পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ত্ৰয়োদশ আধ্যায়
মদন কামদেবত

       মদন কামদেবত উপস্থিত হবৰ পিছ দিনা হৰদত্তে বামাচাৰী তান্ত্ৰিক জনক কলে: —“বাবা! আজিৰে পৰা পুৰশ্ছৰণ আৰম্ভ কৰিম নে?”
       বামাচাৰী—“বাবা! আজি তিথি, বাৰ, নক্ষত্ৰ ভাল নহয়। বিশেষ, মন্দিৰত বহি পুৰশ্ছৰণ কৰাৰ আগেয়ে তুমি শৱ-সাধন কৰিব লাগিব। ”
       হৰদত্ত—“বাবা। শৱ-সাধন তো বৰ কঠিন কাম। প্ৰথমতঃ মোৰ উত্তৰ সাধক নো কোন হব; দ্বিতীয়তঃ শৱ ক’ত পাম? আৰু শেহত এই শৱ-সাধনৰ ফলেই বা কি হ’ব?”
       বামাচাৰী—“বাবা! বীৰ হবলৈ গ’লে এনেকুৱা কঠিন কাম কৰি তাৰ পিছত পুৰশ্ছৰণ কৰিহে সিদ্ধি লভিব লাগিব। ইন্দ্ৰিয় অৰ্থাৎ কামৰিপু দমন কৰিবলৈ হলে শাক্তই লতা-সাধন কৰিব লাগে। বীৰ হবলৈ ইচ্ছা কৰিলে শাক্তই শৱ-সাধন কৰিব লাগে। তুমি শাক্ত, শক্তি উপাসক। সাধাৰণ ভাবে থাকিব খোজা হলে তুমি অকল শুদ্ধাচাৰত থাকিয়েই পুৰশ্ছৰণ কৰিব পাৰিলা হেতেন। কিন্তু তোমাৰ উদ্দেশ্য হইছে নিজে বীৰত্ব লভি তোমাৰ
কামৰূপ ৰাজ্যক আহোমৰ হাতৰ পৰা উদ্ধাৰ কৰাটো।