এই সকলেও আঠুলৈ আজ্ঞা গ্ৰহণ কৰিলে। বৰফুকন লাজতে কলা-মলা পৰিল। বক্তমল আনন্দিত হল; কিন্তু তাৰ লগে লগে বৰফুকনৰ ৰঙা চকুযোৰ তেওঁৰ চকুৱে চকুৱে পৰিল চৰাৰ পৰা উঠি গৈ বৰফুকনে দিনমণিক নিৰলে মাতি নি কলে :—“তহঁতে ইয়াত থাকি আন কাৰোবাৰ হতুৱাই খাটনি লগাই মোক লাজত পেলালি। বাৰু মইও চাম, তোৰ বুজৰ-বৰুৱাইনো মোৰ তলত কেনেকৈ বঞ্চে। দিনমণিয়ে হাতযুৰি কলে :– দেউতা ঈশ্বৰ! আমাৰ বুজৰ বৰুৱাক বৰবৰুৱা ঈশ্বৰে পুত্ৰ সদৃশ মৰম কৰে— দেউতা ঈশ্বৰেও সেই দৰে পুত্ৰ সদৃশ মৰম কৰক। ” দিনমণিৰ কথাৰ ধাৰণৰ পৰা বৰফুকনে বুজিলে যে বক্তমল বুজৰ বৰুৱাই ক’ত আওজিছে। তেওঁ মনে মনে থাকিল। কিন্তু ইয়াৰ পিছতে বুজৰ বৰুৱা আৰু দিনমণি উভয়ে আলচ মুকুতি হৈ বৰবৰুৱাৰ ঘৰলৈ গৈ আকৌ ৰূপ ২২৫ টাকা দি এই কথা জনালে। বৰ বৰুৱাই নিৰ্ভয় দি কলে যে তেওঁ থাকে মানে বৰ ফুকনে বুজৰ বৰুৱাৰ লোমকে লৰাৰ নোৱাৰিব। বুজৰ বৰুৱাই বৰ ৰবৰুৱাৰ এনেকুৱা আশ্বাস পাইও ভবিষ্যতলৈ বৰফুকনৰ পৰা লাঞ্চনা বৈৰিতা পাব বুলি ভাবি বৰফুকনকো ৰংপুৰতে ৰূপ দুশ দি সেৱা জনাইহে বৰফুকনৰ ক্ৰোধৰ লাঘৱ কৰি গুৱাহাটীলৈ উলটী আহি বুজৰ বৰুৱালী বিষয়খান খাব পৰিলে। বুজৰ বৰুৱাক একো কৰিব নোৱাৰি বৰফুকন
পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/২৮
অৱয়ব