পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নাছিল। এতিয়া আজি বছৰেকৰ পৰানো পদুমৰ কি হল? তেওঁ দেখোন আজি কালি সমধালে নোলায়ো আৰু নামাতেও। চৌধাৰী চৌধাৰীণীয়ে কিবা হকা-বধা কৰিছেনে কি? হকা-বধা কৰিবৰো দেখোন একো কাৰণ নেদেখোঁ। আগেয়ে দেখোন তেওঁবিলাকে কোনো হকা-বধা কৰা নাছিল। এতিয়ানো কিয় কৰিব? বাৰু মোৰ মনেনো কি কয়! কচোন মন! তইনো পদুমক নেদেখিলে, পদুমে সৈতে কথা-বতৰা পাতিব নাপালে, কিয় বেয়া পাওৱ? পদুমনো তোৰ কোন? কিয়! সৰুৰে পৰা তেওঁ দেখোন খেলাৰ লগৰী। ফুলনিত ফুল চিঙ্গি ফুৰাৰ জীঁয়া আৰু পখিলা ধৰাৰ লগৰী বাটত ধুলি-বালিৰে ওমোলাৰো লগৰী পদুম দেখোন মোৰ আপোন! পদুমক মই ভাল পাওঁ— নাপাইও নোৱাৰো। বাৰু! পদুমেনো মোক ভাল পায়নে? কিয়নো ভাল নাপাব! তাহানিখন দেখোন উমলি জামলি ফুৰোঁতে কেতিয়াবা মই ধেমালি কৰি সোধাত পদুমে দেখোন কইছিল, “মহী দা। মই তোমাক ভাল পাওঁ। ” পদুমেনো এইবাৰ মিছাকৈয়ে কইছিল নে? মিছা কবৰতো কোনো কাৰণ নাই। তেনেহলেনো পদুমে আজি-কালি মোৰ ওচৰ নচাপে কিয়! মই কেতিয়াবা টান মুখে কিবা কৈছিলোনে কি? কতা দেখোন মনত নপৰে। লৰালি কালত তেওঁ মোক কিমান দিগ কৰিছিল তথাপি মইতো এদিনলৈকে টান মুখে কোনো কথা কোৱা