সমললৈ যাওক

দন্দুৱা দ্ৰোহ/একাদশ অধ্যায়

ৱিকিউৎসৰ পৰা

[ ৫৫ ] [ ৫৬ ] সেই দেখি আমি আহোম ৰজা আৰু মন্ত্ৰিৰ পৰা যে কিবা সুবিচাৰ পাম তাৰ আশা নাই। আপোনাসকলে ভাবি চাওক,গুৱাহাটীৰ বৰফুকন সকলে আমাক আজি অত দিনৰে পৰা কি দৰে ব্যৱহাৰ কৰি আহিছে। কেবল লাচিত বৰফুকনত বাজে আমি আজি কেবা পুৰুষৰে পৰা তেনেকুৱা ন্যায় পৰায়ণতা আৰু সুবিচাৰ পোৱা নাই। তেওঁ আমাৰ পূৰ্বপুৰুষসকলক মৰম কৰি, বিশ্বাস কৰি চলোৱাৰ বাবে আমাৰ পূৰ্বপুৰুষ সকলেও সেইজনা বৰফুকনক মোগলৰ যুঁজত প্ৰাণপণে সহায় কৰিছিল, আৰু তেনেকুৱা সহায়ৰ ফলতেই সেইজনা বৰফুকনে অতি প্ৰতাপী মোগলকো ঘটুৱাই ওফৰাই পঠিয়াইছিল। কিন্তু তেওঁৰ পাছৰে পৰা হোৱা দুৰ্ব্বলী স্বাৰ্থপৰ বৰফুকন সকলৰ অত্যাচাৰলৈ মন কৰক। আমাক উঠোতে ঢেকেৰী বহোঁতে ঢেকেৰী এনেকুৱা অপমানসূচক সম্বোধন কৰাৰটো লেখ জোখেই নাই, তদুপৰি আহোমৰ সামান্য টেকেলা এটাৰে পৰা বৰফুকনলৈকে আমাৰ পৰা ভেটী খোৱাৰো সীমা সংখ্যা নাই। আন কি, আমাৰ কেৱে হাতত কেৰেলা বেঙেনা এঠুকি লই মিতিৰ খাব গলেও বাটত আহোমৰ চাওডাঙ টেকেলাই পালে তাকো কাঢ়ি নিয়ে। চাদকুচীয়া বুজৰবৰুৱা ঢুকাওঁতে বৰফুকনে সোপাসোপে ভেটী খাই সেই বিষয় খান আন এজনক দিব খুজিছিল; কিন্তু ৰক্তমল বৰুৱাই জানিবা দিনমনি পটোৱাৰীৰ সহায়ত সেইটো হব নিদিলে; নিজৰ পিতৃকলীয়া বিষয় বৰফুকনে সৈতে যুঁজিও ৰাখিলে। তাৰ ফল হল যে বুজৰবৰুৱাক বলে নোৱাৰি সেইদিন ধৰি বৰফুকনে নিজৰ খঙ আমাৰ কামৰূপীয়াৰ ওপৰত জাৰি কৰিছে। সেই দিন ধৰি আমাৰ ওপৰত অত্যাচাৰ দহগুণে বাঢ়িছে। আমি কামৰূপী বৰফুকন আৰু তেওঁৰ আহোম আৰু অহমীয়া মানুহৰ মনত ইমান অবিশ্বাসী হলো যে আন কি নিশা আমি গুৱাহাটীত থাকিব নোৱাৰোঁ, চাৰি চকিব বাজ হৈহে থাকিব লাগে! বাপসকল! ৰাইজ সকল! ইয়াতকৈ আৰু আমাক অপমান লাগে নে? এই বিলাক কৰিও হেঁপাহ নপলাল। এইবাৰ ৰং চাবলৈ আমাক মাতি নি আমাৰ নিৰাপৰাধী লৰা-ছোৱালী কেতবিলাকক পুতেক দুটাৰ হতুয়াই হাতী মেলাই গছকাই মাৰিলে। বিচাৰ প্ৰাৰ্থনা কৰাত উলটি ঢেকেৰী সম্বোধন আৰু নানা গালি গালাজ হে কৰিলে। হায়! আমাৰ কামৰূপীয়াৰ এনেকুৱাহে কপাল নে? ৰজা আৰু [ ৫৭ ] মন্ত্ৰীৰ ওচৰলৈ বিচাৰ প্ৰাৰ্থনা কৰি পঠালো—তাতো আমাৰ নিষ্ফল হল। মোৰ বিবেচনাৰে হলে এই অন্যায়ৰ বিচাৰ আমাৰ নিজৰ হাতত লোৱাই ভাল; মোৰ বিবেচনাৰে হলে আহোমৰ দিন উকলিল। এওঁলোকৰ ৰাজা আৰু নাথাকে। এওঁলোকৰ ভিতৰ ফোফোলা হৈছে। এতিয়া আমাৰ কি কৰা উচিত, আপোনালোকেই থিৰ কৰক”। তেওঁৰ এই কথাত কমাৰ কুচীয়া বৰুৱাই উঠি কলে :—

