দন্দুৱা দ্ৰোহ/চতুৰ্থ অধ্যায়

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
দন্দুৱা দ্ৰোহ
লেখক ৰজনীকান্ত বৰদলৈ

[ ১৭ ] [ ১৮ ]

পাণ্ডব সকলে মহাপ্ৰস্থানৰ সময়ত এই স্বৰ্গপুৰলৈ আহি পাণ্ডুনাথ বোলা ঠাই ডোখৰত জিৰাই সতাই ব্ৰহ্মপুত্ৰ পাৰ হৈ উত্তৰ কামৰূপেদি ভোটান পাহাড়ৰ মাজেদি হিমালয়লৈ যাত্ৰা কৰিছিল৷ পাণ্ডুনাথৰ মন্দিৰ থকা ঠাই ডোখৰ অতি মনোৰম৷ সমুখত গাতে ব্ৰহ্মপুত্ৰ৷ পূবে কামাখ্যাৰ পাহাড়, পশ্চিমে দক্ষিণে মুকলি৷ নইৰ পাৰত শিলৰ ওপৰত বহি একমনে একধানে ব্ৰহ্মপুত্ৰলৈ চাই থাকা— কত যে ভাব খেলিব৷
            পাঠক! আপোনাসকলৰ অনেকেই ৰেলেৰে কামাখ্য মাতৃৰ পাহাড়ৰ কাষেদি অহা যোৱা কৰিছে, কিন্তু হয়তো আপোনাসকলৰ অনেকেই নাজানে পাণ্ডুৰ চকিনো ক’ত আছিল; পাঠক! মনত কৰক, এতিয়াও পশ্চিমৰ ফাললৈ গলে সোঁহাতে ভুবনেশ্বৰী আৰু কামাক্ষ্যালৈ যোৱা খটখটি৷ ৰেল আলিৰ বাওঁহাতে সেই খিনিতেই এডোখৰ গড়ৰ দৰে ওখ ঠাই আছে৷ ইফালে পাহাড় আৰু সিফালে গড় এই দুই ঠাইৰ মাজ ডোখৰেই আহোম সকলৰ পাণ্ডুৰ চকি আছিল৷ এই ওখ ঠাই ডোখৰতেই আহোম চকীয়ালৰ ঘৰ-দুৱাৰ আছিল৷ গড়ৰ দুয়ো পাৰদ পিতনি৷
            এই গড় পাৰ হৈ নীলাচল বা কামাখ্যা পাহাড়ৰ দাতিয়ে দাতিয়ে উত্তৰ মুখে প্ৰায় এমাইলমান গই থাকিলেই সন্মুখে ব্ৰহ্মপুত্ৰৰ পাৰত সোঁহাতে কামাখ্যা পাহাড়ৰ নামনিতে

[ ১৯ ]

পাণ্ডুনাথৰ মন্দিৰ পাব৷ কামৰূপীয়াসকলে সেই কালত এই মন্দিৰৰ কাষতেই নইৰ পাৰত নিজ নিজ বাহৰ একোডোখৰ সাজি ৰাখিছিল৷ আৰু এই পাণ্ডুনাথৰ ঘটেদিয়েই পাৰ হৈ কেৱে চিলাৰ চকিৰে, কেৱে চেচামুখেৰে নিজ নিজ ঠাইৰ পৰা গুৱাহাটীলৈ অহা-যোৱা কৰিছিল৷ কামৰূপৰ বৰুৱা চোধাৰী সকলে এই বাহৰৰ কাষতে নিজ নিজ নাও ৰাখিছিল৷
            দিনত গুৱাহাটী নগৰত এই ঘটনা হোৱাৰ পিছত গধূলি নৌ হওঁতেই কামৰূপীয়া চৌধাৰী বৰুৱা সকলোটিয়েই বুজৰ বৰুৱা দুজনক আগত লই এই পাণ্ডুৰ বাহৰলৈকে আহিল৷ সেই বাহৰলৈকে আহত হোৱা সকলোকে নিছিল৷ মৃত দেহ বাৰটা চকি পাৰ হৈ কামাখ্যাৰ দাতিৰ নামনিত আগেয়ে পুতি ছিল৷ গধূলি কামৰূপীয়া সকলো জনেই ভাত-পানী একো নাখাই চকুলো টুকি টুকি হা হুমুনিয়াহ কাঢ়ি পৰি থাকিল৷ পিছদিনা সকলোৱে ঘৰাঘৰি যোৱাৰ আগেয়ে খাই বই উঠি আলচ যুকুতি কৰিছিল৷

————