মন্ত্ৰীৰ ওচৰলৈ বিচাৰ প্ৰাৰ্থনা কৰি পঠালো—তাতো আমাৰ নিষ্ফল হল। মোৰ বিবেচনাৰে হলে এই অন্যায়ৰ বিচাৰ আমাৰ নিজৰ হাতত লোৱাই ভাল; মোৰ বিবেচনাৰে হলে আহোমৰ দিন উকলিল। এওঁলোকৰ ৰাজা আৰু নাথাকে। এওঁলোকৰ ভিতৰ ফোফোলা হৈছে। এতিয়া আমাৰ কি কৰা উচিত, আপোনালোকেই থিৰ কৰক”। তেওঁৰ এই কথাত কমাৰ কুচীয়া বৰুৱাই উঠি কলে :—
“বাপসকল ৰাইজসকল! আমাৰ হৰদত্ত চৌধাৰীয়ে যি কলে তাক আপোনাসকলে শুনিলে। আমাৰ কামৰূপীয়াৰ গাত এনেকুৱা তেজ নোহোৱা হল নে যে আমি এইদৰে স্ত্ৰী-বধ, শিশুবধৰো কোনো প্ৰতিকাৰ নকৰি মনে মনে বহি থাকিব লগীয়াত পৰিলো। দুখৰ বিষয়! যি ৰক্তমল বুজৰবৰুৱাৰ নিমিত্তেই কামৰূপত বৰফুকনৰ অত্যাচাৰ এইদৰে বাঢ়িছে, আজি সেই ৰক্তমল বৰুৱায়ে এই সমাজত নাই। তেওঁ বৰফুকনলৈ ভয় কৰি নাহিল। যি কি নহওক, মোৰ মনেৰে হলে আমাৰ বৰফুকনক উঠাই দিয়াই ভাল। আমি আৰু তেওঁক আজিৰে পৰা কোনো কৰ-কাটল নিদিওঁ। ৰণ কৰে যদি ৰণ কৰিম। আমাৰ প্ৰত্যেকজনা চৌধাৰী আৰু বৰুৱাই এতিয়াৰে পৰা বয় বস্তু গোটাওক; সৈন্য সামন্ত শিকাওক। আমাৰ কামৰূপৰ ইমান প্ৰজা। আহোম আৰু অহমীয়ানো কেইটা? আমি ৰণ ধৰিলে এই সময়ত উজনীৰ পৰা আহোম ৰণুৱা আহিব নোৱাৰে—যিহেতু সিফালে তলি উদং। আহোমে সেই চাৰিটা মোৱামৰীয়াকে বলে পৰা নাই। আমাৰ মানুহ এক হৈ গোট-পিট খালে বৰফুকন নো কেই পানীৰ মাছ"?
কমাৰকুচীয়াৰ কথা শেষ হলত ধৰ্ম্মপুৰীয়া চৌধাৰীয়ে উঠি কলে:—“বাপসকল! ময়ো কথা এটা কওঁ। আমাৰ হিন্দুৰ হঠাতে একেলগ হৈ কাম কৰা টান। আহোমেৰে সৈতে ৰণ কৰি আমি জিকিব পাৰিম নে? আমাৰ কি জানি শেহত আৰু দুৰ্গতিহে হয়।
তেওঁৰ এই কথাত বীৰদত্ত উঠি বীৰ দৰ্পেৰে কলে:—
“ধৰ্ম্মপুৰীয়া চৌধাৰি! আপুনি কিয় এনেকুৱা নিৰাশাৰ কথা কয়? আপুনি নাজানে নে আমাৰ কামৰূপত কিমান মানুহ! তদুপৰি আমাক দৰঙ্গৰ ৰজা কৃষ্ণনাৰায়ণেও সহায় কৰিব। বাস্কাৰ চৌধাৰী সকলে আমাক কছাৰী ৰণুৱা দিব। আমি কাইথ কলিতা আগৰ ক্ষত্ৰিয় নহওঁনে? আমি ইমান কাপুৰুষ হলো নে যে আহোমৰ