পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/২৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


দেখি দেউতা ঈশ্বৰীয়ে অধৰ্ম্মক ঠাই নিদি এফেৰা ধৰ্ম্ম কৰিব লাগে। স্বৰ্গদেৱ ঈশ্বৰ ৰজাক জনাই ধৰ্ম্ম বিচাৰ কৰোৱাব লাগে।” দিনমণিৰ আচাৰ-ব্যৱহাৰ আৰু তুতি-বাক্যত বৰ-বৰুৱানী সন্তুষ্ট হৈ দিনমণিক তামোল-চালি দিয়াই “বাৰু, মই ৰজাক জনাই বিষয় ৰাখি দিম, তুমি এতিয়া যোৱাগৈ; বিষয় পালে আকৌ আমাক বুজৰবৰুৱাৰে সৈতে দেখা কৰিবাহি” এই কথা কৈ বিদায় দিলে। বৰ-বৰুৱানীৰ এই আশ্বাস বাক্যত আনন্দিত হৈ দিনমণি বহালৈ উলটি ডেকা বৰুৱাক সমস্ত কথা কলে। ডেকা বৰুৱা নিশ্চিন্ত হল। কোৱা বাহুল্য —উলটিবৰ পৰত দিনমণিয়ে ৰংদৈ অাৰু চকিদাৰক প্ৰতিশ্ৰত বাকী ৰূপ দি আগলৈকো সন্তুষ্ট কৰি আহিছিল।        ইফালে বৰ-বৰুৱানীয়ে বৰ-বৰুৱা ৰাজ-মেলৰ পৰা উলটি অহাত ৰোহ ঘৰত পৰিল। বৰ-বৰুৱাই অনুনয় বিনয় কৰি কাৰণ সোধাত কলে যে তেওঁ ( বৰবৰুৱা ) সেই মুহুৰ্ত্তেই ৰজাৰ ওচৰলৈ গৈ বুজৰ-বৰুৱালী বিষয়খন বুজৰবৰুৱাৰ পুত্ৰ বক্তমলক দিয়াব লাগে। তেওঁ যদি নাযায়, তেন্তে তেওঁ নিজে পাল্কি লৈ ৰজাৰ ওচৰলৈ যাব। বৰবৰুৱানীৰ আক্ৰোশ এৰাব নোৱাৰি, দুশ ৰূপ দেখি আৰু কথাটোও ধৰ্ম্ম-সঙ্গত, ন্যায়-সঙ্গত দেখি বৰবৰুৱা তৎক্ষণাৎ ৰজাৰ ওচৰলৈ গল। ৰজাই আস্ত-ব্যস্তকৈ তেনে অসময়ত যোৱাৰ কাৰণ সোধাত বৰ-বৰুৱাই কথাটো ভাঙি পাতি কলে।