এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সেই দিনৰ পৰা কামৰূপীয়া মানুহক অতিপাৎ ঘৃণাৰ চকুৰে চাব ধৰিলে; আৰু সেইদিন ধৰি কামৰূপীয়া মানুহক গধূলি হলেই নগৰ এৰি চাৰি চকিৰ বাহিৰে নিশা থাকিবলৈ আদেশ কৰি কামৰূপীয়াক আগতকৈও লাজ আৰু অপমান দিব ধৰিলে। উপদ্ৰব অত্যাচাৰো আগতকৈ বেচিকৈ কৰিব ধৰিলে।
ষষ্ঠ অধ্যায়
—————
পিছদিনা ৰাতিপুৱাই পাঁড়ুৰ বাহৰত কামৰূপীয়া চৌধুৰী বৰুৱা সকলে গা-পা তিয়াই ভাত পানী খাই দিহা-দিহি নাও মেলি ঘৰলৈ যোৱাৰ আগেয়ে সকলোজজনেই বৰ নগৰীয়া বুজৰ বৰুৱাৰ বাঁহৰত গোট খাই আগেদিনাৰ কথাটো উলিয়ালে। পোনেই হৰদত্তে কলে:—“বাপ সকল! চাওঁক, আহোমৰ বৰফুকনৰ অত্যাচাৰ। আজি ইমানদিনে আমাক লাজ অপমান দি, আমাৰ ওপৰত অসহনীয় অত্যাচাৰ আৰু উৎপীড়ন কৰিও হেপাহ নপলাই আজি আমাক লৰা ছোৱালী পৰ্য্যন্ত হাতী মেলাই গছকাই মাৰিলে। আমি সুবিচাৰ প্ৰাৰ্থনা কৰাত তাৰেহে আকৌ খঙ উঠি আমাৰ কটা ঘাত