পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দেখি চৌধাৰীৰে একো একো সময়ত মনতে মহীৰামক পোষ্য পুত্ৰ কৰিবলৈকো ভাব কৰিছিল; কিন্তু পিচত কন্যা এফেৰা জন্মিবৰে পৰা সেই ভাব এৰি মহীৰামক নিজৰ এজন যেন ভাবিয়েই মৰম কৰিছিল। পদ্মকুমাৰী উপজি খোজ কাঢ়ি লৰি ফুৰিব পৰা হবৰে পৰা মহীৰাম পদ্মকুমাৰীৰ খেলৰ লগৰীয়া হৈছিল। পদ্মকুমাৰীতকৈ মহীৰাম পাঁচ বছৰ বয়সৰ ডাঙ্গৰ আছিল। সৰুৰে পৰা মহীৰামে পদুমে একেলগে খেলিছিল; একেলগে ফুৰিছিল, একেলগে ফুলনিলৈ গই ফুল চিঙিছিল আৰু পখিলা খেদি ফুৰিছিল। পদ্মকুমাৰীয়ে মহীৰামক মহী দা বুলি মাতিছিল। লৰা-ছোৱালী হালেই যেন এক ঠাৰিতে লগা এযুৰি ফুলহে। মহীৰামে বয়স হলত নিজৰ বেটী-বন্দী কেইজনীৰ পৰা জানিছিল যে তেওঁ মাউৰা; চৌধাৰীৰ তোলনীয়া লৰাহে। তেওঁৰ আচল ঘৰ মাটি-বৃত্তি ধৰোতহে। মহীৰামে এই বিলাক কথা জনা হলতো হৰদত্ত চৌধাৰীক পিতৃৰূপে আৰু তেওঁৰ পত্নীক মাতৃৰূপে মানিছিল।
      সেই নিশা খাই উঠি পাটীত পৰি মহীৰামে ভাবিছিল— “মোৰ দেখোন ইহ সংসাৰত আই, ভাই বোপাই কেৱে নাই সৰুৰে পৰা মোক চৌধাৰীয়েই মৰম কৰি ভাত কাপোৰ দি পুত্ৰ সদৃশে লালন-পালন কৰি ডাঙ্গৰ দীঘল কৰিছে। সৰুৰে পৰা মই পদুমক খেলাৰ লগৰী পাইছো। আগেয়ে দেখোন পদুমে মোৰ আগত কোনা লাজ কোনা ভয় কৰা