দন্দুৱা দ্ৰোহ/দ্বাদশ অধ্যায়

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

[ ৫৭ ]

দ্বাদশ আধ্যায়।
জিকেৰিত।

 ইফালে সেই নিশা পদুমকুমাৰীয়ে মহীৰামক তেওঁৰ প্ৰশ্নৰ কোনো উত্তৰ নিদি সাউত কৰে গুচি যাবৰে পৰা মহীৰামৰ মনত নানা চিন্তা নানা ভাবে তোলপাৰ লগাব ধৰিলে। নিশা কোনোমতে ভাত চাৰি গৰাহমান খাই মহীৰামে শোৱা পাটীত পৰি ভাবিব ধৰিলে।

 পাঠক! মহীৰামৰ ভাবনা-চিন্তাৰ বিষয়ে বৰ্ণনা কৰাৰ আগেয়ে মহীৰামনো কোন, ক’ৰ লৰা, এই বিষয়ে অলপ কলেহে বোধ কৰোঁ কথাটো বিশদ হব। মহীৰামৰ আগৰ [ ৫৮ ] ঘৰ ৰঙ্গিয়াৰ ধনৰা গাৱঁত আছিল। তেওঁ এজন সদ্বংশজাত কলিতাৰ লৰা। বাপেক একালত সেই মৌজাৰে চৌধাৰী আছিল। কুলে, শীল, মানে-মৰ্য্যাদাই, বয়ে-বস্তুয়ে, মাটিয়ে বৃত্তিয়ে, বেটীয়ে-বন্দীয়ে মহীৰামৰ বাপেক হৰদত্ত চৌধাৰী তকৈ কোনো অংশে হীন নাছিল। কিন্তু মহীৰামৰ বাপেকৰ মহীৰামত বাজে আন কোন লৰা-ছোৱালী নাছিল। কালৰ কুটিল গতিত মহীৰামৰ মাক বাপেক উভয়ে বছৰেকৰ আগ-পিছ কৰি মহীৰামক দুবছৰীয়া কেচুৱা অৱস্থাতে মাউৰা কৰি পৰলোকলৈ গইছিল। গাৱৰ মানুহে আন কি মহীৰামৰ নিজা বৰবাপেকেও মহাৰামৰ প্ৰতিপালনৰ ভাৰ গাত লবলৈ আগ বাঢ়িব নোৱাৰিলে! সেই কালত জিকেৰিৰ হৰদত্ত চৌধাৰীয়েই প্ৰতাপী আছিল। কিন্তু প্ৰতাপী হলেও হৰদত্তৰ মহৎ গুণ এটা আছিল এই যে তেওঁ স্বজাতি আৰু স্বদেশৰ নিমিত্তে পৰি মৰা বিধৰ মানুহ আছিল। সেই দেখি মহীৰামক মাউৰা পাই হৰদত্ত নিজ জাতৰ আন আন সকলোৰে সন্মতি ক্ৰমে নিজৰ ঘৰলৈ আনিছিল আৰু সেই অকালন অবস্থাৰে পৰা তুলি-তালি ডাঙ্গৰ দীঘল কৰিছিল। অবশ্যে হৰদত্ত চৌধাৰীয়ে মহীৰামৰ লগতে মহীৰামৰ বেটী বন্দী চাৰি ঘৰকো তুলি আনিছিল আৰু মহীৰামৰ মাটি-বৃত্তিবিলাকো চলাইছিল! সেই দুবছৰীয়া বয়সৰে পৰা মহীৰামক হৰদত্তই পিতৃৰ দৰে মৰম কৰিছিল। নিজৰ সন্তানাদি তেওঁৰ ভালেমান বছৰ বয়সলৈকে নোপজা [ ৫৯ ]

দেখি চৌধাৰীৰে একো একো সময়ত মনতে মহীৰামক পোষ্য পুত্ৰ কৰিবলৈকো ভাব কৰিছিল; কিন্তু পিচত কন্যা এফেৰা জন্মিবৰে পৰা সেই ভাব এৰি মহীৰামক নিজৰ এজন যেন ভাবিয়েই মৰম কৰিছিল। পদ্মকুমাৰী উপজি খোজ কাঢ়ি লৰি ফুৰিব পৰা হবৰে পৰা মহীৰাম পদ্মকুমাৰীৰ খেলৰ লগৰীয়া হৈছিল। পদ্মকুমাৰীতকৈ মহীৰাম পাঁচ বছৰ বয়সৰ ডাঙ্গৰ আছিল। সৰুৰে পৰা মহীৰামে পদুমে একেলগে খেলিছিল; একেলগে ফুৰিছিল, একেলগে ফুলনিলৈ গই ফুল চিঙিছিল আৰু পখিলা খেদি ফুৰিছিল। পদ্মকুমাৰীয়ে মহীৰামক মহী দা বুলি মাতিছিল। লৰা-ছোৱালী হালেই যেন এক ঠাৰিতে লগা এযুৰি ফুলহে। মহীৰামে বয়স হলত নিজৰ বেটী-বন্দী কেইজনীৰ পৰা জানিছিল যে তেওঁ মাউৰা; চৌধাৰীৰ তোলনীয়া লৰাহে। তেওঁৰ আচল ঘৰ মাটি-বৃত্তি ধৰোতহে। মহীৰামে এই বিলাক কথা জনা হলতো হৰদত্ত চৌধাৰীক পিতৃৰূপে আৰু তেওঁৰ পত্নীক মাতৃৰূপে মানিছিল।
      সেই নিশা খাই উঠি পাটীত পৰি মহীৰামে ভাবিছিল— “মোৰ দেখোন ইহ সংসাৰত আই, ভাই বোপাই কেৱে নাই সৰুৰে পৰা মোক চৌধাৰীয়েই মৰম কৰি ভাত কাপোৰ দি পুত্ৰ সদৃশে লালন-পালন কৰি ডাঙ্গৰ দীঘল কৰিছে। সৰুৰে পৰা মই পদুমক খেলাৰ লগৰী পাইছো। আগেয়ে দেখোন পদুমে মোৰ আগত কোনা লাজ কোনা ভয় কৰা