 “বাপসকল ৰাইজসকল! আমাৰ হৰদত্ত চৌধাৰীয়ে যি কলে তাক আপোনাসকলে শুনিলে। আমাৰ কামৰূপীয়াৰ গাত এনেকুৱা তেজ নোহোৱা হল নে যে আমি এইদৰে স্ত্ৰী-বধ, শিশুবধৰো কোনো প্ৰতিকাৰ নকৰি মনে মনে বহি থাকিব লগীয়াত পৰিলো। দুখৰ বিষয়! যি ৰক্তমল বুজৰবৰুৱাৰ নিমিত্তেই কামৰূপত বৰফুকনৰ অত্যাচাৰ এইদৰে বাঢ়িছে, আজি সেই ৰক্তমল বৰুৱায়ে এই সমাজত নাই। তেওঁ বৰফুকনলৈ ভয় কৰি নাহিল। যি কি নহওক, মোৰ মনেৰে হলে আমাৰ বৰফুকনক উঠাই দিয়াই ভাল। আমি আৰু তেওঁক আজিৰে পৰা কোনো কৰ-কাটল নিদিওঁ। ৰণ কৰে যদি ৰণ কৰিম। আমাৰ প্ৰত্যেকজনা চৌধাৰী আৰু বৰুৱাই এতিয়াৰে পৰা বয় বস্তু গোটাওক; সৈন্য সামন্ত শিকাওক। আমাৰ কামৰূপৰ ইমান প্ৰজা। আহোম আৰু অহমীয়ানো কেইটা? আমি ৰণ ধৰিলে এই সময়ত উজনীৰ পৰা আহোম ৰণুৱা আহিব নোৱাৰে—যিহেতু সিফালে তলি উদং। আহোমে সেই চাৰিটা মোৱামৰীয়াকে বলে পৰা নাই। আমাৰ মানুহ এক হৈ গোট-পিট খালে বৰফুকন নো কেই পানীৰ মাছ"?

 কমাৰকুচীয়াৰ কথা শেষ হলত ধৰ্ম্মপুৰীয়া চৌধাৰীয়ে উঠি কলে:—“বাপসকল! ময়ো কথা এটা কওঁ। আমাৰ হিন্দুৰ হঠাতে একেলগ হৈ কাম কৰা টান। আহোমেৰে সৈতে ৰণ কৰি আমি জিকিব পাৰিম নে? আমাৰ কি জানি শেহত আৰু দুৰ্গতিহে হয়।

 তেওঁৰ এই কথাত বীৰদত্ত উঠি বীৰ দৰ্পেৰে কলে:—

“ধৰ্ম্মপুৰীয়া চৌধাৰি! আপুনি কিয় এনেকুৱা নিৰাশাৰ কথা কয়? আপুনি নাজানে নে আমাৰ কামৰূপত কিমান মানুহ! তদুপৰি আমাক দৰঙ্গৰ ৰজা কৃষ্ণনাৰায়ণেও সহায় কৰিব। বাস্কাৰ চৌধাৰী সকলে আমাক কছাৰী ৰণুৱা দিব। আমি কাইথ কলিতা আগৰ ক্ষত্ৰিয় নহওঁনে? আমি ইমান কাপুৰুষ হলো নে যে আহোমৰ