পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৬১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


নাই। তেন্তেনো কিয়, পদুমে এনেকুৱা কৰে ? পদুমে আজি কালি মোক ভাল নাপায়নে কি ? কিয়নো নাপায় ? কি জানি পদুমে জানিছে—মই চপনীয়া, মাক বাপেকৰ তোলনীয়া লৰাহে ; তেওঁলোকৰ আপোন লৰা নহওঁ— সেই বাবেই পদুমে এতিয়া জনা বুজা হোৱাত মোলৈ এইদৰে অবহেলা ভাব দেখুৱাব ধৰিছে হবলা। অৱশ্যে মই পৰৰ লৰা। কিন্তু পদুমৰ দেখোন এতিয়ালৈকে আপোন-পৰ এনেকুৱা ভাব নাই। তেন্তেনো কিয় পদুমে আজি মোৰ লগত এই দৰে ব্যৱহাৰ কৰিলে ! ইওতো হব পাৰে যে পদুম জীয়াৰী ছোৱালী, এজনলৈ বিয়া দিবই লাগিব। সেই দেখিয়েই হবলা লাজ কৰাত পৰিছে। ক’তা ? সেই বিষয়েও দেখোন কতো সম্বন্ধ স্থিৰ কৰা নাই। মন স্থিৰ হ। হৃদয়, ধৈৰ্য্য ধৰ। বাৰু ! মোৰ মননো পদুমীলৈ কেনেকুৱা ! সদায়নো মোৰ মনটোৱে পদুমীক চাই থাকিবলৈ, তেওঁৰ লগত কথা বতৰা হবলৈ কিয় ইচ্ছা কৰে। মই দেঁখোন মাউৰা। পদুমীৰ মাক বাপেক দদায়েক সকলো অাছে। তেওঁ ডাঙ্গৰৰ ঘৰৰ জীয়াৰী। মোৰ যোৰ নহয় ছাগৈ—সেইবাবেই কি জানি পদুমীয়ে আজি-কালি মোক হেয় কৰে। ইত্যাদি নানা কথা ভাবি ভাবনাৰ একো ওৰ পেলাব নোৱাৰি মহীৰামে দীঘলকৈ এটা হুমুনিয়া কাঢ়ি ঢাৰি-পাটীত শুই পৰিল। নিদ্ৰা দেবীয়ে বোধ কৰো মহীৰামৰ সকলো দুখ-ভাগৰ-চিন্তাৰ সেই নিশালৈ ওৰ পেলালে।