পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৫৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


ঘৰ ৰঙ্গিয়াৰ ধনৰা গাৱঁত আছিল। তেওঁ এজন সদ্বংশজাত কলিতাৰ লৰা। বাপেক একালত সেই মৌজাৰে চৌধাৰী আছিল। কুলে, শীল, মানে-মৰ্য্যাদাই, বয়ে-বস্তুয়ে, মাটিয়ে বৃত্তিয়ে, বেটীয়ে-বন্দীয়ে মহীৰামৰ বাপেক হৰদত্ত চৌধাৰী তকৈ কোনো অংশে হীন নাছিল। কিন্তু মহীৰামৰ বাপেকৰ মহীৰামত বাজে আন কোন লৰা-ছোৱালী নাছিল। কালৰ কুটিল গতিত মহীৰামৰ মাক বাপেক উভয়ে বছৰেকৰ আগ-পিছ কৰি মহীৰামক দুবছৰীয়া কেচুৱা অৱস্থাতে মাউৰা কৰি পৰলোকলৈ গইছিল। গাৱৰ মানুহে আন কি মহীৰামৰ নিজা বৰবাপেকেও মহাৰামৰ প্ৰতিপালনৰ ভাৰ গাত লবলৈ আগ বাঢ়িব নোৱাৰিলে ! সেই কালত জিকেৰিৰ হৰদত্ত চৌধাৰীয়েই প্ৰতাপী আছিল। কিন্তু প্ৰতাপী হলেও হৰদত্তৰ মহৎ গুণ এটা আছিল এই যে তেওঁ স্বজাতি আৰু স্বদেশৰ নিমিত্তে পৰি মৰা বিধৰ মানুহ আছিল। সেই দেখি মহীৰামক মাউৰা পাই হৰদত্ত নিজ জাতৰ আন আন সকলোৰে সন্মতি ক্ৰমে নিজৰ ঘৰলৈ আনিছিল আৰু সেই অকালন অবস্থাৰে পৰা তুলি-তালি ডাঙ্গৰ দীঘল কৰিছিল। অবশ্যে হৰদত্ত চৌধাৰীয়ে মহীৰামৰ লগতে মহীৰামৰ বেটী বন্দী চাৰি ঘৰকো তুলি আনিছিল আৰু মহীৰামৰ মাটি-বৃত্তিবিলাকো চলাইছিল ! সেই দুবছৰীয়া বয়সৰে পৰা মহীৰামক হৰদত্তই পিতৃৰ দৰে মৰম কৰিছিল। নিজৰ সন্তানাদি তেওঁৰ ভালেমান বছৰ বয়সলৈকে নোপজা