পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/২৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


দেউতা ঈশ্বৰীয়ে সেই অধিকাৰী মানুহটো চাব জানো ?” ৰংদৈৰ এই কথাত বৰ-বৰুৱাণীৰ কৌতুক জন্মিল। কামৰূপ কামাখ্যাৰ অধিকাৰী মানুহ বা আকৌ কেনেকুৱা ! এই ভাবি বৰবৰুৱাণী চৰা ঘৰৰ বুলনীলৈ আহি আৰু তাত সজাই থোৱা বৰ-পীৰাত বহিল। আগত তামোলৰ শৰাই অাৰু পিকদান ললে। ৰংদৈক অধিকাৰী (ঢেকেৰী) মানুহটোক আনিবলৈ কলে। ৰংদৈয়ে তৎক্ষণাৎ গৈ দিনমণি পটোৱাৰীক বৰবৰুৱাণীৰ আগলৈ বুলনী ঘৰলৈ আনিলে। দিনমণিয়ে পোনেই আঠু লৈ বৰ-বৰুৱানীক সেৱা কৰিলে আৰু সমুখৰ ঠাইখান হাতেৰে অলপ আটাই-পিতাই গামোছা খান পাতি চিকা ৰূপ দুশ ভাগ বঢ়ালে। বৰ-বৰুৱানীয়ে অতবিলাক ৰূপ দেখি আনন্দিত হল আৰু ৰংদৈৰ হতুৱাই সেই ৰূপ তোলাই শৰাইত লৈ সুধিলে :—“হেৰা ! কামৰূপীয়া অধিকাৰী ! তোমাক কি লাগে কোৱা।” দিনমণিয়ে হাতযুৰি কলে—স্বৰ্গদেৱী ! ঈশ্বৰী ! মাতৃ। আপোনাসকলৰ কামৰূপ কামাখ্যা ৰাজ্যত বৰ অন্যায় অবিধি হৈছে। কামৰূপৰ বুজৰবৰুৱা বোলা ঘাই বিষয়াজন স্বৰ্গদেৱ ৰজাৰ সেৱাতে বৈকুণ্ঠী হল। তেওঁৰ পুত্ৰ বক্তমল ডেকা বৰুৱাই দেউতা ঈশ্বৰসকলৰ পূৰ্ব্বাপৰ ৰীতি মতে সেই বিষয়খান পাব লাগে ; কিন্তু গুৱাহাটীৰ বৰফুকনে সেই বিষয়খান তেওঁক নিদি আন এজনক দিবলৈহে স্বৰ্গদেৱ ঈশ্বৰলৈ লেখিছে। ডেকা বৰুৱা সদ্যহতে ৰংপুৰতে আছে। সেই