰবৰুৱাণী মাতৃক ভেট কৰাই দিব লাগে। যদি মোক ভেট কৰাই দিব পাৰে, তেন্তে যাবৰ পৰত আই তোমাক আৰু পাঁচ টকা ৰূপ দিম। ৰংদৈয়েও ৰূপ দহ টকা পাই দিনমণিক আস্ত-আদৰ কৰি হাউলিৰ ভিতৰলৈ নিলে, আৰু চৰাত বহুৱাই থৈ ভিতৰলৈ গল। সেই সময়ত বৰবৰুৱা ঘৰত নাছিল। বৰবৰুৱাণীয়ে খাই বই উঠি শৰাইত তামোল লৈ বৰপীৰাত বহি তামোল পান, খাই আছিল। এনেতে ৰংদৈ লিগিৰীয়ে গৈ আঠু লৈ জনালে :—“দেউতা ঈশ্বৰী! এজন কামৰূপ কামাখ্যাৰ কিবা বোলে অধিকাৰী মানুহ আহিছে। মানুহটো বৰ ভাল।
পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/২৪
অৱয়ব