পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰজাই কলে :–“বৰফুকনে এনেবিলাক অন্যায় কৰিব ধৰিছেনে? বাৰু, যেতিয়া সময় হব, কাকত যেতিয়া পাম, তেতিয়া মই বুজৰ বৰুৱাৰ পুতেককে বুজৰ বৰুৱা পাতিম। ” এই বুলি কৈ ৰজাই বৰবৰুৱাক বিদায় দিলে।        ইফালে বৰফুকনে তেওঁ লেখি পঠোৱা কাকতৰ হুকুম অহাত পলম হোৱা দেখি নিজে সেই বৰুৱাৰ লৰাটো লগত লৈ ৰংপুৰলৈ আহিল; আৰু যথাসময়ত বাহিৰ চৰাত তিনিউজনা ডাঙৰীয়াৰ লগত বহি অলপ পৰ আন আন কথা পাতি ৰজালৈ জনাই পঠালে যে আগৰ বুজৰ-বৰুৱাজন ধুকুৱাত আৰু তেওঁৰ ঠাইত আন এজন নোহোৱা বাবে তেওঁ কাম চলোৱাত টান পাইছে। তেওঁ যিটো লৰাৰ নিমিত্তে লেখিছে সেই লৰাটোকো লগতে আনিছে। লৰাটো সৎ চৰিত্ৰৰ, আৰু ৰাজভক্ত; কামৰূপীয়া ৰাইজৰ ওপৰতো যথেষ্ট প্ৰতিপত্তি আছে। এতেকে স্বৰ্গদেৱে এই লৰাটোকে বুজৰ-বৰুৱা পাতি চাবেক বুজৰ-বৰুৱাৰ অযোগ্য পুত্ৰ বক্তমলক বৰুৱা পাতি থব পাৰে। চোলাধৰা কাকতিয়ে গৈ ৰজাক বৰফুকনৰ গোহাৰি জনালে। ৰজাই পূৰ্ব্বপ্ৰতিজ্ঞা অনুসৰি আদেশ কৰি পঠালে যে পূৰ্ব্বাবৰ ৰীতিমতে বুজৰ বৰুৱাৰ পুত্ৰ হে বুজৰ বৰুৱা হব। তেওঁ ইটো লৰাক বৰুৱা পাতি লব পাৰে। ৰজাৰ এই আদেশ, চোলাধৰা কাকতিয়ে আহি আঠুলৈ চৰাঘৰত বৰফুকন, বৰৱৰুৱা, বুঢ়া গোহাই, বৰ গোঁহাই এই সকলক জনালে।