[ ৬০ ] নাছিল। এতিয়া আজি বছৰেকৰ পৰানো পদুমৰ কি হল? তেওঁ দেখোন আজি কালি সমধালে নোলায়ো আৰু নামাতেও। চৌধাৰী চৌধাৰীণীয়ে কিবা হকা-বধা কৰিছেনে কি? হকা-বধা কৰিবৰো দেখোন একো কাৰণ নেদেখোঁ। আগেয়ে দেখোন তেওঁবিলাকে কোনো হকা-বধা কৰা নাছিল। এতিয়ানো কিয় কৰিব? বাৰু মোৰ মনেনো কি কয়! কচোন মন! তইনো পদুমক নেদেখিলে, পদুমে সৈতে কথা-বতৰা পাতিব নাপালে, কিয় বেয়া পাওৱ? পদুমনো তোৰ কোন? কিয়! সৰুৰে পৰা তেওঁ দেখোন খেলাৰ লগৰী। ফুলনিত ফুল চিঙ্গি ফুৰাৰ জীঁয়া আৰু পখিলা ধৰাৰ লগৰী বাটত ধুলি-বালিৰে ওমোলাৰো লগৰী পদুম দেখোন মোৰ আপোন! পদুমক মই ভাল পাওঁ— নাপাইও নোৱাৰো। বাৰু! পদুমেনো মোক ভাল পায়নে? কিয়নো ভাল নাপাব! তাহানিখন দেখোন উমলি জামলি ফুৰোঁতে কেতিয়াবা মই ধেমালি কৰি সোধাত পদুমে দেখোন কইছিল, “মহী দা। মই তোমাক ভাল পাওঁ। ” পদুমেনো এইবাৰ মিছাকৈয়ে কইছিল নে? মিছা কবৰতো কোনো কাৰণ নাই। তেনেহলেনো পদুমে আজি-কালি মোৰ ওচৰ নচাপে কিয়! মই কেতিয়াবা টান মুখে কিবা কৈছিলোনে কি? কতা দেখোন মনত নপৰে। লৰালি কালত তেওঁ মোক কিমান দিগ কৰিছিল তথাপি মইতো এদিনলৈকে টান মুখে কোনো কথা কোৱা [ ৬১ ] নাই। তেন্তেনো কিয়, পদুমে এনেকুৱা কৰে? পদুমে আজি কালি মোক ভাল নাপায়নে কি? কিয়নো নাপায়? কি জানি পদুমে জানিছে—মই চপনীয়া, মাক বাপেকৰ তোলনীয়া লৰাহে; তেওঁলোকৰ আপোন লৰা নহওঁ— সেই বাবেই পদুমে এতিয়া জনা বুজা হোৱাত মোলৈ এইদৰে অবহেলা ভাব দেখুৱাব ধৰিছে হবলা। অৱশ্যে মই পৰৰ লৰা। কিন্তু পদুমৰ দেখোন এতিয়ালৈকে আপোন-পৰ এনেকুৱা ভাব নাই। তেন্তেনো কিয় পদুমে আজি মোৰ লগত এই দৰে ব্যৱহাৰ কৰিলে! ইওতো হব পাৰে যে পদুম জীয়াৰী ছোৱালী, এজনলৈ বিয়া দিবই লাগিব। সেই দেখিয়েই হবলা লাজ কৰাত পৰিছে। ক’তা? সেই বিষয়েও দেখোন কতো সম্বন্ধ স্থিৰ কৰা নাই। মন স্থিৰ হ। হৃদয়, ধৈৰ্য্য ধৰ। বাৰু! মোৰ মননো পদুমীলৈ কেনেকুৱা! সদায়নো মোৰ মনটোৱে পদুমীক চাই থাকিবলৈ, তেওঁৰ লগত কথা বতৰা হবলৈ কিয় ইচ্ছা কৰে। মই দেঁখোন মাউৰা। পদুমীৰ মাক বাপেক দদায়েক সকলো আছে। তেওঁ ডাঙ্গৰৰ ঘৰৰ জীয়াৰী। মোৰ যোৰ নহয় ছাগৈ—সেইবাবেই কি জানি পদুমীয়ে আজি-কালি মোক হেয় কৰে। ইত্যাদি নানা কথা ভাবি ভাবনাৰ একো ওৰ পেলাব নোৱাৰি মহীৰামে দীঘলকৈ এটা হুমুনিয়া কাঢ়ি ঢাৰি-পাটীত শুই পৰিল। নিদ্ৰা দেবীয়ে বোধ কৰো মহীৰামৰ সকলো দুখ-ভাগৰ-চিন্তাৰ সেই নিশালৈ ওৰ পেলালে।