পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৫৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


বা দুটি মানুহে যাব নোৱাৰিছিল—বাটত বাঘৰ ভয়, বাটটো নিৰ্জ্জন ; কিন্তু দৃশ্য হলে মনোৰম। আমাৰ হৰদত্ত চৌধাৰীয়ে লগত সেই বামাচাৰী তান্ত্ৰিক জনক লই এই বাটে দিয়েই এই মন্দিৰলৈ আহিছিল আৰু আগৰে পৰা নিৰ্দিষ্ট কৰি থোৱা ঘৰটিত আশ্ৰয় লইছিল। আশ্ৰয় লোৱাৰ পূৰ্ব্বেই অৱশ্যে তেওঁ মন্দিৰৰ ভিতৰত থকা শিব মূৰ্ত্তিক, মদন কামদেৱৰ মূৰ্ত্তিক সেৱা সৎকাৰ কৰিছিল।

_______




দ্বাদশ অধ্যায়।

________


জিকেৰিত।

ইফালে সেই নিশা পদুমকুমাৰীয়ে মহীৰামক তেওঁৰ প্ৰশ্নৰ কোনো উত্তৰ নিদি সাউত কৰে গুচি যাবৰে পৰা মহীৰামৰ মনত নানা চিন্তা নানা ভাবে তোলপাৰ লগাব ধৰিলে। নিশা কোনোমতে ভাত চাৰি গৰাহমান খাই মহীৰামে শোৱা পাটীত পৰি ভাবিব ধৰিলে।
       পাঠক ! মহীৰামৰ ভাবনা-চিন্তাৰ বিষয়ে বৰ্ণনা কৰাৰ আগেয়ে মহীৰামনা কোন, ক’ৰ লৰা, এই বিষয়ে অলপ কলেহে বোধ কৰোঁ কথাটো বিশদ হব। মহীৰামৰ আগৰ